Tuesday, December 6, 2016

দি দেথ্ অফ এন 'এলিট হাতী' -Vs - 'কমন হাতী'


 
প্রতিটো বস্তু বা বিষয়কে বিজেপি বা কংগ্রেছৰ লেঞ্চৰে চোৱা যি এক ৰাজনৈতিক পক্ষপাতদুষ্ট চৰিত্র সৰহসংখ্যকলোকৰ মাজত গঢ়লৈ উঠিছে ই সামগ্রীকভাবে অত্যন্ত ক্ষতিকাৰক। ৰাজনীতি আফিংত নিচাগ্রস্থহৈ মানুহবোৰৰ মানসিকতা যে অধঃপতনে গৈছে তাক বুজাবলৈ বা বুজিবলৈ এটা উদাহৰণ দিয়াৰ অত্যন্ত প্রয়োজনবোধ কৰিলো-
যোৱা ২৫ তাৰিখে এটা ষ্টেটাচ আপডেট দিছিলো এইদৰে-

"অপৰিকল্পিত ভাবে "Elephant Corridor'-ত ৰেলৰ আলি স্থাপন কৰাৰ বাবে ৰেলৰ খুন্দাত আজি বহু বছৰ ধৰি দিপৰ বিলত বহু হাতী মৰিল। কাহানিওঁ ইমান প্রতিবাদ নেদেখিলো যিমান প্রতিবাদ অলপতে তেজপুৰৰ কাষৰীয়া পতঞ্জলিৰ বাবে আবন্টিত ভূমিত দুৰ্ঘটনাত মৃত্যু হোৱা হাতীটোৰ ক্ষেত্রত দেখিলো। মানুহ হঠাৎ ইমান পশু- প্রকৃতি প্রেমী হৈ উঠা দেখি অলপ বিচূৰ্তি খালো। এই পশু- প্রকৃতি প্রেম ভাল কথা কিন্তু এই অনুভৱ দুৰ্ঘটনাত বা মানুহৰ হিংসাৰ বলি হোৱা পৃথিৱীৰ প্রতিটো হাতী বা পশুৰ প্রতি সমভাবে, নিস্বাৰ্থ ভাবে থকা উচিত। এটা নিৰ্বোধ হাতীৰ অকাল মৃৃত্যুক 'ৰাজনৈতিকৰণ' বা নিজৰ ব্যক্তিগত ক্ষোভ প্রকাশৰ আহিঁলা কৰা কাৰ্য সমৰ্থনযোগ্য নহয়। পতঞ্জলিৰ বিৰুদ্ধে প্রমীলাৰাণী ব্রহ্মৰ এজাহাৰ এক উচিত পদক্ষেপ।"


- বাস্তবঃ সেইটোৱেই হ'ল। পতঞ্জলিৰ বাবে আবন্টিত ভূমিত দুৰ্ঘটনাত মৃত্যু হোৱা হাতীটোৰ দূখত ফেচবুকীয়া ৰাইজৰ দূখে কুলাই পাচিঁ নধৰা হ'ল। কোনোবাই কবিতাওঁ লিখিলে। আবেগ, অনুভূতি, দূখে- বিষাদে মুঠতে কেওঁফালে চাব নোৱাৰা হৈছিল দুদিনমান। কোনোৱে 'ism' বা মতবাদ, কোনোৱে অৰ্থনৈতিক অথবা imperialist aggressive invasion-আদি দৃষ্টিকোণেৰে, কোনোৱে religious anarchism-ৰ দৃষ্টিকোণেৰে নানান তাত্বিক মতামত আগবঢ়ালে। ঠিক আছে। ধৰি ল'লো প্রত্যোকজন ব্যক্তি নিজৰ স্থানত ঠিক আছে। কিন্তু কথা হ'ল যদি ধৰি লওঁ প্রত্যোকজন ব্যক্তি নিজৰ স্থানত ঠিক আছে তেনেহ'লে হোজাইত যোৱাকালি ৰেলৰ খুন্দাত ২ গাভিনীসহ ৩টা হাতীৰ মৃত্যু হ'ল (যিটো প্রকৃততে পতঞ্জলিৰ ঘটনাতকৈওঁ অধিক কৰুণ) সেই বিষয়ে এইসকললোক নিমাত হৈ থকাৰ কৰণ কি? কিয় এইকেইটা হাতীৰ মৃত্যুৱে এওঁলোকৰ হৃদয়ত আচুৰ বহাব নোৱাৰিলে? কিয় এইকেইটা হাতীৰ মৃত্যুক দেখিওঁ নেদেখা হ'ল সকলো? কিয় এইবাৰ তোলপাৰ ন'হল ফেচবুক? ....উত্তৰটো তেনেই সহজ। তেজপুৰৰ হাতীটো আছিল 'পতঞ্জলী হাতী' (ৰাজনৈতিক বোকা ছটিওঁৱাৰ থল আছে) আৰু হোজাইৰ হাতীটো আছল 'সাধাৰণ হাতী'-(ৰাজনৈতিক বোকা ছটিওঁৱাৰ থল নাই)। মানুহ হৈওঁ চিন্তা কৰিবলৈ, জীয়াই থাকিবলৈ শিকক, ... সকলো কথাত ৰাজনীতি বেয়া।

No comments:

Post a Comment