Friday, December 23, 2016

আইঐ কি কৰিছে আপুনি?


মোৰ 'ফেচবুকীয়া ভায়ৌ ঔৰ বেহনৌ', ক'ৰ পৰা আৰম্ভ কৰো বুজিয়ে পোৱা নাই। মুঠতে মোৰ আজি মান- সন্মান ধূলিসাৎ হোৱাৰ পৰা কাণে কাণ মাৰি বাচিলো।কথাটোহ'লগৈ এনেকুৱা, শুনক। দুপৰীয়া বজাৰলৈ গৈছিলো শ্রীমতীৰ চশমা এযোৰৰ বাবে। দুপদমান আন বস্তুৰ কথা মনত পৰাত 'ডিলাইট'ত সোমালো। 'ডিলাইট' তেজপুৰৰ এখন জনাজাত বেকাৰী ও দোকান আৰু ই দীঘলে দীঘলে বহু ভিতৰলৈ সোমোৱা। ডিলাইটত সোমাৱাৰ আগৰ পৰাই মই শ্রীমতীৰ লগত কিবা এটা জৰুৰী কথাত মগ্ন হৈ আছিলো। কথা পাতিয়েই 'ডিলাইট' ভিতৰলৈ আগুৱাই গৈ থাকিলো আৰু এপাকত শ্রীমতীৰ হাতখনত স্বভাবজাত ভাবে ধৰি ল'লো।কিন্তু লগে লগে শ্রীমতীয়ে 'আইঐ কি কৰিছে আপুনি?' বুলি চিঞৰি ওফৰি পৰিল। মই বোলো এয়া কি কাণ্ড? এই বুলি তেওঁক কিবা এটা ক'বলৈ লওঁতেই দেখিলো- কি আচৰিত, শ্রীমতীৰ ফেচকাটিং সম্পূৰ্ণ সলনি হৈ গ'ল চেকেণ্ডত। আচল কথা বেলেগ শ্রীমতী বুলি কোনোবা বেলেগ মহিলাৰ হাত ধৰিলোগৈ মই। লগে লগে বুকুট 'গুৰুম'কৈ হিলৈ এটা ফুটিল। Disaster management কৰিবলৈ তেওঁক 'sorry' কবলৈ লওঁতেই মোৰ ফালে চাই তেওঁকিবা এসোপা বকি বকি আগুৱাই গ'ল। বোধহয় 'পাষণ্ড-চাষণ্ড' টাইপ বিশেষণেৰে বিভূষিত কৰিছিল মোক। খঙেৰে শ্রীমতী ক'ত বুলি উভতি চাই দেখিলো শ্রীমতীয়ে পিছফালে দোকানৰ কিবা এপদ সামগ্রীলৈ একান্ত মনে চাই আছে...। কেতিয়ানো তেওঁ ৰ'ল, কেতিয়ানো ইগৰাকী আহি গ'ল ধৰিবই নোৱাৰিলো চোন

No comments:

Post a Comment