Friday, December 23, 2016

নিয়মীয়া বাৰ্তা (Niyomiya Barta) - 22/12/2016

এজন প্রাক্তন বেংকৰ জ্যোষ্ঠ বিষয়া আৰু অনুবাদক তথা লেখকে মোৰ আজি 'নিয়মীয়া বাৰ্তাত' প্রকাশিত বিমুদ্রাকৰণ বিষয়ক সম্পাদকীয় প্রবন্ধটো পঢ়ি পুৱাই ফোন কৰি এইদৰে ক'লে -"...মানুহে ATM ওলাওতেওঁ প্রতিবাদ কৰিছিল, বেংকৰ শাখাবোৰ কম্পিউটাৰাইজড কৰোতেওঁ বেংকত ইমান উৎপাত কৰিছিল যে মই মোৰ শাখা বন্ধ কৰি দিবলগীয়া হৈছিল (আন বহু ঠাইতো একে হৈছিল)। কিন্তু এতিয়া? মানুহৰ এইটো চৰিত্র। নতুন বস্তু পাইছে গতিকে প্রত্যোকবাৰৰ দৰে এইবাৰো কিছুদিন হুলস্থুল কৰিব আৰু লাহে লাহে এই নতুনেই এদিন তেওঁলোকৰ জীৱনৰ এৰাব নোৱাৰা অংশহৈ পৰিব।"
প্রসংগক্রমে Utpalৰ পৰা ধাৰ কৰা দুটা শাৰীওঁ তলতউল্লেখ কৰিলো।
"...বাৰীৰ পুখুৰি সিচিলেও আঠ দহোটা মানুহক শিঙিয়ে বিন্ধে, এইখন ৰণহে..."
আলাবৈৰ ৰণ
দহ হেজাৰ আহোম সেনা নিধন
আতন বুঢ়াগোঁহাই


No comments:

Post a Comment