Tuesday, December 13, 2016

দেউতাকবোৰো যে নহয়...


আগতে কেতিয়াওঁ জনা নাছিলো এনে হয় বুলি। মাকে আগতেই কৈছে তেওঁ কোনোপধ্যোই নাযায় আৰু হাজাৰ ব্যস্ততাৰ মাজতো ময়েই যাব লাগিব হেনো। এনে দিনত লিপিৰ কি দশা হয় মই আগৰে পৰা জানো গতিকে মই ক'লো-' হ'ব চিন্তা নাই, I will go"। কলেজৰ পৰা ৯.৩০ অলপ সময়ৰ বাবে ওলাই আহিলো। যি মান চমু ৰাস্তাৰে গন্তব্য স্থানলৈ আগবাঢ়িব পাৰি আগবাঢ়িলো কিন্তু যিমানেই লক্ষ্যৰ ওচৰ চাপিলো সিমানেই বুকুখনৰ এপাল হাতীয়ে গুম গুম শব্দ কৰি ক্রমাৎ দ্রুত গতিৰে ডিঙিৰফালে আগুৱাই অহা যেন অনুভৱ হ'ল। দুচকীয়াখন বাটত ৰাখি প্রকাণ্ড গেট এখনেৰে সোমাই প্রকাণ্ড খেল পথাৰখন পালো। হাতীৰ পালটোৰ উৎপাত বাঢ়ি গ'ল, মই আগুৱাই গৈ থাকিলো।পুৱাৰ হেলনীয়া ৰ'দটোৱে দীঘল কৰি পেলোৱা মোৰ ছাঁটো দেখি এনে লাগিল মই যেন অলিম্পিকত লং জাম্প মাৰিবলৈহে যেন গৈ আছো! অলপ লাজ লগাত জতাযোৰক Shock Absorber হিচাপে ব্যবহাৰ কৰি গতি কমাব চেষ্টা কৰিলো। ইতিমধ্যো মই খেল পথাৰখন পাৰ কৰি মোৰ লক্ষ্যস্থান এটা সৰু ৰুমৰফালে আগবাঢ়িলো। মোক দেখি ভদ্রমহিলা গৰাকীয়ে এটা সম্ভাষনসূচক হাহিঁ মাৰিলে। মই তেওঁৰ ওচৰ পাই ইতিমধ্যো ঠাণ্ডা হোৱা হাতীৰ দলটোৰ মাজেদি মনে মনে হাঁহি এটা টানি আনি ওঠত বহুৱাই ক'লো- "যি হৈছে হৈছে আৰু কাৰ্ডখন দিয়ক মই লৈ ইয়াৰ অদৃশ্য হওঁ।" তেওঁ ক'লে-"এনেকৈ পলালে হ'ব নেকি? মিঠাই খোৱাব লাগিব- আপোনাৰ ছোৱালী (য়ান্নি) 2nd হৈছে, মাত্র ২ নম্বৰৰ বাে প্রথম ন'হল...।" পিছৰ কথাখিনি মুৰত নোসোমাল। অলপ পৰ ঠাইতে ৰৈ থাকিলো। কি হ'ল বুজিয়েই নাপালো। তেওঁক ধন্যবাদ দি চহীটো কৰি মাকক খবৰটো নিজেই দিবলৈ মই এইবাৰ ১০০ মিটাৰ দৌৰৰ স্প্রিন্টাৰৰ দৰে ওলাই আহিলো। মানুহ এজনৰ সমুখত থাকি তেওঁক এটা সুখবৰ দি তেওঁৰ আনন্দক অনুভৱ কৰা যি অনুভৱ সি মবাইল ফোনেৰে দিয়া খবৰত ক'ত? য়ান্নি এতিয়াওঁ ৰেংক চেংক একো বুজা হোৱা নাই। তাই মোক দেখাৰ লগে লগে মুখত একোচা গাখীৰৰ দাড়ি লৈ দৌৰি আহিল। মাক আৰু মোৰ মাজৰ কথাৰ পৰা কিবা এটা বুজি সুধিলে- "দেতিকা (দেউতা) মই জিকিলো নে হাৰিলো?" মই কোলাত লৈ তাইক চুমা এটা খাই ক'লো -" তুমি আৰু তোমাৰ সকলো বন্ধু জিকিল"। তাই 'হেইয়া' বুলি আনন্দত চিঞৰ এটা মাৰি বাকি থকা গাখীৰখিনি খাবলৈ লৰ মাৰিলে।

দেউতাক হিচাপে প্রতিদিন, প্রতিপলৰ এই অনুভৱবোৰে জীৱনটোক প্রতিটোমূহুৰ্ততে নন ৰূপত বুজিবলৈ, চাবলৈ শিকাইছে। আচলতে য়ান্নি এজনী সৰু ছোৱালী। তাইৰ নাৰ্চাৰীৰ বছৰেকীয়া পৰীক্ষাত মই ইমান শংকিত বা উত্তেজিত হোৱাৰ কাৰণেই বা কি আছিল? য'ত নবম শ্রেণীলৈকে মই নিজেই সহস্রবাৰ নানান বিষয়ত "শূণ্যৰ নবেল বঁটা" পাই থৈছো। কাৰণটো বোধহয় এইটোৱেই যে মই তাইৰ দেউতাক। তাইৰ অকণমান ভালোযে মোৰ বাবে আনন্দৰ এখন বিশাল পৃথিবী। হয়তো মনতো আৰু অধিক আনন্দ এই বাবেই লাগিছিল যে তাইক আমি কাহানিওঁ পৰীক্ষাৰ বাবে বা পৰীক্ষাত 'ৰেংক' পাবৰ বাবে মৰিয়াই খতিয়াই প্রস্তুত কৰা নাছিলো। তাইৰ আটাইতকৈ প্রিয় বন্ধু আৰু আমাৰ First Steps Pre School-ৰ প্রথম ছাত্রী ধৃতি প্রথম হৈছে, তেওঁৰ মাতৃ আমাৰ বিদ্যালয়ৰে শিক্ষয়িত্রী। মাতৃদ্বয়, কণমানীদ্বয় আনন্দিত। মই যে দেউতাক, আনন্দয়োচোন গহীন হৈয়ে ওলাই, যদিওঁ মন থৌকিবাথৌ। দেউতাক বোৰো যে নহয়...।

No comments:

Post a Comment