Thursday, December 8, 2016

নিয়মীয়া বাৰ্তা্- 08/12/2016- নতুনৰ বাবে এখন পৃথিৱীৰ সন্ধানত


২০ শতিকাৰ শেষৰফালে সেউজী অসমভূমিত জন্ম লোৱা আমি এজাক অনন্য অসমীয়া। কিন্তু আমাৰ জন্মসন্ধিক্ষণত আমাকলৈ অচিন কাৰণত, বহু কথাত সুখী নাছিল সময়। আমাৰ কপালত আকিঁ দিছিল বহু অবুজ যাতনা আৰু শংকা।সময়ৰ খোলাৰ পৰা ওলাব নিবিচৰা আছিল আমাৰ শৈশৱ। আমাৰ কৈশোৰ আছিল আমাৰ মা-পিতাইৰ আটাইতকৈ গোপনে সাচিঁ থোৱা ধন।নিশাৰ লানি নিচিঙা জুইৰ শিখাবোৰ আছিল আমাৰ বাবে পৰম আশ্চৰ্যৰ উৎস। প্রতি নিশাই কত যে এনে হিয়াৰ আমঁঠু অদৃশ্য হৈছিল কাৰোবাৰ কু-চক্রান্তত, কি আপোন-কি পৰ।প্রতিটো সূৰ্যাস্তত পোনাকণলৈ মাকৰ কাতৰ অনুৰোধ, “পোনা, পলম নকৰিবি, মই ৰৈ থাকিম”।পুৱা পোনাকণহতঁৰ মৃতদেহৰ বুকু ধকিয়াই, ধকিয়াই মাকহতঁৰ আকাশ ফলা চিৎকাৰবোৰ আছিল আমাৰ নিচুকণি গীত। দুপৰ নিশা কোনো অপাৰেশন বজৰং, অপাৰেচন ৰাইন’ৰ জোতাবোৰৰ গৰপ গৰপ শব্দত উচপ খাই মাইৰ বুকুত সুমাই পৰাটো আছিল আমাৰ ‘নিশাৰ ৰঙীন সপোন’।মাজতে হঠাৎ এদিন সকলো শান্তহৈ পৰিছিল অস্বাভাবিকভাবে, অসহনীয়ভাবে।সকলোৱে যেন চিঞৰি চিঞৰি কিবা ক’ব খুজিওঁ বাকৰুদ্ধ হৈ পৰিছিল কিহবাৰ বজ্রাঘাটত। গোপনে, অতি গোপনে, ফুচফচাই কথা পাতিছিল সকলোৱে। আমিবোৰ গ’লে খেদি দিছিল বা কথা সলাইছিল…ৰাজু বৰুৱাৰ কথা, ভনীমাইহতৰ কথা কেনেকৈ পাতে আমাৰ সমুখত।।কেঁচা বয়সতে লাহে লাহে বুজিবলৈ ধৰিলো মানুহৰ জিঘাংসাৰ কথা, অকল্পনীয় পাশবিক মানব কাণ্ডৰ কথা।শিহৰণত কপি উঠিছিল সৰ্বশৰীৰ। কলিজাৰ ৰং যেন ক’লাহৈ আহিব ধৰিছিল লাহে লাহে।আছিল জানো আমাৰ বয়স এনে ৰুঢ় বাস্তবৰ মুখামুখি হোৱাৰ? লাহে লাহে ভয়-ভয় হৈ পৰিছিল দশোদিশ।আন্ধাৰ- আন্ধাৰ হৈ পৰিছিল দিনৰ পোহৰকনো।সাৰ পোৱা প্রতিটো ৰক্তাক্ত পুৱায়ে মনে মনে কাঢ়ি লৈ গৈ আছিল আমাৰ কুমলীয়া বয়সৰ স্বভাবসুলভ হাহিঁবোৰ, উন্মাদ আনন্দবোৰ, বিশালতাবোৰ।সশস্ত্র সংগ্রামেৰে সাৰ্বভৌমত্ব আহৰণ কৰাৰ হেঁপাহেৰে আমাৰ চাৰিওঁফালৰ পৰা সংগ্রামৰ বাবে নাইকিয়া হোৱা তজবজিয়া, তেজাল, সাহসি অসমীয়া ডেকাহতঁৰ আৰু ভাৰত ৰাষ্ট্রৰ সেনাবাহিনীৰ মাজত প্রতিদিনে চলা গুলিয়াগুলিয়ে থকা সৰকা কৰিছিল একো বুজি নোপোৱা আমাৰ কোমল মনবোৰ।‘জন-গন-মন’ গালে যদি কিবা হয়? ঘৰত অসম বিষয়ক গুৰুত্বপূৰ্ণ কিবা কিতাপ ৰাখিলে যদি কিবা হয়? জিন্স, স্পৰ্টচ চু পিন্ধিলে যদি সন্দেহ কৰে?এনে নানা প্রশ্ন-শংকাত আমিবোৰ ক্রমাৎ কুঁজা হৈ পৰিছিলো।

আমাৰ প্রজন্মই পৰবৰ্তিৰ সময়ত সন্মুখীন হোৱা আন এটা ডাঙৰ সমস্যা আছিল ‘জেনেৰশ্যন গেপ’। গ্লবেলাইেশ্যনৰ এক প্রচণ্ড ধুমুহাই পৃথিবীখনৰ প্রতিটো চুক কোণ ধুৱাই গৈছিল।সকলো সলনি হৈছিল পলকতে।‘উন্নত উত্তৰ’ৰ দেশসমুহৰ পৰা ‘দক্ষিণৰ অনুন্নত বা উন্নয়নশীল’ দেশসমুহলৈ নতুনৰ এই প্রচণ্ড বানত আমিবোৰ সলনি হ’ব ধৰিছিলো।চিন্তাধাৰা, মুল্যবোধ, দৃষ্টিভংগী, আদৰ্শ, জীৱনশৈলী, কথা বতৰা, পিন্ধন-উৰণ, ভালে বেয়ায়ে সকলোতে পৰিবৰ্তন আহিছিল।প্রচলিত থলুৱা জৱনশৈলীত বস্তুবাদী পৰিবৰ্তনৰ এনে প্রচণ্ড আক্রমণক পিতাইহতে তলকিবই পৰাই নাছিল।নিলগৰ পৰা অসন্তুষ্টিৰে মাথো চাই ৰৈছিল অস্বাভাবিক পৰিবৰ্তনৰ এই ধাৰা।পিতাইৰ চাইকেলৰ আগত বহি বহি ঘুৰি ফুৰা, ৰেডিঅ’ শুনি শুনি গীতিমালিকাৰ গান গুণগুনাই থকা আমাৰবোৰৰ হাতলৈ আহিল বাইক আৰু মবাইল।স্বাভাবিকতেই সংঘাট বৃদ্ধি হৈছিল প্রতিখন ঘৰত নতুন আৰু পুৰণিৰ মাজত জীৱনৰ প্রতিটো গুৰুত্বপূৰ্ণ বিষয়ক লৈ।আমাৰ জীৱন যাত্রাৰ এই সময়ছোৱাতো আমাৰবোৰৰ ভূমিকা আছিল এটা “Bridging Generation”ৰ যাৰ এখন হাত আছিল গ্লবেলাইজদ পৃথিবীৰ ইপাৰে পিতাইহতঁৰ অতীতৰ লগত আৰু আনখন পিতাইহতঁৰ অতীতৰ পৰা সম্পূৰ্ণভাবে বিতাড়িত গ্লবেলাইজেশ্যনৰ ধুমুহাত মগ্ন নতুন পৃথিবীৰ উঠি অহা নতুন পুৰুষৰ হাতত।
আমাৰ তৃতীয় সমস্যাটো আছিল সবাটোকৈ ভয়ানক আৰু একেসময়তে অতি দূখজনক। চৰকাৰি চাকৰি আছিল আমাৰ সময়ত দুষ্প্রাপ্য।দুৰ্নীতিত গজগজিয়া হৈ উঠিছিল অসম লোকসেৱা আয়োগ, চৰকাৰ। ইতিমধ্যোয়েই এইটো অনুসিদ্ধান্তই সমাজত খোপনি পুটিছিল যে “টকা আৰু চেনেল নাথাকিলে APSCৰ পৰীক্ষা দি লাভ নাই।” সন্ত্রাসবাদৰ উপদ্রবত অসমলৈ নাহিছিল কোনো ব্যক্তিগত প্রতিস্থান।হতাশগ্রস্থতা, ডিপ্রেশ্যনত ভুগিছিল অগণন উঠি অহা শিক্ষিত ডেকা গাভৰুৱে। অপব্যয় হৈছিল অসমৰ বহুমুলীয়া মানব সম্পদ। সমাধানসূত্র স্বৰূপে এক ভাল ভবিষ্যতৰ সন্ধানত অসমৰ বাহিৰলৈ পঢ়া-শুনা বা কাম বিচাৰি যোৱা পৰম্পৰাটোৱে গা কৰি উঠিলে।প্রতিভাবান হাজাৰ হাজাৰ ল’ৰা-ছোৱালী ডাঙৰ চহৰলৈ ওলাই যোৱা এই পৰম্পৰা যি এবাৰ আৰম্ভ হ’ল ই আৰু নৰখিল যি অসমৰ এক অপূৰণীয় ক্ষতি কৰিলে। আজি বাহিৰৰ বিয়াগোম বিয়াগোম বহুজাতিক প্রতিস্থানবোৰৰ বিয়াগোম বিয়াগোম পদবীত বহি থকা এই অসমীয়াসকলক দেখিলে মনলৈ প্রায়েই শিশুসূলভভাবে এটা প্রশ্ন আহে “যদি এওঁলোকক অসমে ৰাখিব পাৰিলেহেতেন?” অসমে অকল তেওঁলোককে হেৰুৱা নাই, হেৰুৱালে তেওঁলোকৰ উত্তৰ পুৰুষ সকলকো যি হয়তো নামত অসমীয়া হ’ব কিন্তু নাথাকিব তেওঁলোকৰ গাত অসমৰ ধূলি-বালিৰ সুৱাস।এদিন হয়তো তেওঁলোক উদিগ্ন হ’ব, নামি পৰিব আত্ম- পৰিচয়ৰ সন্ধানত।প্রশ্ন কৰিব নিজৰ পিতৃ- মাতৃক- ‘কিয় চিঙিলা আমাৰ আত্ম- পৰিচয়ৰ শিপাবোৰ?’

দূৰদৰ্শন আছিল আমাৰ শ্রেষ্ঠ বন্ধু, এন্ধাৰৰ মাজত আনন্দৰ উৎস- সপ্তাহটোৰ প্রতি নিশা ৯ বজাত দিয়া চিৰিয়েলবোৰ আছিল আমাৰ বন্ধু। R.K Laxman আৰু R.K. Naryan-ৰ মালগুড়ি ডেইজ, ডিটেকটিভ ব্যমকেশ বক্সি, নিম কা পেড়, ক্ষীতিশ য়ে নেহী, এক-দ’-তিন-চাৰ,বুনিয়াড, ৰামায়ন, মহাভাৰত, ফেইৰী টেইলচ, চাৰ্লি চেপলিন, লৰেল এণ্ড হাৰ্ ডি-ৰ অনুভৱবোৰে ইমান দুৰ্বিষহ সময়ৰ মাজতো যেন আমাক জীয়াই থকাৰ একো একোটা কাৰণ দিছিল। প্রতি দেওঁবাৰে সন্ধিয়া দূৰদৰ্শন দিয়া সপ্তাহটোৰ একমাত্র ছবিখন(দিনৰ আঞ্চলিক ছবিৰ বাদে)সপ্তাহটোৰ বাবে আছিল আমাৰ সঞ্জিবনী ।
আমিবোৰ এনেকৈয়ে ডাঙৰ হৈছিলো। এতিয়া আমিবোৰ বাপেক-মাক হ’লো।এতিয়া কণমানিহতৰ মুখলৈ চালে মাথো মনলৈ এটাই ভাব আহে- ‘ইহতৰ শৈশৱবোৰ যাতে সুকুলমে পাৰ হওঁক, ইহত ডাঙৰ হৈ যেন এখন সুন্দৰ অসম পাওঁক’।আমি পোৱা যন্ত্রনাবোৰ যেন আমাতেই শেষ হওঁক।শাসনযন্ত্রই যেন কেৱল আৰু কেৱল দেশৰ আৰু দহৰ মংগলৰ কাৰণে কাম কৰক।মাক-বাপেকৰ বাবে যাতে অসমতেই হওঁক সন্তানৰ ভবিষ্যতৰ সপোন ৰচাৰ মাটি, কোনো আমেৰিকা, লণ্ডন, বা দিল্লী, বাংগালুৰু নহয়।সন্ত্রাস, সংঘাট বহু হ’ল। আমাক এখন সোণৰ অসম নহয়, সুখৰ অসম লাগে। নতুনৰ বাবে এখন সুন্দৰ পৃথিবী লাগে।নতুনে গঢ়া এখন নতুন পৃথিবী লাগে…এখন নতুন অসম লাগে।

No comments:

Post a Comment