Friday, December 9, 2016

মহীকান্তৰ সাধু


মহীকান্তৰ ভৰি এখনত বহু দিনৰ পৰা ঘাঁ লাগি আছিল যদিওঁ মানুহজনে বহুদিন একো গুৰুত্ব দিয়া নাছিল, সময় গৈ থাকিল, ঘাঁ বাঢ়ি আহিল। মহীকান্ত তেনেকৈয়ে চলি থাকিল।ডাক্তৰৰ ওচৰত যেতিয়ালৈকে নোযোৱাকৈ চলিব পাৰি চলি থাকিল মহীকান্ত।ডাক্তৰৰ লেঠা কোনে লগাই।ঘৰৰ মানুহৰো একো বিশেষ তাগিদা নাই। আৰু কিছুসময় বাগৰিল এতিয়া মহীকান্তৰৰ গোটেই ভৰিখনেই বিষাক্ত হ’ল, গেলি গ’ল। ডাক্তৰৰ ওচৰত নগৈ নোৱাৰা হ’ল। ডাক্তৰে ভৰি দেখিয়েই ক’লে এই গেলা ভৰিয়ে লাহে লাহে তোমাৰ শৰীৰ বিষাক্ত কৰি পেলাব, এই ভৰি কাটি পেলাব লাগিব। মানুহজনৰ লগতে ঘৰৰ সকলোৰে মুৰত আকাশী সৰগ ভাঙি পৰিল।কিন্তু উপায় যে নাই।ভৰিখন কাটি পেলোৱা হ’ল। মহীকান্তই নিজৰ প্রাণৰ খাতিৰত আৰু নিজৰ এলাহ আৰু অৱহেলাৰ বাবে এক ডাঙৰ পৰিণামক দিবলগীয়া হ’ল।ডাক্তেৰে ঘৰৰ সকলোকে ক’লে-“যদি হৈছে সেইটোৱেই সঁচা। সমহীকান্তৰ এই বিপদৰ সময়ত এতিয়া ঘৰৰ সকলোৱে মিলি মহীকান্তক অলপ সহায় কৰক।অতি সোণকালে মহীকান্ত আকৌ স্বাভাবিক হৈ উঠিব।” #demonitisation

No comments:

Post a Comment