কিবা এটা পঢ়ি আছিলো বিৰাট মনোযোগেৰে। য়ান্নিয়ে (ডাঙৰজনী) উৎপাত কৰি আছিল।
মই বাৰে বাৰে ক'লো 'উৎপাত নকৰিবা, মই পঢ়ি আছো।' নাই কথা নুশুনে । এবাৰ গেছে
তালুত খুন্দা মাৰি দিয়াত কিতাপখন দলিয়াই ' আজি তোক মুচৰি পেলাম' বুলি
বাঘে হৰিণা পোৱালী এটা ধৰিবলৈ জাপ মৰাদি মাৰি পঠিয়ালো। তাই দেউতাকৰ হঠাৎ এই
ৰূপ দেখি বিচূৰ্তি খালে কিন্তু লগে লগে জান বচাবলৈ সেনাপতিয়ে শত্রুক খেদি
ঘোৰা চেকুৰোৱাদি তাইয়ো প্রচণ্ড গতিত প্রথমে বেডৰুমৰ ফালে গ'ল কিন্তু
তৎক্ষণাত বুজিলে তাত সোমালে ওলোৱাৰ বাট নাই গতিকে Formula 1 ৰ ড্রাইভৰে
টাৰ্ণিং লোৱা দি টাৰ্ণিং লৈ বাহিৰৰ বাৰাণ্ডালৈ ওলাই গ'ল। ইফালৰ পৰা মাক আহি
আছিল মাকে জীয়েকৰ দৌৰৰ কোব দেখি চিঞৰি পেলাই সুধিলে - 'কি হ'ল য়ান্নি কিয়
এনেকৈ দৌৰিছা' তাই ক'লে - 'তোমালৈ যে ইমান মনত পৰিছিল ৰখিবই পৰা নাই'। - মই
বোলো 'চুভানআল্লা'...আৰু কি লাগে...
No comments:
Post a Comment