এক বিশেষ তথ্য মতে ভাৰতত প্রায় ২.৫ কৌটি অবৈধ বাংলাদেশী আছে। আচলতে এই সংখ্যা প্রায় ৫ কৌটি বুলি বহুতে কব বিচাৰে, যিটো নুই কৰিব নোৱাৰি । অসম, যিখন দেশ হৈছে এই ভয়ানক সংখ্যা বৃদ্ধিৰ উৎস অৰ্থাৎ যি খন ৰাজ্যৰ সীমা (সীমা শব্দটো আিৰ তাৰিখত কিমান প্রযোজ্য নাজানো।) নিৰ্বিঘ্নে উলংঘা কৰি এই অবৈধ বাংলাদেশী সকল আহি আছে আৰু য'ত এই অবৈধ বাংলাদেশী সকলৰ সংখ্যা আটাইতকৈ বেছি সেই দেশৰ শাসকীয় মুৰব্বীয়ে কয়-
"ক'ত আছে বাংলাদেশী মোক দেখুৱাই দিয়া মই ধৰিম নহয়। নাই নাই, এইবোৰ চব মিছা কথা। অসমত এটাও বাংলাদেশী নাই।"
এতিয়া ক'তে মৰে মৰক। টোগলকী শাসন শৈলীৰে ( বিশেষকৈ অবৈধ বাংলাদেশীৰ ক্ষেত্রত) 'অনুপ্রাণিত' বিশ্বৰ একমাত্র এই দেশৰ শাসকসকলে কিয় বুজি নাপায় যে অসমখন নিজৰ আলস্যতাৰে ভৰা মহলৰ চাৰিবেৰৰ ভিতৰতে শেষ নহয়। শদিয়াৰ পৰা ধুবুৰীলৈকে একেস্বৰে সকলোৱে আজি অত বছৰে চিঞৰি চিঞৰি বিচৰা -- 'নিজৰ দেশত নিজে শান্তিৰে জীয়াই থাকিব বিচৰা, নিজ দেশত নিজ অস্তিত্ব ৰক্ষাৰ '--দাবিটোৰ অৰ্থ আৰু ভয়াবহতাই কেতিয়াবা, কিঞ্চিতো চিন্তা কৰিবলৈ বাধ্য কৰিবনে তেখেতসকলক ?
কেইবাটা দশক- কেইবাজনো ৰজাই ৰাইজৰ চকুপানীবোৰৰ উত্তৰ চকু মুদি দি শাসনভাৰ চলাই গ'ল। স্বাভাবিকতেই যাৰ পৰিণতিত দিন বেয়াৰ পৰা অতি বেয়ালৈ গ'ল । তেজপুৰ, শিৱসাগৰ, যোৰহাট যেন ঐতিহ্যমণ্ডিত ঠাইৰ মানুহকো বিপদে অনাগত দিনৰ ভয়ানক আগজাননী দি আচুৰি গ'ল ।
এতিয়া প্রশ্ন হ'ল আৰু কিমান দিন এইদৰে যাব? এনে কি বিশেষ কাৰণ আছে যি অসমীয়াৰ ভাষা-সংস্কৃতি-ভূখণ্ড-আবেগ-অনুভ ূতি-গৌৰবময় ইতিহাস সকলোতকৈ উৰ্দ্ধত। যাৰ বাবে শাসনাধিষ্ট সকলে কেৱল মাত্র ২৭২ কিল'মিটাৰৰ এটা সৰু সীমা যোৱা ২৭ বছৰে ভেটিব নোৱাৰিলে। 'ভেটিব নোৱাৰিলে' তো অশুদ্ধ। শুদ্ধটো 'ভেটিব নিবিচাৰিলে'।
আৰু কি কি অঘটন ঘটিলে ৰজাঘৰীয়া সাৰ পাব তাৰ ধাৰণা এটা কৰিব পৰা কৈও তেখেতসকল সচেতন নহয়?
'টোপনি ভাঁও জুৰা মানুহক জগাব নোৱাৰি' আৰু '
শুই ঠকা শিয়ালে হাঁহ ধৰিব নোৱাৰে'
-এই দুইটাই সমানে প্রযোজ্য শাসকসকলৰ বাবে কিন্তু এটা কথা সকীয়াই দিঁও যে -
টোপনি ভাঁও জুৰি জুৰি সঁচাকৈ টোপনি আহিলে সাৰ পায় নিজকে হয়তো 'অসম' নামৰ ভূ-খণ্ডত বিচাৰি নেপাব আৰু হাঁহ দূৰৰ কথা বাংলাদেশীৰ ঘৰত মজুৰী কৰি দুবেলা দুমুঠিও গোটাবও নোৱাৰিব। কাৰণ সিঁহতবোৰৰ কামৰ প্রতি এলাহ নাই নিজেই কৰিব পৰা কামৰ বাবে আনক বিদেশীক (কাৰণ আমিবোৰ হয়তো বিদেশী হ'ম নিজ মাটিতে) মজুৰী কিয় দিব।
ছাৰ উঠক, আমিবোৰ কলৈ যাম, কি কৰিম ভাবক আৰু অলপ দেৰি হ'লে হয়তো আপোনাৰ কামবোৰ আমিবোৰ ৰাইজে হাতে কামে ভগাই লৈ নিজৰ ঘৰ ভেঁটি ৰক্ষাৰ যুজত নামিব লাগিব নিজৰ মাটিতেই। তেতিয়া অবশ্যে আপুনি শুবলৈ যথেষ্ট সময় পাব -'ভাঁও নধৰাকৈ'।