Monday, September 19, 2016
Saturday, September 3, 2016
Left-Right only plight
ৰাজনীতিত আদৰ্শ থাকিলে পয়মাল লাগিবই কাৰণ ৰাজনীতি নিজেই এটা নষ্ট আদৰ্শ। সোঁ আদৰ্শ বা বাওঁ আদৰ্শৰ নামত চিন্তাশীল মানুহবোৰৰ মাজত যুঁজ চলি থাকিব, দুটা বিয়াগোম দুৰ্গ হ'ব তাৰ পিছত বোকাময় দশোদিশ। পৰিণাম শকত-আৱত এটা নিপোতল শূণ্য। কি সোঁ, কি বাওঁ সকলোবোৰকে জানো 'আদৰ্শ' নোবোলে? দুয়োপক্ষৰ দুয়োপক্ষৰ আদৰ্শৰ প্রতি আদৰ্শৰ তাগিদাত সেয়েহে ন্যনুতম শ্রদ্ধাবোধ থকা উচিত। এজাক মৌ-মাখিৰ দৰে মানুহৰ দল লাগে যি ফুলবোৰৰ আকাৰ, প্রকাৰ, ধৰণ কৰণত সময় অপচয় কৰতকৈ তাৰ মিঠাবোৰ গোটাই এখন ধুনিয়া মৌচাক বনোৱাতহে গুৰুত্ব দিয়ে। হয়তো বহুতে কৰিওঁ আছে এই কাম অলক্ষিতে, গোপনে যাৰ বাবে সমাজখন আজিওঁ ইমান বিশৃংখলতাৰ মাজতো সুন্দৰকৈ বৰ্তি আছে।
পশুত্ব মনুষ্যত্বৰ এৰাব নোৱাৰা চৰিত্র নেকি?
পৰিস্থিতি সাপেক্ষে সাজু হ’বলৈ এটি পশু চৰিত্র মানুহৰ মগজুত সদা সচেতন হৈ থাকে আৰু এই চৰিত্র জাগ্রত হ’লে মানুহে ইয়াক সহজে গ্রহণ কৰিব পাৰে আৰু গ্রহণ কৰাৰ পিছত ইয়াৰ বশবৰ্তীহৈ কৰা কোনো কামকে অনৈতিক বুলি নেভাবে। পশুত্ব হৈছে মনুষ্যত্বৰ পৰা এৰাব নোৱাৰা এক ভয়ানক সত্য যি সত্যক সময়ে সময়ে মানুহে নিজেই প্রমাণ কি আহিছে।দ্বীতিয় বিশ্বযুদ্ধৰ সময়ত ইটালী, জাৰ্মানী, স্পেইন, ৰোমানিয়া আৰু ফিনলেণ্ডৰ সৈন্যই বাৰবাৰোছা অভিযানৰ সময়ত প্রতি আবেলি ৰাছিয়াৰ সৈন্যৰ (Red Army) জুইত পোৰা মঙহ ভক্ষণ কৰি বিজয়ৰ আনন্দ লোৱা কথাই বিশ্ব মানচিত্রত আধুনিক সময়ত মানুহৰ চৰিত্রৰ কোনটো দিশ উদঙাই? প্রাচীন ৰোমান-গ্রীক, প্রাচীন আৰু মধ্য ইউৰোপ আদি কৃষি ভিত্তিক সভ্যতাত মানুহে মানুহ ভক্ষণ কৰাৰ দৰে ৰীতি থকাৰ লগতে ৩০ বছৰ অতিক্রম কৰা সকলো মহিলাক হত্যা কৰাৰ দৰে প্রথাওঁ প্রচলিত আছিল। বৰ্তমান সময়ত আমি দেখি অহা ধৰ্ম বা ক্ষমতাৰ ৰাগীত মানুহে মানুহৰ অংগক্ষত কৰা, মুণ্ডচেদ কৰা বা যুদ্ধৰ নামত অবাধে গণহত্যা কৰি জয়ৰ আনন্দ লভা আদি কথাবোৰে মানুহৰ মাজত থকা সেই পশুটোৰে উমান দিয়ে।
দা গ্রীণ জেন'চাইদ/ The Green Genocide
শোৱা-কোঠাৰ কাষতে এজোপা মধুৰি আম গছ। খিৰিকীৰে অহা পোহৰৰ বাটতো সম্পূৰ্ণকৈ আবৰি থকা বাবে শোৱা-কোঠাতো সদায় ঠাণ্ডা হৈ থাকে, সদায় এক শীতৰ অনুভৱ থাকে কিন্তু সেই একেই কাৰণতে কোঠাতো ক্রমাৎ জেকা হ'বলৈ ধৰিলে আৰু লগতে বিছাৰ উপদ্রবো বাৰুকৈ বাহিল। সেয়েহে গছজোপাৰ ডাল পাতবোৰ কাটি লঠঙা কৰি দিয়া হ'ল।প্রথম দুদিনমান ভালেই লাগিল কিন্তু এতিয়া লাহে লাহে গৰমে গ্রাস কৰিছে শোৱা-কোঠা। শোৱ নোৱাৰা অৱস্থা ৰাতিওঁ।দুখনকৈ ফেন ব্যবহাৰৰ পিছতো ঘাম বৈ থাকে দিনে নিশাই সেই একেই কোাত। গৰম যেন এডাল বিছা হৈ এতিয়া ছালত অভিশাপ হৈ পিটপিটাই। তথাপি চিন্তা নাই অনাগত দিনত লঠঙা মধুৰি জোপাত আকৌ ফল ফুল ফুলিব, ছাঁ-শীতৰ অনুভবে পুণৰ বাসোপযোগী কৰিব মোৰ শোৱা-কোঠা, আকৌ খিৰিকী আৱৰি ভৰি থাকিব সেইজ নমাই আনিব শীত কাৰণ গছজোপা কাটি পেলোৱা হোৱা নাই।হাইৱে নিৰ্ণমাৰ বাবে অসমত (তেজপুৰক সাঙুৰি) কচু কটাদি লক্ষ লক্ষ গছ কটা হৈ আছে।মোৰ এই photo-খনত থকা গছবোৰৰ বৰ্তমান এডাল গছো জীয়াই থকা নাই, উদং সেই ঠাই। সেই বাটেদি কেতিয়াবা আগ বাঢ়িলে বুকু খন কপি উঠে।পৃথিবীখন যেন অকাল বাৰ্দ্ধক্যত।পৃথিবীৰ মৃত্যু যেন সমাগত। এডাল মাথো সাধাৰণ মধুৰি গছে মোৰ জীৱনত যদি ইমান প্রভাৱ পেলাব পাৰে তেনেহ'লে যি লাখ লাখ গছ কটা হ'ল তাৰ পৰিণতি প্রকৃতি আৰু মানুহৰ ওপৰত কিমান ভয়াবহ হ'ব পাৰে? উন্নয়নক আমি পিঠি দিব নোৱাৰো সঁচা কিন্ত উন্নয়ৰ 'ecological cost' নিৰ্ধাৰণৰো কিবা এটা প্রক্রিয়া থকা উচিত। ২০০ বা ৩০০ বছৰীয়া বা তাতোধিক আয়ুসৰ, বীৰদৰ্পে থিয় হৈ থকা, মানবজাতিৰ লগতে সমস্ত জীৱকুলৰ উপকাৰ কৰি অহা এই গছবোৰক লাখৰ ঘৰত অনায়সে হত্যা কৰাতো সচাকৈ জানো 'উন্নয়ন'ৰ সংজ্ঞাৰ গদ্দীত পৰে? মানুহৰ উন্নয়ন জানো মানুহৰ বিনাশত সন্নিহিত হৈ থাকিব পাৰে? এই সিদ্ধান্ত লোৱাৰ দায়িত্ব মাথো মানবজাতিৰ, চৰকাৰো মানুহসমষ্টিৰ আহিঁলাহে। এদিন হয়তো উন্নয়নৰ স্বাক্ষৰবহন কৰিবলগীয়া এই তথাকথিত 'Four Lane Highway 'দি ময়ো যাম কৰোবালৈ কিন্ত মনত সদায় এটা প্রশ্ন থাকিব 'এই যাত্রা কোন দিশে ?'
Sunday, August 28, 2016
Friday, August 19, 2016
Saturday, August 13, 2016
আমাৰ অসম (Amar Asam) - 13/08/2016
চৰকাৰে পৰিবৰ্তন আনিব নোৱাৰে, হয়তো চেষ্টা কৰিব পাৰে। পৰিবৰ্তন নিজৰ ভিতৰৰ
পৰা অহা বস্তু, প্রত্যোক ব্যক্তিৰ। কোনো লাইক, কমেন্টৰ আশাৰে মোৰ এই লেখা
মই আপলোড কৰা নাই কিন্তু বিচাৰিছো লেখাটো এবাৰ পঢ়ক। প্রতিজন অসৎ চৰকৰী/
দলীয় কৰ্মীৰ প্রতি প্রতিবাদমুখৰ হোৱাৰ সংকল্প লওঁক। ৰাজপথৰ প্রতিবাদ বহু
হ'ল, এবাৰ আহক চৰকাৰী অফিচবোৰৰ ভিতৰত হোৱা অপকৰ্মবোৰৰ বিৰুদ্ধে প্রতিবাদ
কৰাৰ সংকল্প লওঁ। আকস্মিক ভাবে হেৰাই যোৱা শৈশৱৰ অতিকৈ প্রিয় বন্ধু
মুম্বইস্থিত SBI-ৰ মুখ্য কাৰ্যালয়ত -Deputy Manager হিচাপে কৰ্মৰত Ritu Saikia
(বাবু)-ৰ দাহ সংস্কাৰ কৰা প্রমাণ পত্রত এটি চহী বিচাৰি তেজপুৰ পৌৰসভাত মই
কি জীয়াতু ভূগিব লগা হ'ল তাৰ ফলশ্রুতি এই লেখাটি.... Amar Asam- Page-5/
13-08-2016. http://amarasom.glpublications.in/
Wednesday, August 3, 2016
আমি ক'ত মাতিব লাগে...
জনৈক চয়ন দাস নামৰ
আধা পকা, ৰাজহুৱা মঞ্চত মন্তব্য দিব নজনা, ইংৰাজী ভাষাৰ কণমানো শব্দ জ্ঞান
নথকা (শতাংশক persent বুলি যিহেতু লিখিছে), অধ্যয়ন নথকা, অসমৰ ভৌগলিক আৰু
সামাজিক গাঠঁনিৰ ওপৰত নিম্নতম জ্ঞান নথকা, অসমত পূৰ্বংগীয়লোকৰ আগমণৰ
(নিজৰে) বুৰঞ্জীৰ ওপৰত সম্পূৰ্ণ অজ্ঞ এজন ল'ৰাৰ ফেচবুকৰ কমেণ্ট এটাক লৈ
অলপ বিতৰ্ক চকুত পৰিছে। তেওঁ 'অসমীয়া ২০% অসমীয়াইহে বিজেপিক ভোট দিছে গতিকে
অসমীয়াৰ কিহৰ ফুটণি' বা 'সকলো বাংলা লগ হ'লে অসমীয়াই অসম এৰি পলাব' জাতিয়
অতি লঘু, টুলুঙা, অতিহাস্যকৰ আৰু অতীতৰ পৰা শিক্ষা নোলোৱা আমাৰ কিছুমানক
বাৰুকৈ "উত্তেজিত" কৰিব পৰা মন্তব্য দিছে। কোনো কোনো বাৰুকৈ জাঙুৰ খাই
উঠিছে। ...শান্ত হওঁক।কাৰণ প্রথমে অসমীয়া হিচাপে অসমক বা অসমীয়া ভাষাটোৰ
সন্মান নিখূঁট ৰাখিবলৈ ফেচবুকত উগ্র জাতিয়তাবাদী মন্তব্যৰে জাতিপ্রেম,
ভাষাপ্রেম দেখুওঁৱাৰ বাহিৰেওঁ বাস্তব পৃথিবীখনত কিছু চোকা নজৰ ৰাখি অসমীয়া
ভাষা দমণৰ যি কিছু অপচেষ্টা চলি আছে তাৰ বিৰুদ্ধে মাত মতা আৰু তেনে চেষ্টা
ব্যৰ্থ কৰাৰ সময় সমাগত। তিনিতা উদাহৰণ দিম-
১) তেজপুৰৰ UCO BANK
ATM-ত গ'লো। ATM-ৰ ভাষা চয়ণৰ তলিকাত আছে - English, HINDI & Bengali।
মোৰ প্রশ্ন এইটো নহয় যে বাংলা কিয় আছে? মোৰ প্রশ্ন হ'ল অসমীয়া ভাষাটো কিয়
নাই? অসমৰ সংস্কৃতিৰ প্রাণকেন্দ্র বুলি কোৱা তেজপুৰত কিয় কোনেওঁ মোৰ পূৰ্বে
পতিবাদ নকৰিলে মই হিন্দীভাষি মেনেজাৰক ততাতৈয়াকৈ এখন পত্র লিখি কঠোৰ
ভাষাৰে কথাতো বুজালো। সুধিলো 'মোৰ মা, দেউতা অসমৰ অসমীয়া আৰু তেওলোকে
ইংৰাজী, হিন্দী বুজি নাপায় গতিকে আপোনাৰ ATM-ৰ পৰা কি ভাষাৰ আশ্রয় লৈ টকা
উলিয়াব? তাৰ পিছত প্রায় দুমাহ ATM বন্ধ আছিল। ( কি কাৰণত মই নাজানো)
২) IDEA-মবাইলৰ গ্রাহক সেৱাৰ IVR-ত কেৱল English, HINDI & Bengali
ভাষা। পুণৰ মোৰ প্রশ্ন এইটো নহয় যে বাংলা কিয় আছে? মোৰ প্রশ্ন হ'ল অসমীয়া
ভাষাটো কিয় নাই??? এতিয়ালৈকে বহুবাৰ গোচৰ দিলো।
৩) easterncrescent- নামৰ এখন আলোচনীৰ সম্পাদক MB Qasmi-য়ে তেখেতৰ এখন research paper-ত অসমীয়া ভষাটোৰ বিষয়ে এইদৰে লিখিছে -
"Assamese language is a newly evolved offshoot of the rich Bengali language itself with minor changes in the script and pronunciation and keeping intact the original Bengali vocabulary."-
তেখেতে academia.edu-ৰ দৰে এখন বিশ্বসমাদৃত ই-মঞ্চত অসমীয়া ভাষাৰ এইটো পৰিচয় দিছিলে। মই তেওঁক যোগাযোগ কৰি ড. বাণিকান্ত কাকতিৰ "Assamese: Its Formation and Development".-ৰ এটা pdf কপি পঠাই পঢ়িবলৈ দিলো। মোৰ কথা হ'ল এইবো আগতে কিয় ধৰা পৰা নাছিল??? (তাৰ পিছত অৱশ্যো তেওঁৰ পেপাৰ খন academia-ত নাই)
"Assamese language is a newly evolved offshoot of the rich Bengali language itself with minor changes in the script and pronunciation and keeping intact the original Bengali vocabulary."-
তেখেতে academia.edu-ৰ দৰে এখন বিশ্বসমাদৃত ই-মঞ্চত অসমীয়া ভাষাৰ এইটো পৰিচয় দিছিলে। মই তেওঁক যোগাযোগ কৰি ড. বাণিকান্ত কাকতিৰ "Assamese: Its Formation and Development".-ৰ এটা pdf কপি পঠাই পঢ়িবলৈ দিলো। মোৰ কথা হ'ল এইবো আগতে কিয় ধৰা পৰা নাছিল??? (তাৰ পিছত অৱশ্যো তেওঁৰ পেপাৰ খন academia-ত নাই)
... আৰু বহু আছে এনেকুৱা পৰিস্থিতি য'ত আমি অসমীয়া
হিচাপে ব্যক্তগত পৰ্যায়ত বহু কৰিবলগীয়া আছে। আস্ফালন বহু কৰিলো। এতিয়া মুখ
বন্ধ কৰি কেৱল সচেতন ভাবে আৰু একাগ্রতাৰে কৰ্ম কৰাৰ সময়। যদি চয়ন দাসৰ
নিচিনা লোকে কিবা বলকিবলৈ সাহ পাইছে তেন্তে সেই সাঁহ আমি দিছো। নিজৰ
জাতীয়তাবাদী আবেগক সু-সংগঠিতকৰক আৰু ফলপ্রসু দিশত জাতিতোৰ হিতৰ বাবে মনতোক
গতি দিয়ক।এনে কৰিবলৈ সক্ষম হ'লে অনতিপলমে দেখিব উক্ত যুবকজনৰ দৰে মন্তব্য
দিয়া লোকক তেওঁৰ বাংলা ভাই বন্ধুসকলেই উত্তম-মাধ্যম দিবলৈ আৰম্ভ কৰিব...।
আমি উত্তেজিত হোৱাৰ হয়তো প্রোজন ন'হব। আচলতে মই উল্লেখ কৰা ওপৰৰ সৰু সৰু
ঘটনাবোৰেই উক্ত যুবকজনৰ নিচিনা খুজি কিল খোৱা অবিবেচক লোকবোৰক সাঁহ দিয়ে।
গতিকে সমাধানসূত্র নিশ্চিতই আমৰ হাততেই আছে।
https://www.facebook.com/ractim.goswami.3/posts/811803188950730?notif_t=like¬if_id=1470202865690513
Tuesday, August 2, 2016
ঋতু আহে, ঋতু যায়…
প্রয়াত ঋতুপৰ্ণ শইকীয়াৰ
(বগা চোলা পৰিহিত)ৰ সৈতে লেখক
“গোস্বামী, ঐ… পাৰিচনে
নাই? চাই ল ফটাফট” – ঋতু (বাবু) য়ে পিছ ফালৰ পৰা ফুচফুচাই কৈ
আছে। মই কিবা এটা লিখি আছিলো আৰু সেইটো শেষ কৰি তালৈ ঘূৰি চাওঁ মানেই দশম শ্রেণীৰ ছমহীয়া
পৰিক্ষাৰ বিজ্ঞানৰ প্রথম কাকতৰ গাৰ্ড পৰা মহেন্দ্র দাস চাৰে তালৈ চোঁচা লৈ আহিল আৰু
তাক থিয় কৰাই লৈ ভালকৈ দুচাত মান দিলে আৰু ক’লে ‘তই লিখিব নোৱাৰ নাই, সেই ল’ৰাটোক
কিয় লিখিব দিয়া নাই? তাক আকৌ যদি আমণি দিয় মই কৈছো কিন্তু…” এই বুলি তাক সকীয়াই দি চাৰ বেট দাল ঘূৰাই ঘূৰাই
ৰুমৰ সমুখ ভাগলৈ গল গৈ।মুখ খূলিলেই চাৰৰ পৰা কোব খোৱাৰ ভয়ত মই কেৱল মোৰ তল কৰি থাকিলো।নিম্ন
বুনিয়াদী বিদ্যালয়ৰ প্রাক্-প্রাথমিক শ্রেণীৰ প্রথম দিনতোৰ পৰা তাৰ লগত একে বেঞ্চত বহা
গতিকে সি ভালকৈ জানে যে এই গোস্বামী বিজ্ঞানত
এটা ‘মহা গাধ’ সদৃশ ।সেয়েহে সি মোক আচলতে কেনেবাকৈ তাৰ
বহী দেখুৱাই-মেলি পাছ কৰাই নিবলৈ চেষ্টা কৰিছিল।কিন্তু ডাঙৰ কথাটো হ’ল চাৰৰ পৰা কোব
খোৱাৰ পিছতো সি পুণঃ পুণঃ বাৰ মোক মাতি বহী দেখুৱাই বা ফুচফুচাই প্রশ্নোত্তৰ বোৰ কবলৈ যত্ন কৰিছিলে যাতে
মই কোনোমতে ফেইল নকৰো।সেয়াই আছিল ঋতু, তাৰ মন আৰু কণমানি বয়সতে থকা তাৰ হৃদয়ৰ উদাৰতা।
দুয়োৰে বিদ্যালয় পৰ্যায় শেষ হ’ল।হাইস্কুল
শিক্ষান্তা পৰীক্ষাৰ পিছত স্বাভাবিকতেই মই কলা আৰু সি বিজ্ঞান পঢ়িলে।কিছু বছৰৰ পিছত
সি সুখ্যাতিৰে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা MCA ডিগ্রী লাভ কৰি বাংগালুৰুলৈ
বুলি ঢাপলি মেলিলে।কিছুদিন পিছত এদিন মোলৈ ফোন আহিল “গোস্বামী পাই গ’লো, পাই গ’লো।
State bank of India-ত পাই গ’লো চাকৰি। মুম্বাই হেড অফিচত পষ্টিং as a assistant
manager…” তাৰ চিঞৰত কাণ সৰি যাওঁ সৰি যাওঁ হৈছিল যদিওঁ আনন্দত ইফালে মোৰ বুকু ফুলি
ফাটো ফাটো অবস্থা।কেৱল যাক যেনেকৈ, যিমান পাৰি খবৰ দি আনন্দ প্রকাশ কৰিছিলো।কম সময়তে
তাৰ মুম্বাইৰ চৰকাৰী এপাৰ্টমেন্টত তাক দেখা দিবলৈ সি বাধ্য কৰালে।খুব আনন্দ কৰিছিলো
এসপ্তাহ ধৰি, তাৰ আৰু তাৰ নতুন বন্ধুবোৰৰ লগত।হাজাৰ হওঁক টক্টা, বস্তাত বহি একেলগ অ,
আ, ক, খ পঢ়ি ডাঙৰ হোৱা বন্ধু সি মোৰ। গৌৰব নকৰিমনে? তাৰ সফলতাত প্রাণখূলি আনন্দ নকৰিমনে?
নিয়মীত যোগাযোগ থাকে যদিওঁ তাৰ মাজে মাজে কিছুমান বিশেষ ফোন কলো তাৰ পৰা পাই থাকো।
এদিন তেনে এটা ফোন আহিল, “ গোস্বামী,…তই এতিয়া ডেপ্যুটি মেনেজাৰৰ লগত কথা পাতি আছ দেই…”। পদোন্নতিৰ
খৱৰ আছিল সেইটো। দোপতদোপে আগুৱাইছিল সি।বিশেষ ফোন কল বোৰ আহি থাকিল আৰু এদিন বাইক,
এদিন গাড়ী, এদিন বিবাহ, এদিন বিদেশ যাত্রা, এদিন সন্তান… এই
সকলোবোৰ সু- খবৰ কেৱল পাই গ’লো আৰু মনে প্রানে তাৰ মংগল কামনা কৰি গ’লো। সিদিনা ২১
জুলাই, কৰ্পৰেশ্যণ বেংকৰ ধুবৰীৰ শাখাৰ Assistant Manager, বাবুৰ একমাত্র ভগ্নী মুমু
(উপাসনা)-ৰ জন্মদিন। পুৱাই তাইৰ পৰা ফোন কল আহিল। মই মনতে ভাবিলো তাই যি দেখিছো দকাহকা
দি আমাৰ (মই আৰু পত্নী লিপি)-ৰ পৰা জন্মদিনৰ শুভেচ্ছা ল’ব। ফোন ততাতৈয়াকৈ উঠালো… “ৰক্তিম
দা, আমাৰ বাবু আৰু নাই নহয়…” বুলি কৈ তাই কান্দোনত ভাঙি পৰিল।পলকতে মোৰ
সৰ্বশৰীৰ বজ্রপাতে যেন ছাঁই কৰি পেলালে।এটা অকল্পনীয়, অনাকংক্ষিত, অবিশ্বাস্য খবৰ মোক
কিমান পৰলৈ শিল কৰি পেলালে মই ক’ব নোৱাৰো…।
এপ্রিল ২৪ তাৰিখে তেজপুৰত মোৰ ২য় কণ্যাৰ জন্মদিনত
সি সপৰিবাৰে উপস্থিত আছিল আৰু হাহিঁ, ধেমালী, ফূৰ্টি তামাছাৰ মাজতে কৈছিল, “ঐ গোস্বামী,
এতিয়া দেউতাক হৈ গ’লোতো লাইফটোলৈ অলপ চিৰিয়াছ হ’ব লাগিব, ফাইনেনচিয়েল প্লেনিং অলপ ভালকৈ
কৰিব লাগিব” সি তাৰ ৫মহীয়াজনী লৈ আৰু মই মোৰ এবছৰীয়া
জনীক লৈ ফটো উঠিছিলো।দুয়োৰে ইমান দিনীয়া বন্ধুত্বৰ এনাজৰীকলৈ বুকুৰ কোনোবা এটা চুক
উথলি উঠিছিল।
মই
চিৰদিন তাক ‘চিৰিয়াছ’ হ’বলৈ আৰু সি চিৰদিন মই ‘বেছি চিৰিয়াছ’ কাৰণে গালি পাৰি থাকিল। “গোস্বামী সব কথাত বেছি
চিৰিয়াচ।লাইফত সকলো কথাৰ চলিউশ্যন আছে, মাথো ঠাণ্ডা মগজুৰে তাক বিচাৰিব জানিব লাগে। মানুহ ‘বিন্দাচ’ হৈ
থাকিব লাগে।গ’লেতো গ’লোৱেই…হয়নে নহয়?” । সি গুচি গ’ল… ‘বিন্দাচ’। কোনো
কাৰণ নোহোৱাকৈ মাতৃ-পিতৃ, ভগ্নী-পত্নী, ৮মহীয়া কণ্যা, আমাক সকলোকে এৰি মাথো ৩৬ বছৰ
বয়সতে সি গুচি গ’ল কোনো টেনশ্যন নোলোৱাকৈ। সকলোকে জীৱনৰ সমাধানহীন
এক অনন্য পৰিচক্রত পেলাই কোনো আগলীবতৰা নিদিয়াকৈ সি মাথো গুচি গ’ল।কেৱল তাৰ গা-বেয়া
লাগিছিল পুৱতি নিশা, সেয়াই।পষ্টমৰ্টেমতো মৃত্যুৰ কোনো কাৰণ পৰ্যন্ত বিচাৰি পোৱা ন’গল।ঋতু,
এজন ভাল খেলুৱৈ, এজন ভাল আলোকচিত্র শিল্পী, SBI-ৰ এজন নিষ্ঠাবান কৰ্মচাৰী আছিলো।সবাতোকৈ
ডাঙৰ কথা পলকতে আনক আপোন কৰি ল’ব পৰা এটা বহল অথচ শিশুসুলভ মন আছিল তাৰ। তাৰ বন্ধুত্বপূৰ্ণ
আচৰণ আৰু কৰ্ম দক্ষতৰ বাবে অসমৰ SBI-কৰ্মচাৰী বিশেষকৈ গুৱাহাটি মূখ্য শাখাৰ কৰ্মচাৰীৰো
বৰ আপোন আছিল সি।
জীৱনৰ কঠোৰ সত্যতাৰ স্বৰূপ উদঙাই সদাই এচাঁটি
স্ফুটিৰ হাঁহিৰে দেখা দিয়া ঋতু, এটি ঋতুৰ দৰেই
মেলানী মাগিলে।তাৰ জঁঠৰ, চেঁচা মুখখনত হাত বুলাই, বুলাই মই মাথো তাক সাহসৰে বিদাই দিবলৈ
যত্ন কৰিলো।মই সি ছাইঁ হৈ যোৱা লৈকে তাৰ লগতে, তাৰ কাষতে থাকিলো… অকলে।
Subscribe to:
Posts (Atom)








