Saturday, November 17, 2012

সাহিত্য.অৰ্গৰ সম্পাদনাৰ অন্তত মোৰ কবলগীয়াখিনি


ফ্রান্সত থকা ভগৎ দা, নৰৱেৰ পংকজ, পুণেৰ দিগন্ত, দিল্লীৰ প্রতিম দা, মিতালী, হিম, যোৰহাটৰ গীতাৰ্থ, গুৱাহাটিৰ দেব দা, মিজোৰামৰ অৰুণ, ইটানগৰৰ বৰ্ণালী অথবা ৰূপালী বৌ, বিভা বৌ আন কাকো মই চিনি নাপাঁও। হয়, অকবলৈ অহাৰ আগতে কোনোবাই যদি মোক এইসকল পৃথিবীৰ বেলেগ বেলেগ দ্রাঘিমাংশৰ তলত বাস কৰা  অসমীয়া লোকৰ কথা সোধা হ'লে মই ক'লো হয় এইলোকক মই চিনি নাপাঁও। 

অকবত মোৰ সংযোজনৰ পৰা সম্পাদনালৈকে এক সুন্দৰ যাত্রা। ভাষা, সৃষ্টি আৰু নতুন সম্বন্ধ- তিনিটা কোণত ক্রমাত বাঢ়ি অহা এক সচ্ছল, সুস্পষ্ট বৃত্তৰ কেন্দ্রত কেতিয়া, কেনেকৈ সোমাই পৰিলো ধৰিবই নোৱাৰিলো। মোৰ সম্পাদনাৰ এই সংখ্যাৰ সাহিত্য.অৰ্গ আলোচনীখনত হয়তো বহু আসোঁৱাহ থাকিল কিন্তু সম্পাদনাৰ সময়ছোৱাত দহটা ঠাইৰ দহজন লোকৰ লগত এটা সৎ ভাষিক আৰু সাংস্কৃতিক উদ্দেশ্য সাধনৰ অৰ্থে নিশা দুপৰলৈকে সকলোৱে একেলগে ব্যক্তিগত স্বাৰ্থহীন এক উদ্দেশ্য সাধনৰ অৰ্থে কাম কৰাৰ যিটো অনুভৱ সেইটো অনন্য। "সাহিত্য সকলোৰে বাবে, সকলো সাহিত্যৰ বাবে"- এই কথাষাৰৰ বাস্তবিক অনুভৱে মনটো জোকাৰি গৈছিল। অসন্তুষ্টি মাথো এটা সত্যৰ মূখামূখি হ'ব নোৱাৰাসকলৰ বাবে পলায়ণৰ সুলভ পথ। উদ্দেশ্য সৎ হ'লে, দৃষ্টি স্থিৰ হ'লে সকলো বাধা তুচ্ছ। ই-সাহিত্যৰ জগতত অকবৰ সফলতাৰ এইটোৱে যে মন্ত্র তাত মোৰ এতিয়া কোনো সন্দেহ নাই। 


এই সংখ্যাৰ আলোচনী খনৰ দাপোন স্বৰূপ ত্রিনয়নৰ অতি সবল আৰু সৃষ্টিশীল বেনাৰখনৰ শলাগ ন'ললে মোৰ অপৰাধ হ'ব। সম্পাদনামণ্ডলীৰ প্রতিজন ব্যক্তিৰ সৱল সহযোগত আলোচনীখনে সুস্থভাবে পোহৰৰ মূখ দেখিলে। লেখক আৰু সম্পাদনামণ্ডীৰ মাজৰ যোগসূত্রৰ দৰে মই মাথো লেখাবোৰ সাঁমৰি সম্পাদনামণ্ডীক গতাই দিছিলো বুলি ক'লেও ভূল ন'হব। আলোচনীখন যদি ভাল হৈছে তাৰ সম্পূৰ্ণ শ্রেয় মই দিব বিচাৰো অকব উঠি অহা অতি প্রতিভাবান লেখকসকলক আৰু সুদক্ষ সম্পাদনা মণ্ডলীক। বৰ্ণশুদ্ধিৰ ক্ষেত্রত মোৰ কাঢ়া দৃষ্টি অভাৱে নিশ্চিতই অলপ আসোঁৱাহ আনিলে। তাৰ বাবে মই সাহিত্যৰ ওচৰত ক্ষমাপ্রাৰ্থী। ৰাইজক লেখা সময়মতে লেখা দিবৰ বাবে কম সময়ে সময়ে যথেষ্ট তাগিদা দি আমণিও কৰিলো। তাৰ বাবে যে ৰাইজে মনত কোনো অসন্তুষ্টি নাৰাখে।



মোক মোৰ সম্পাদনাৰ কালছোৱাত আপোনজনহৈ সহযোগ কৰা সকলৰ নাম উল্লেখ নকৰিলে মনটো গধূৰ হৈ থাকিব। সেইকেইজন হ'ল বন্ধু দিগন্ত ভট্টচাৰ্য্য, গীতাৰ্থ, ভগৎ দা, বৰ্ণালী, পংকজ, হীম, অঞ্জল, প্রতিম দা, মিতালী, দেব দা, ত্রিনয়ন, অৰুণ,ৰঞ্জিত দা, উজ্বল দা, বিভা বৌ, ৰূপালী বৌ, অচিন্ত্য বৰঠাকুৰ। এই মূহুৰ্তত কাৰোবাৰ নাম পাহৰিছো যদি এইয়া মোৰ ভূল বুলি ক্ষমা কৰে যেন। পত্নী লিপিৰ সহযোগ আৰু আন্তৰিকতা অবিহনে এই সম্পাদকৰ কথাবোৰ হয়তো বেলেগ হ'ল হয়। :-))



অনাগত দিনত আপোনালোক সকলোৰে সহযোগিতা আৰু সৃষ্টিশীলতাৰে অকবৰ মজিয়া অসমীয়া ভাষা-সাহিত্যৰ ন ন ৰঙেৰে উদ্ভাষিত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। 



-সকলোলৈকে ধন্যবাদ জনালো।



-ৰক্তিম-

সাহিত্য.অৰ্গ - সম্পাদকীয় (ৰক্তিম গোস্বামী)



“The fear of death follows from the fear of life. A man who lives fully is prepared to die at any time.” ― Mark Twain
মাৰ্ক টোৱাইনৰ এই কথাষাৰ মোৰ অতি প্রিয়। এটা কিচকিচিয়া ক’লা ঘোঁৰা হৈ অহৰহ খেদি ফুৰা মধ্যবিত্তৰ অসুৰক্ষিত মনোভাৱক আওকাণ কৰি যিমান পাৰো কথাষাৰ বুকুত বান্ধি জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। আজিৰ বুকুত বহি কাইলৈৰ ঘৰ সাজি মই যে তাত থাকিব পাৰিম তাক লৈ মই কেতিয়াও নিশ্চিত নহয়। ভয় ভয়কৈ পাৰ কৰা জীৱনৰ প্রতিটো দিন মোৰ বাবে মৃত্যুৰ একো একোটা সৰু সৰু কিস্তি মাথোঁ। হয়, পূৰ্ণাংগ ৰূপত জীয়াই থকাই সঁচা অৰ্থত জীয়াই থকা।
Life is something, we should cherish,
We never know, when we’ll perish.
Live each and every single day,
Smell the flowers, stop and play.
ভোগবাদ আৰু পূৰ্ণাংগ ৰূপত জীয়াই থকাৰ সংজ্ঞাৰ মাজৰ ৰেখাডাল যদিও শকত কিন্তু অতি বস্তুবাদী মনোভাৱ, সূক্ষ্মদৃষ্টি আৰু সঠিক চিন্তাৰ দীনতাই সেই ৰেখাডালক  অদৃশ্যপ্ৰায় কৰি পেলাইছে। সেয়েহে মানুহৰ আত্মিক তুষ্টিৰ প্রাসংগিকতা হেৰাই গৈছে, ইজনে আনজনৰ লগত কৰা বস্তুৰ তুলনামূলক প্রতিযোগিতাৰ মাজত। এই প্রতিযোগিতা ক্রমাৎ দ্রুতৰ পৰা  দ্রুততৰ হৈ গৈ আছে। দূৰ-দূৰণিলৈকে ক’তো কোনো ষ্টপেজ নাই। সজ-অসজৰ চিন্তা বাদ দি যিকোনো প্রকাৰে টকাৰ পাহাৰ গঢ়ি আন দহজনতকৈ কেনেকৈ ওপৰত থাকিব পাৰি তাৰ চিন্তাত টোপনি হেৰাইছে অলেখৰ। গম নোপোৱাকৈ মনে মনে সংগোপনে বিয়পিছে এই ব্যাধি সন্তানলৈ। মা-পিতাকে সন্তানৰ মগজুত সাজি দিয়া অলেখ বস্তু থ’ব পৰা অট্টালিকাটোৰ খালী কুঠৰীবোৰ পূৰাবলৈ দিনক দিনে বাঢ়ি আহে সন্তানৰ বস্তুৰ তালিকাৰ দৈৰ্ঘ্য। তালিকাখনৰ উচিত বাচ-বিচাৰ অবিহনে চাহিদাবোৰ পূৰ কৰাটো যে মাতৃ-পিতৃৰ গৌৰৱৰ অন্যতম কাৰণ হৈ পৰিছে আজিৰ তাৰিখত, বিশেষকৈ নতুনকৈ ধনী হোৱা মধ্যবিত্তৰ মাজত। ব্রেকহীন এই দ্রুত ভুৱা অৰ্থকেন্দ্রিক আন্তঃপাৰিবাৰিক প্রতিযোগিতামূলক যাত্রাৰ পৰিণতি ‘কাল’ হোৱা অলেখ উদাহৰণ আছে আৰু এনে বহু ঘটনা আদিৰ পৰা অন্তলৈ মই নিজ সাক্ষী হৈ ৰৈছোঁ।
১)  সিদিনা গুৱাহাটীৰ ৰেভ পাৰ্টিত মৃত্যু হোৱা কম বয়সীয়া ল’ৰাটোৰ ঘৰ মোৰ ঘৰৰ পৰা খুব বেছি এক কিলোমিটাৰ দূৰৈত। দেউতাক তেজপুৰৰ এজন অতি প্রভাৱশালী ব্যৱসায়ী।
২) দুদিন আগতে পেচাত এগৰাকী অধ্যাপিকা আৰু খুব সংৰক্ষণশীল মাতৃয়ে মোৰ পত্নীক কোৱা এষাৰ কথা—”মই এটা কথাতেই আশ্বস্ত যে মোৰ ল’ৰাই মদ নাখায়, মোক কেতিয়াও মিছা নকয়।” কথাষাৰ মূল্যহীন হৈ পৰিছিল যেতিয়া খবৰ পাইছিলো যে দিল্লীৰ পৰা অভিযান্ত্ৰিক শিক্ষা সাং কৰি ঘৰলৈ যোৱা তেওঁৰ তজবজীয়া ডেকা ল’ৰাটোৰ গুৱাহাটীৰ মাজমজিয়াত এক পথ দুৰ্ঘটনাত মৃত্যু হ’ল। পিছত খবৰ গম পাইছিলোঁ দুৰ্ঘটনাৰ কাৰণ আছিল সুৰাৰ ৰাগী।
৩) প্রতিবাৰ ঘৰলৈ গ’লে ২ বা ৩ জন লগৰ বা কম বয়সীয়া চিনাকী ল’ৰাৰ সুৰাকেন্দ্রিক কাৰণত মৃত্যু ঘটাৰ খবৰ অবাঞ্চিতভাৱে সহজ বাতৰি হৈ পৰিছে।
৪)  মটৰ চাইকেল দুৰ্ঘটনাৰ কথাবোৰ বেলেগে নকওঁ।
- এইকেইটা খবৰ মই নিশ্চিত যে অসমৰ প্রতিখন সৰু বৰ নগৰ-চহৰত বাস কৰা সকলোৰে বাবে চিন্তনীয় তথা নৈমত্তিক খবৰ।
প্রথমেই মনলৈ আহিছিল এইবাৰ সাহিত্য ডট অৰ্গৰ ‘বিষয়-বস্তু’ক লৈ সম্পাদকীয় শিতানত কিবা এটা লিখিম। কিন্তু তেনে কিছু খবৰ আৰু ঘটনাই মনটোত লুকা-ভাকু খেলি থকাৰ বাবে ভবা ধৰণে সম্পাদকীয়ৰ বিষয়বস্তুক বাস্তৱ ৰূপ দিব নোৱাৰিলোঁ। আমাৰ জাতীয় ঐতিহ্যৰ লগত জড়িত সকলো বিষয়ৰ লগত উঠি অহা চামৰ গাঢ় সংস্পৰ্শ জাতীয় স্বাৰ্থতে এক আকোৰগোঁজ সত্য। যি কাৰণতে নহওঁক নতুন চামৰ পশ্চাৎগমনে মোক বাৰুকৈয়ে শংকিত কৰিছে। এজোপা তজবজীয়া গছক গঢ় দিবলৈ যিদৰে উপযুক্ত আৰু নিৰ্ভেজাল সাৰ-পানীৰ প্রয়োজন, সেইদৰে শিশু এটিক মানুহলৈ গঢ়লৈ উঠাৰ বাটছোৱাত আলফুলে ছটিয়াই দিয়াৰ প্রয়োজন জাতীয় গৌৰৱবোধৰ ক্ষুদ্র ক্ষুদ্র বীজবোৰ, যিবোৰে কালক্রমত হ’ব আত্মপৰিচয় আৰু গৌৰৱৰ সবল উপাদান। সংবাদ মাধ্যমৰ জকমকীয়া বিজ্ঞাপনৰ ভুৱা আলস্যতাত দ্রুতগতিত বস্তুবাদৰ পৃথিৱীখনত হেৰাই যোৱা আমাৰ মনবোৰৰ লগতে সমান্তৰালভাৱে নষ্ট হোৱা যুৱশক্তিৰ অসমীয়া দৰে জাতি এটাৰ বাবে গোলকীকৰণৰ বতাহত নতুন চামৰ চিন্তাত ক্রমাৎ ম্লান হ’বধৰা জাতীয় শ্রদ্ধা আৰু কৰণীয় মনোভাৱ এক অতি চিন্তনীয় বিষয়। ।
প্রকৃততে কৰণীয় যে বহুত। মই কিছুদিন আগতে ছুইডেনৰ প্রায় ১৭ বছৰীয়া ফে’চবুকৰ বন্ধু এজনৰ লগত এনে এক বিষয়তে কথা হওঁতে তেওঁ কৈছিল— সাংস্কৃতিকভাৱে বিশ্ব মানচিত্রত আমাৰ দেশখনৰ স্থিতি হয়তো শূন্য।কিন্তু আমাৰ যিখিনি আছে তাকে লৈ শিশুৰ পৰা বৃদ্ধলৈ আমি সকলোৱে গৌৰ কৰোঁ। আমি শৈশৱৰ পৰাই আমাৰ সংস্কৃতিৰ লগত একাত্ম আৰু তাক লৈ আমি আজীন গৌৰ কৰোঁ।” খুব ভাল লাগিছিল কথাষাৰ। বহু ধৰণে, বিভিন্ন দৃষ্টিভংগীৰে কথাষাৰ বিশ্লেষণ কৰিলোঁ বহু পৰলৈ। উত্তৰত পালো প্রকৃততে কথাটো সহজ- এটা প্রজন্মৰ পৰা সবল আৰু সুস্থভাৱে আন এটা প্রজন্মলৈ প্ৰবাহিত হোৱা আত্মগৌৰৱবোধৰ জাতীয় পৰম্পৰাৰ এক সবল উদাহৰণ মাথোঁ হেনৰিকৰ কথাবোৰ।
কঁপি থকা দলংখনত খুপিখুপি খোজ কাঢ়ি পাৰ কৰা মোৰ অতীত।  নৈৰ প্রবল সোঁতত আওকাণ কৰি কতবাৰ কতজন কিমান দিনলৈ এনেকৈ পাৰ হ’ব এই থুনুকা দলঙৰ বুকু গচকি??
বাস্তৱিক চিন্তন আৰু কৰণীয় সকলোৰে দায়িত্ব, সকলোৰে বাবে।
-ৰক্তিম গোস্বামী-


http://www.xahitya.org/2012/11/15/%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%95%E0%A7%80%E0%A7%9F-%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AE-%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE/

Thursday, November 15, 2012

প্রকাশ পালে মোৰ সম্পাদনাৰে ১৫ নবেম্বৰ-১৫ ডিচেম্বৰ সংখ্যাৰ "সাহিত্য.অৰ্গ"



   অসমীয়াত কথা- বতৰা গোটৰ আলোচনী প্রকাশ বিষয়ক টোকা (http://www.xahitya.org/)



"এই নৱেম্বৰ, সেই নৱেম্বৰ' থীমৰ বহুতো অগতানুগতিক ভিন্নসুৰী লিখনিৰ মেটমৰা বোজাৰে পৰিপূৰ্ণ সাহিত্য ডট্ অৰ্গৰ এইবাৰৰ সংখ্যাটি সম্পাদনা কৰিছে ৰক্তিম গোস্বামীয়ে (Ractim Goswami)৷ তেখেতৰ শক্তিশালী সম্পাদনাৰে সমৃদ্ধ সাহিত্য ডট্ অৰ্গৰ নতুন সংখ্যাটি আপোনালোকলৈ আগবঢ়াই দিয়া হ'ল ৷ অনিচ্ছাকৃত ভুল-ত্ৰুটী দেখিলে আঙুলিয়াই দিলে বাধিত হ'ম ! কৰ্মব্যস্ত জীৱনৰ মাজতো সময় উলিয়াই আগবাঢ়ি অহা সম্পাদক গোস্বামী দেৱৰ লগতে সকলো লেখক আৰু সম্পাদনা প্ৰক্ৰিয়াত জড়িত সকলোলৈকে কৃতজ্ঞতাৰ শৰাই আগবঢ়ালো৷ 

ৰাইজে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ফে'চবুক, ইমেইল বা আন মাধ্যমৰৰ দ্বাৰা সাহিত্য ডট্ অৰ্গক প্ৰচাৰ কৰক৷ পঢ়ক আৰু পঢ়ুৱাওক "সাহিত্য ডট্ অৰ্গ" ৷ গৰ্বেৰে কওক "চিৰ চেনেহী মোৰ ভাষা জননী" ৷

Wednesday, November 14, 2012

উশৃংখল বৃত্ত



'ভগবান' আৰু 'অনুমতি' শব্দ দুটা পৰিপূৰক নেকি? ভগবানক/ধৰ্মকলৈ বান্ধি দিয়া 'কৰিব পায়' বা 'কৰিব নাপায়' নিয়মবোৰ ভগবান নাথাকিলে নাথাকিল হয় নেকি? তেনে ক্ষেত্রত মানুহে সকলো কাম কৰিলেহেতেন নেকি বিনা দ্বিধাই? অৰাজকতাই তেতিয়া এটা সু-শৃংখলিত নিয়ম হ'লহেতেন নেকি? নে মানুহে তেতিয়া নিজৰ বৌদ্ধিক সজাগতাৰে একোটা শৃংখলাকেন্দ্রিক নিয়ম বনালেহেতেন? এই শৃংখলাকেন্দ্রিক নিয়মবোৰই 'ধৰ্ম' নেকি যাক পালন কৰিবলৈ বাধ্য কৰাবলৈ একোটা অতি-মানবীয় শক্তিৰ প্রয়োজন আৰু যাক 'ভগবান' নাম দিয়া হৈছে আৰু যাৰ লগত সাঙুৰ খাইছে 'অনুমতি'ৰ প্রশ্নটো।

-ৰক্তিম-

Sunday, November 4, 2012

ভূপেন হাজৰিকাক বছৰ জুৰি উদ্‍যাপন কৰক, কেৱল ৫ নবেম্বৰত নহয়




 ডঃ ভূপেন হাজৰিকা | একে আষাৰে ক’ব পাৰি সৰ্বকালৰ এজন শ্রেষ্ঠ অসমীয়া বুলি যোৱা বছৰ ৫ নবেম্বৰ দিনটোত হঠাতে পোৱা খবৰটোৱে আন প্রতিজন অসমীয়াৰ দৰে মোকো ম্রিয়মান কৰি তুলিছিল। এক মূহুৰ্ততে যেন উৰা মাৰিম অসমলৈ বাংগালোৰৰ কাম-কাজ এৰি তেখেতক শেষ শয়ণত এপলক চোৱাৰ হেঁপাহে মনটোক বাৰে বাৰে খুন্দিয়াই আছিল। তেখেতৰ মৃত্যুৰ বাতৰিয়ে যেন পৃথিৱীৰ প্রতিটো কোণৰ প্রতিজন অসমীয়াক আবেগৰ একেডাল এনাজৰীৰে পলকতে বান্ধি পেলাইছিল তেওঁৰ মৃত্যুৱেও যেন অসমীয়াক পুনৰবাৰ শিকাই গ'ল একতাৰ সংজ্ঞা,  একতাৰ বান্ধোন শকতিৰ এক নিৰল অনুভৱ।

অসমীয়া এটা আবেগিক জাতি। ডঃ ভূপেন হাজৰিকাক শত-সহস্র জনতাই বিদায় দিলে চকুলোৰে, গীতেৰে, কবিতাৰে। তেখেতৰ অন্ত্যেষ্টি ক্রিয়াৰ জনসমাগমে বিশ্ব-অভিলেখ ৰচিলে। তেখেত হেৰাই যোৱাৰ দুখ মাৰ নৌ-যাওঁতেই  পলকতে পাৰ হ'ল এটা বছৰ। চাৰিওফালে উঠিছে এজন অনন্য অসমীয়াক স্মৰণ কৰাৰ আয়োজনৰ ধুম।  পুনৰ আন এটা বছৰ পাৰ হ'ব। এটা গতানুগতিক পৰ্ব্বত হয়তো লাহে লাহে পৰিণত হ'ব ৫ নবেম্বৰ তাৰিখটো, অসমীয়াৰ বাবে ! শিল্পী দিৱস, ৰাভা দিৱস আৰু আন আন দিৱস বোৰৰ দৰেই আমি গম নোপোৱাকৈয়ে হয়তো লাহে লাহে পাতলিব তেখেতৰ বিয়োগৰ দুখৰ লগতে তেখেতৰ সাংস্কৃতিক, সামাজিক আৰু মানৱ দৰ্শনক বুজাৰ হেপাঁহ।

আজিৰ নতুন চামৰ বিদেশ যোৱা হেপাঁহৰ কথা ভাবিলে ১৯৫২ চনতে গণ-সংযোগৰ দৰে বিষয়ত ডক্টৰেট ডিগ্রী লোৱা দাদা চাহেব ফাল্কে বঁটা বিজয়ী এই বিশ্ব বৰেণ্য শিল্পীজনৰ কথা বাৰে বাৰে মনলৈ আহে। উঠি অহা প্রত্যেক নতুন চাম অসমীয়াৰ লগত এই গৰাকী ব্যক্তিৰ কৰ্মৰাজীৰ বাস্তৱিক সংযোগে, তেখেতক 'সঁচা অৰ্থত' অসমৰ বুকুত চিৰকাল সজীৱ কৰি ৰখাৰ লগতে, নিশ্চিত ভাৱেই আন দহজন নতুন অসমৰ সপোনদেখা 'অগ্নিযুগৰ ফিৰিঙতি'ৰ জন্ম দিব। পদ্মবিভূষণ, অসম ৰত্ন এইজন ব্যক্তি যদি সময়ৰ সোঁতত কেৱল এক বাৰ্ষিক উদযাপনৰ বিষয়বস্তু হৈ ৰয় তেনেহ'লে এইটো আমাৰ এক ডাঙৰ ভুল ৰূপে পৰিগণিত হ'ব। জ্যোতি আগৰৱালা, বিষ্ণু ৰাভা, ফণী শৰ্মাৰ লগতে অসমীয়া সাহিত্য-সংস্কৃতিৰ লগত জড়িত বহু দ্বিগজ অসমীয়াক দুই এক বিশেষ দিনৰ বাদে আমি যেন তেখেতসকলক মনত পেলোৱাত চূড়ান্ত কৃপণালি কৰিছো কথাটো কিমান সত্য আৰু ইয়াৰ কাৰণ কি -অলপ সচেতন ভাবে চিন্তা কৰিলে ইয়াৰ উত্তৰ প্রত্যেকে হয়তো নিজেই বিচাৰি পাব।

নতুন আৰু পৰিবৰ্তন প্রকৃতিৰ কেতিয়াও সলনি নোহোৱা নিয়ম। নতুনৰ ধুমুহাক এহাতে সাৱটি বৰ্তমানে আনখন হাতেৰে অতীজৰ সম্পদসমূহ শৃংখলিতভাৱে ভবিষ্যতলৈ পৰ্য্যবেশিত নকৰিলে এক বিশৃংখল শূণ্যতাৰ সৃষ্টি হয় য'ত সহজে বাহ লয়  কিছুমাণ অপ্রাসংগিক উপাদানে, পুনৰ এক অবাঞ্চনীয় বেমেজালিৰ সৃষ্টি কৰি আমিবোৰ ‘বৰ্তমান’ ! আৰু আমাৰ দায়িত্ব সেয়ে সৰ্বাধিক। আমাৰ অতিকৈ চহকী জাতীয় সম্পদস্বৰূপ, সৰ্বাধিক ভাষাত সংগীত পৰিচালনা কৰা একমাত্র অসমীয়া ভূপেন হাজৰিকা দেৱক আমি যেনেকৈ চিনি পাঁও, আমাৰ জাতীয় দায়িত্ব হিছাবে তেনেকৈয়ে যেন আমি চিনাকি কৰাই দিওঁ আমাৰ উত্তৰপুৰুষ সকলক সকলো অজুহাত আওঁকাণ কৰি ভূপেন হাজৰিকাৰ লগতে আন প্রতিজন মহান অসমীয়া  চৰ্চাৰ বিষয় হওঁক আমাৰ দৈনন্দিন কথোপকথনৰ ! আৰু এই প্রচেষ্টাৰ আৰম্ভণী হওঁক নিজৰ পৰা সৃষ্টিক স্বীকৃতি নালাগে কাৰণ  ইয়াৰ ফলপ্রসূতাই সময়ত ইয়াৰ পৰিচয় হয় গৈ। অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি তোলা অসমীয়া সকলো শ্রদ্ধেয় ব্যক্তিৰ ক্ষেত্রতো এই কথা প্রযোজ্য তেখেতসকলৰ অৱদান সমূহ যথোচিত ভাৱে চৰ্চা নকৰিলে আমিবোৰ কালৰ সোঁতত ব্যক্তিগত আৰু জাতীয় দৈন্যতাৰ পকনীয়াত  জাহ যাম।


দিৱস এটা উদযাপন কৰাটো বহু ক্ষেত্রত প্রয়োজনীয় লগতে সহজো | কিন্তু তাৰ প্রাসংগিকতাক নিজ জীৱনত উপলব্ধি কৰি  তাৰ উচিত মূল্যাংকণ কৰাৰ লগতে তাৰ লগত সন্নিহিত বৌদ্ধিক দায়িত্বসমূহক সুচাৰুৰূপে পালন কৰাতহে লুকাই আছে কোনো দিৱস উদ্‍যাপনৰ সফলতাৰ মাপঁকাঠি। অসমীয়া ভাষাৰ বাবে সৰ্বাধিক গীত ৰচনা কৰা এইজন ব্যক্তিৰ মৃত্যুৰ পিছতে 'ভূপেন হাজৰিকা অমৰ হওঁক', 'বৰলুইত থকালৈকে ভূপেন হাজৰিকা আমাৰ মাজত থাকিব" বা অন্যান্য বহু বাক্য চকুত পৰিল, বহু ঠাইত! কিন্তু মই বিচাৰি ফুৰা বাক্যশাৰীবোৰ আছিল "ভূপেন হাজৰিকা প্রতিদিন, প্রতিক্ষণতে আমাৰ লগত থাকিব"ভূপেন হাজৰিকাক আমি আমাৰ মাজত জীয়াই ৰাখিম কাৰণ তেনে ন'হলে ভূপেন হাজৰিকাৰ সত্ত্বাক অমৰ কৰিবলৈ কৰা বা বুঢ়া লুইতৰ আয়ুস পাবলৈ কৰা প্রাৰ্থনাবোৰ কেৱল  প্রাৰ্থনা হৈয়ে ৰ'

আহক আজিৰ এই বিশেষ দিনটোত আমি সকলো অসমীয়াই পণ লওঁ যে, আমি ভূপেন হাজৰিকাৰ লগতে আন প্রতিজন বৰেণ্য অসমীয়াক জীয়াই ৰাখিম আমাৰ কামৰ মাজেৰে, আমাৰ জীৱনৰ প্রতিটো দিনত আৰু আমাৰ উত্তৰপুৰুষক সফলভাবে দি যাম ইয়াৰ উত্তৰ দায়িত্ব, অসমীয়াক এটি জাকত জিলিকা জাতি কৰাৰ স্বাৰ্থত,  নিজৰ স্বাৰ্থত !

-ৰক্তিম-

image website:indianexpress.com

বব মাৰ্লী বিষয়ক প্রকাশিত এটি লেখা...