Monday, December 12, 2016

আমাৰ অসম (Amar Asam) - 12/12/2016



এটি ৰাজনৈতিক ‘এলিট হাতী’ বনাম দুটি সাধাৰণ হাতীৰ মৃত্যুত
-ৰক্তিম গোস্বামী-
প্রতিটো বস্তু বা বিষয়কে বিজেপি বা কংগ্রেছৰ লেঞ্চৰে চোৱা যি এক ৰাজনৈতিক পক্ষপাতদুষ্ট চৰিত্র সৰহসংখ্যকলোকৰ মাজত গঢ়লৈ উঠিছে সামগ্রীকভাবে অত্যন্ত ক্ষতিকাৰক ৰাজনীতিৰ আফিংত নিচাগ্রস্থহৈ মানুহবোৰৰ মানসিকতা যে অধঃপতনে গৈছে তাক বুজাবলৈ বা বুজিবলৈ মাথো ফেচবুকৰ দৰে সামাজিক মত বিনিময়ৰ মঞ্চত এভুমুকি মাৰিলেই যথেষ্ট।বিশেষকৈ অলপতে ঘটি যোৱা দুটা সম- চৰিত্রৰ ঘটনাকলৈ সাধাৰণ মানুহৰ সম্পূৰ্ণ বীপৰিত প্রতিক্রিয়াই মোক সঁচাকৈ ভিতৰৰ পৰা জোকাৰি গ’ল।
প্রথম ঘটনা, তেজপুৰৰ কাষৰীয়া ঘোৰামাৰী অঞ্চলত পতঞ্জলিৰ বাবে আবন্টিত ভূমিত খান্দি থোৱা এটা গাতত পৰি এটা হাতীৰ কৰুণ মৃত্যু হ’ল।এই ঘটনাৰ খবৰ বনজুইৰ দৰে বিয়পিল। বিশেষকৈ চছিয়েল মিডিয়াত তোলপাৰ লাগিল। পতঞ্জলিৰ বাবে আবন্টিত ভূমিত দুৰ্ঘটনাত মৃত্যু হোৱা হাতীটোৰ দূখত ফেচবুকীয়া ৰাইজৰ দূখে কুলাই পাচিঁ নধৰা ' কোনোবাই কবিতাওঁ লিখিলে আবেগ, অনুভূতি, দূখে- বিষাদে মুঠতে কেওঁফালে চাব নোৱাৰা হৈছিল দুদিনমান কোনোৱে 'ism' বা মতবাদ, কোনোৱে অৰ্থনৈতিক অথবা imperialist aggressive invasion-আদি দৃষ্টিকোণেৰে, কোনোৱে religious anarchism- দৃষ্টিকোণেৰে নানান তাত্বিক মতামতো আগবঢ়ালে মুঠতে এটা হাতীৰ কৰুণ মৃত্যুৰ খবৰে অসমীয়া মানুহৰ যে এখন বিশাল পশু-প্রকৃতি প্রেমী হৃদয় আছে তাক লজলপটপটকৈ প্রমাণ কৰিলে।
দ্বীতিয় ঘটনা, পতঞ্জলিৰ ঘটনাৰ মাথো কেইটামান দিনৰ পিছত অৰ্থাৎ যোৱা ০৫/১২/২০১৬ তাৰিখে আৰু এটা সমচৰি্ত্রৰ খবৰ সকলোৰে কাণত পৰিল।খবৰটো হ’ল, হোজাইত ৰেলৰ খুন্দাত গাভিনীসহ ৩টা হাতীৰ মৃত্যু ' ধৰি লৈছিলো মনতে যে কমসময়ৰ ভিতৰতে পতঞ্জলিৰ ঘটনাতকৈওঁ অধিক কৰুণ এই ঘটনায়ে এইবাৰ আকৌ সকলোকে অধিক প্রতিবাদমুখৰ কৰিব।‘Elephant Corridor’ আৰু ৰেল লাইনবোৰৰ সংঘাটকলৈ কিছু প্রশ্ন উদয় হ’ব। কিন্তু এইবাৰ ছবি সম্পূৰ্ণ ওলোটা। সকলো নিমাত, বিশেষকৈ সামাজিক মত বিনিময় মঞ্চবোৰত। মিডিয়াওঁ তুলনামুলকভাবে এই বিষয়ত শান্ত।হাতী-মানুহৰ সংঘাটে চৰম সীমা পোৱাৰ পিছতো  এনে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ক’তো একো আলোচনা ন’হল।
এতিয়া প্রশ্নটো হ’ল- প্রথম হাতীটোৰ মৃত্যুত ইমান হৈ চৈ অথচ আন দুটা গাভিনী হাতী হোৱা স্বত্বেওঁ হৈ চৈ নাই কিয়? অলপ মগজুৰ কচৰত কৰিয়েই উত্তৰ পালো।উত্তৰটো আচলতে তেনেই সহজ তেজপুৰৰ হাতীটো আছিল 'পতঞ্জলী হাতী'  সেয়েহে এইটো হাতীৰ মৃত্যুত ৰাজনৈতিক বোকা ছটিওঁৱাৰ যথেষ্ট থল আছিল।বিজেপি,মোডীৰ বিৰুদ্ধাচাৰণ কৰা, ৰাজনৈতিকভাবে বেয়া পোৱা এচামলোকে এই সুযোগ সম্পূৰ্ণৰূপে গ্রহণ কৰিলে।কোনো কোনোৱে এই ঘটনা টানি মেলি যেনেতেনে হাস্ব্যপদভাবে চৰকাৰৰ Demonitization-ৰ লগতো সাঙুৰিবলৈ চেষ্টা কৰিলে। মৃত হাতীটোক বিৰিণা বনাই ‘মোডী পক্ষ’ আৰু ‘মোডী বিপক্ষ’ৰ মাজত শব্দৰ তুমুলু ৰণ হ’ল। বিশেষকৈ ফেচবুকৰ মঞ্চ পলকতে কুৰুক্ষেত্রৰ ৰণথলী হৈ পৰিল।ৰাতাৰাতি প্রকৃতীপ্রেমী হৈ পৰা শোকাকুলৰ  চকুলোৰে ফেচবুকৰ মজিয়া একাঠু হ’ল।আনহাতে হোজাইৰ হাতী দুটা আছিল 'সাধাৰণ হাতী' সেয়েহে নাছিল ৰাজনৈতিক বোকা ছটিওঁৱাৰ একো থল'পতঞ্জলী হাতী' ৰ মৃত্যুত শোকবিহ্বল হোৱাসকলে এইবাৰ এই দুটা নিৰ্বোধ হাতীৰ অকাল মৃত্যুক 'ৰাজনৈতিকৰণ' বা নিজৰ ব্যক্তিগত ক্ষোভ প্রকাশৰ আহিঁলা হিচাপে ল’বলৈ উপযুক্ত বুলি বোধহয় অনুভৱ নকৰিলে।সেয়েহে এইকেইটা হাতীৰ মৃত্যুৱে এওঁলোকৰ হৃদয়ত আচোঁৰ বহাব নোৱাৰিলে, এইকেইটা হাতীৰ মৃত্যুক দেখিওঁ নেদেখা ' সকলো  এইবাৰ সেয়েহে তোলপাৰো 'হল কোনো সামাজিক মত-বিনিময়ৰ মঞ্চ।
এই দুয়োটা ঘটনাৰ সাক্ষী হোৱাৰ পিছত স্বাভাবিকতে মনত প্রশ্ন উদয় হয় যে ‘প্রকৃততে কোন দিশে গৈ আছো আমি?’ কোনো নিৰ্বোধ হাতীৰ অকাল মৃত্যুক ৰাজনৈতিকৰণ কৰিবলৈওঁ আমি কুন্ঠাবোধ নকৰা হ’লো।এই দুইটা ঘটনাক অন্তৰেৰে উপলব্ধি কৰিব কৰি মৰ্মাহত হোৱা প্রতিজন পশু-প্রকৃতিপ্রেমীৰ লগত মোৰ মন একাত্ম।দুৰ্ঘটনাত বা মানুহৰ হিংসাৰ বলি হোৱা পৃথিৱীৰ প্রতিটো হাতী বা পশুৰ প্রতি মানুহৰ সমবেদনা সমভাবে, নিস্বাৰ্থ ভাবে থকা উচিত কোনো নিৰ্বোধ হাতীৰ অকাল মৃত্যুক 'ৰাজনৈতিকৰণ' বা নিজৰ ব্যক্তিগত ক্ষোভ প্রকাশৰ আহিঁলা কৰা কাৰ্য কেতিয়াওঁ সমৰ্থনযোগ্য নহয় বা এনে কাম কৰা প্রতিজন ব্যক্তি প্রকৃততে সেই পশুতকৈওঁ বৰ্বৰ।ভাতৃপ্রতিম, বন্ধু তথা এজন সুলেখক ঈশানে (জ্যোতি বৰা)য়ে এই বিষয়ৰ এক আলোচনাত কৰা এটি মন্তব্যক মই এইখিনিতে উল্লেখ কৰাৰ প্রাসংগিকতা অনুভৱ কৰিলো আমাৰ অধিকাংশ মানুহে নিউজত যি দেখে,সেইবোৰৰ বিষয়েই লিখে এইটো (হোজাই)বাতৰিৰ বিষয়ে টিভিত আলোচনা হোৱা দেখিলেনে ? নকৰেওজীৱ-জন্তুৰ মৃত্যুৰ লগত কোনোবা বিখ্যাত লোক নাইবা ৰাজনৈতিক লোকক জড়িত কৰি বাতৰি পৰিৱেশন কৰিলে যিমান মছলাযুক্ত টিআৰপি আহৰণ কৰিব পাৰি, সাধাৰণভাৱে মৃত্যুবৰণ কৰা জীৱৰ পৰা নোৱাৰিকথা সিমানেই”। শেষত,হাতীৰ মৃত্যুক ৰাজনৈতিকৰণ কৰা প্রতিজন ব্যক্তিলৈ মোৰ এটাই মাথো অনুৰোধ  - ‘মানুহ হৈওঁ চিন্তা কৰিবলৈ, জীয়াই থাকিবলৈ শিকক,  সকলো কথাত ৰাজনীতি বেয়া, বেয়া আবেগ’।

No comments:

Post a Comment