Tuesday, October 23, 2012

“..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..”- মোৰ কিছু কবলগীয়া কথা

“..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..” শীৰ্ষক লেখাটিৰওপৰত ৰাইজৰ মতামতবোৰ পঢ়িলো। মনটো অলপ খেলিমেলি লাগিল। কিয় নাজানো, সৰহভাগ মন্তব্যত ভবা ধৰণে শিশুহতৰ প্রতি ৰাইজৰ আগ্রহ বা সহাঁনুভূতি নেদেখিলো।দেখিলো ক্ষোভ আৰু অসন্তুষ্টি। এই পষ্টতো কোনো ৰাজনৈতিক দল বা নেতাক কেৱল ভাল বা কেৱল বেয়া বুলি প্রতিপন্ন কৰাৰ উদ্দেশ্যে জানো লিখিছিলো? মোৰ কথাখিনি কওতে ভূল হ'ল নেকি? নে শিশুহতৰ হাঁহিবোৰ আপোনালোকৰ লগত ভগাই লম বুলি ভবাটোৱে মোৰ দোষ? চৰকাৰ বেয়া, ৰাইজে গালি পাৰিছে কোনো নেতাক যদি ধৰি পিটিচেও পিটক। মোৰ সেইবোৰত বেছি মগজু ক্ষয় কৰাৰ হেঁপাহ নাই। অকণমান কৰবাত ভাল এটা দেখিলো। মনটো ভাল লাগিল। লিখিলো। আগবঢ়ালো- কিন্তু কথাবোৰ এটা অবাঞ্ছণীয় স্তৰত বোকা ছটিয়াৰ খেলত স্থবিৰ হ'লহি। লেখাটোৰ শিৰোনামাটো বুজুতেই ভুল কৰি দুই-এজনে হাস্যকৰ মন্তব্য দিলে। শিৰোনামাটোত ব্যবহাৰ কৰা ডট আৰু কমায়ে কি বুজায় সেইটো বুজাবলৈ মোৰ বোধেৰে অকব এখন ডাঙৰ মঞ্চ। কেইটামান কথা স্পষ্ট কৰিব প্রয়োজন বুলি ভাবিলো-

১/ “..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..” হস্পিতালৰ ৰাইজৰ মুখৰ পৰা কাঢ়ি অনা বাক্যষাৰ ঘটনাৰ লগত সংগতি ৰাখি শিৰোনামাৰ বাবে মোৰ দৃষ্টিত সৰ্বোত্তম।

২/ মই কোনো দল বা নেতা প্রতি আসক্ত নহয়। মোক কংগ্রেছী বুলি লেবেলিং নকৰিব (কোনোৱে মনতে ভাবিবও পাৰে) কাৰণ কালিলৈ যদি আজমল, বৃন্দাবন গোস্বামীয়ে অথবা বিজয়া চক্রবৰ্তীয়ে ভাল কাম কৰে মই তাক 'ভাল' বুলি হাজাৰবাৰ ক'ম।

৩/ ভাল কামক ভাল বুলি ক'ম বা লিখিম আৰু বেয়াটোকো একে ধৰে সমালোচনা কৰিম। "মই অকনু ভূঞাই কৈছো" শীৰ্ষক লেখাটি পঢ়া সকলে মোৰ ভাব বুজোতে সহজ হব। 

৪/ ভাল বিষয় এটাক বোকাৰে পুতি পেলোৱা কথাটোত অসন্তুষ্টি প্রকাশ কৰিলো যিহেতু চৰকাৰক গৰিহণা দিব পৰা বেয়া বিষয়েৰে আমিবোৰ ইতিমধ্যে পুট খাই আছো। আমাৰ চৌদিশ সদায় সমালোচনা ৰজনজনাই থাকে। টিভি, বাতৰি কথা-বতৰা সকলোতে। কোন চোৰ, কোন পুলিচ তাক বিচাৰ কৰিব পৰাকৈ যথেষ্ট জ্ঞান হয়তো মোক ভগবন্তই দিয়া নাই। ভালটো দেখি কেৱল ভাল বুলিলো স্পষ্টভাৱে। 

৫/ চৰকাৰৰ ভাল বেয়া বিচাৰ কৰিবলৈ আমাৰ সময় আছে। চিকিৎসা সেৱাৰ মান উন্নত হোৱা পৰলৈকে আমাৰ হয়তো সময় আছে। কিন্তু ভূক্তভোগী শিশুসকল? কিমান সময় আছে সিহতৰ হাতত? চিকিৎসা নাপালে কাৰোবাৰ ১ মাহ কাৰোবাৰ হয়তো ১ বছৰ।

৬/ ভাল কাম এটাৰ আঁত ধৰি কৰা চৰকাৰৰ বা হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা খিনি যদি কোনোবাই শিশুঁহত হস্পাতালত থকা অবস্থাত সিঁহতৰ মাক-দেউতাকক একে আত্মবিশ্বাসেৰে কব পাৰে, তেন্তে সেইজন মানুহ মোৰ মানত এজন সৎ আৰু সচা অৰ্থত সাহসী মানুহ।

৭/ মন্তব্য দিওতে মূল লেখাটোৰ বিষয়বস্তুৰ মৰ্মাথ বুজাটো খুব প্রয়োজন। তেনেহ'লে কথাবোৰ সহজ হয় আৰু অহেতুক বাক-বিতণ্ডতা এৰাই চলিব পাৰি।

মোৰ দৃষ্টিত চৰকাৰৰ সংজ্ঞা কি মই লেখাটিত স্পষ্টকৈ দিছো। 

"অসমৰ মুল সমস্যাবোৰ সমাধান নোহোৱা পৰ্য্যন্ত মোৰ বাবে চৰকাৰ সময়ে সময়ে দলীয় পোচাক সলনি কৰি জনগণক চলে-বলে-কৌশলে শাসন কৰিব বিচৰা, জনগণৰ দ্বাৰা নিৰ্বাচিত এক ব্যৰ্থ শাসকৰ সমষ্টি। এই অভিজ্ঞতাৰ পূৰ্বে চৰকাৰৰ কোনো মানৱ কল্যাণ আচঁনিয়ে 

আজিলৈকে মোক চুই যাবলৈ সক্ষম হোৱা নাছিল।"

এনে ধৰণৰ আবেগিক আৰু মানুহৰ ভাল হোৱা খৱৰ মই যে পুণৰ কাৰোবাৰ লগত এনেকৈ ভগাই ল'ব পাৰিম, তাত সন্দেহ। বিষয়বস্তু বিশেষে ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি কোৱা নিৰ্দিষ্ট স্থান-কাল-পাত্র আছে। আমি সেইবোৰ নুবুজি মূল বিষয়ৰ পৰা আতঁৰি অপ্রাসংগিক ভাবে মূল্যহীন তৰ্কত লিপ্ত হৈ নিজৰ সময় অপব্যয়ৰ লগতে তৰ্কৰ তিক্ততাৰে মনটো ভৰাই পেলাঁও। এই তুচ্ছ নৰমণিষৰ সকলোলৈ অনুৰোধ অলপ- সচেতন ভাবে এনে তৰ্ক এৰাই চলক। নিজৰ লগতে আনৰো মংগল হ'ব। 

কথাখিনি স্পষ্টকৈ কোৱাৰ প্রয়োজনবোধ কৰিলো। কোনোবা অসন্তুষ্ট হ'লেও মোৰ ফালৰ পৰা কবলগীয়া হয়তো আৰু একো নাই।

আৰ্শীবাদ কৰক শিশুহতৰ মংগল হঁওক।

-ৰক্তিম-

বিঃদ্রঃ ---

....আৰু এটা কথা ড০ শৰ্মাৰ লগত বহুত সময় গ'ল। আহক এতিয়া আমি অহা সংখ্যাৰ সাহিত্যৰ বাবে-

- বাণীকান্তা কাকতি- ১৫ নবেম্বৰ 
-মামণি ৰয়চম গোস্বামী- ১৪ নবেম্বৰ
-ৰঘুনাথ চৌধাৰি- ২৪ নবেম্বৰ
-বেণুধৰ শৰ্মা-১৬ নবেম্বৰ
-চন্দ্র কুমাৰ আগৰৱালা- ২৮ নবেম্বৰ
-লিলা গগৈ-২৫ নবেম্বৰ
-ৰজনীকান্ত বৰদলৈ-২৪ নবেম্বৰ
ডo ভূপেন হাজৰিকাৰ-------

---এই ৮ জন অসমীয়া মহিয়সীক বিষয়বস্ত হিচাপে লৈ একোটাকৈ সুন্দৰ প্রবন্ধ যুগুটোৱাত মনোনিবেশ কৰো। আপোনালোকৰ লিখনীলৈ বাট চালো..একেলগে এনে সৰহ সংখ্যক অসমীয়া নমস্য লোকক নিজৰ লেখনীৰে শ্রদ্ধা জনোৱাৰ সুযোগকণ এনেই যাব নিদিব। :-))


https://www.facebook.com/groups/axomiyakothabotora/permalink/452183711500797/

Monday, October 22, 2012

“..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..”



হয়, হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক- এই বুলিয়ে কৈছিল ৯ মহীয়া হিমাদ্রীৰ মাকৰ লগতে আন কেইবাজনেও। হিমাদ্রীৰ দৰে আন বহু কণ কণ শিশুৰে ভৰি আছিল বাংগালুৰু স্থিত নাৰায়না হৃদয়ালয়ৰ পশ্চম মহলা। মাক-দেউতাকৰ বিষাদে আচোঁৰা  মুখ খনক আওঁকাণ কৰি দৌৰি ফুৰিছে কেইবাটিও অসমীয়া কণমানিয়ে,  ৰঙা ৰঙৰ একোযোৰ পোছাক পিন্ধি । মিকি, ডনাল্ড, ৱিনিৰ কাৰ্টুনেৰে ভৰি থকা হস্পিতালৰ শিশু ৱাৰ্ডটোত আমাৰ কণমানিহতৰ যেন সময় নাই। দূৰ্গা পূজাৰ বতৰত  সিহতক ঘৰৰ পৰা দূৰৈত তেনে এটি পৰিবেশত দেখি মনটোত এক বুজাব নোৱাৰা অনুভৱে হাহাকাৰ কৰিলে। প্রতিটো শিশুয়ে বুকুট যে লৈ আছে এটি ব্যাধি। কলিজাৰ আজন্ম ব্যাধি



এটি এটি কৈ ২খন/৪ খন/ বা ৬ খন বিচনাযুক্ত আহল-বহল অতিকৈ পৰিষ্কাৰ পৰিচন্ন ৱাৰ্ডবোৰলৈ সুমাই গৈছিলো। কেইবাটিও শিশুক টোপনিতে পালো। সিহতৰ হাৰ্টৰ অস্ত্রোপচাৰ ইতিমধ্যেই হৈ গৈছে। সফল হৈছে। প্রথম সোমায়ে পাইছিলো ৫ অক্টোবৰতে অহা বঙাইগাৱৰ এটা পৰিয়ালক। ১৬ মহীয়া ৰক্তিম দাসৰ দেউতাকক। আজি প্রায় ১৭ দিন ধৰি চিকিৎসা চলি আছে।দেউতাকক সোধাত ক’লে যে পুৱাৰ পৰা নিশাৰ আহাৰকে সামৰি চিকিৎসাজনিত কাৰণত কোনো ব্যয় কৰিবলগীয়া হোৱা নাই ৰক্তিমৰ দেউতাকে । ৰিপৰ্ট সকলো থিকে থাকিলে দুই এদিনতে ৰক্তিমৰ হয়তো অপেন হাৰ্ট অস্ত্রোপচাৰ হ’ব। ৰক্তিমৰ গাত হাত বুলাই তাৰ মংগল কামনা কৰি কাষৰ বিচনানলৈ গ’লো। বিকাশ দেউৰী, বয়স ৩ বছৰ। ঘৰ লক্ষীমপুৰ। খুব মৰম লগা বিকাশে মাকৰ লগত যুঁজি যুঁজি অ,আ,ক,খ-ৰ ছবিৰে ভৰা কিতাপ এখন ডাঙৰ বেগ এটাৰ পৰা উলিয়াই লৈ পঢ়িব ধৰিছে। মই ওচৰ পোৱাত সি একেজাপে মোৰ কোলালৈ আহিল। সুধি গ’ল অগনণ  শিশুসূলভ বিস্ময়ভৰা  প্রশ্ন। মই উত্তৰ দি গ’লো হাঁহি হাঁহি। পলকতে বিকাশ মোৰ বন্ধু হ’ল। বিকাশৰ আজি অস্ত্রোপচাৰ হৈ গ’ল। সি হয়তো এতিয়া একান্তভাবে শুই আছে এটি নতুন জীৱন সাবটি। সি যে এতিয়া প্রাণভৰি পঢ়িব পাৰিব তাৰ প্রিয় কিতাপবোৰ আজীৱন। শান্ত স্বভাৱৰ বিকাশৰ মাকৰ লগত একো কথা নপতাকৈয়ে যেন বহু কথা পাতি পেলালো। লাহেকৈ আগুৱালো বৰপেটাৰ পৰা মাকৰ লগত অহা ৯ মহীয়া হিমাদ্রীৰ ওচৰলৈ। এটি শব্দও বিনিময় হোৱাৰ পূৰ্বে হিমাদ্রীৰ মাকৰ চকুত বিৰিঙি উঠিছিল চকুলো। ছোৱালীজনীক সাৱটি  ধৰি  কান্দি কৈছিলে-“এই সোণকনক ভাল কৰি লৈ যাব পাৰিলেই হ’ল। মোক আৰু জীৱনত একো নালাগে।“ হিমাদ্রীয়ে মোলৈ চাই হাঁহি আছিল। তাইক চুমা এটি খাই আবেগত উঠলি উঠা মনটোক চম্ভালি লবলৈ বুলি বাহিৰলৈ উলাই আহিছিলো।

“ আমি দুখীয়া মানুহ। ভগবানে আমাৰ ল’ৰা ছোৱালীক হতক এনে বেমাৰ দি কি ন্যায় কৰিছে বুজি নাপাঁও ? চৰকাৰে এইকণ সুযোগ নিদিয়া হ’লে আমি কি কৰিলো হয়? হিমন্ত বিশ্ব শৰ্মাই আমাক বচালে ”।  এজনে কোৱা কথা এইষাৰ। গুৱাহাটি চিকিৎসা মহাবিদ্যালয় চৌহদৰ পৰা পুৱা চৰকাৰী বাহনেৰে গুৱাহাটি বিমান বন্দৰলৈ নি তাত তেখেতসকল যাতে সুকলমে বিমানত পদাৰ্পণ কৰে অকল সেয়ে তদাৰক কৰা নহয়, বাংগালুৰু বিমান বন্দৰত অবতৰণ  কৰাৰ পিছত তেখেতসকলৰ বাবে নিয়োজিত কৰা আন এজন ব্যক্তিয়ে তেওলোকক নিয়াৰিকৈ নাৰায়না হৃদয়ালয়ৰ নিদিষ্ট কোঠা পোৱাইছিলহি। তাৰ পিছত আৰম্ভ হৈছিল পয্যায় ক্রমে চিকিৎসা। সময়মতে খাদ্য। মূহুৰ্তে মূহুৰ্তে আহি খবৰ লৈ থকা নাৰ্চবোৰৰ কথা কৈ মানুহজনৰ মনটো কৃতজ্ঞতাত দো খাইছিল বুলি সহজতে অনুভৱ কৰিব পাৰিলো।

ভুক্তভূগীসকলক তেখেতসকলৰ স্বত্বিৰ ক্ষণত লগ পোৱাৰ পাছতহে দকৈ অনুভৱ কৰিব পাৰি চৰকাৰী এই পদক্ষেপৰ মানবীয় দৃষ্টকোণটোৰ মহত্ব। নাৰায়না হৃদয়ালয়ৰ থকা প্রতিটো ক্ষণতে চৰকাৰী এইপদক্ষেপক কি বুলি প্রশংসা কৰিম তাৰ ভাষা বিচাৰি ফুৰিছিলো। এনে এক বিনামূলীয়া সেৱাৰ অভাৱত অত দিনে কিমান শিশু দূখীয়া মাক-দেউতাকৰ বুকু উদং কৰি গুচি গ’ল ভাবি মনটো গোমা হৈ উঠিল। মই এজন ৰাজনীতি বুজি নোপোৱা সাধাৰণ মানুহ। অসমৰ মুল সমস্যাবোৰ সমাধান নোহোৱা পৰ্য্যন্ত মোৰ বাবে চৰকাৰ সময়ে সময়ে দলীয় পোচাক সলনি কৰি জনগণক চলে-বলে-কৌশলে শাসন কৰিব বিচৰা, জনগণৰ দ্বাৰা নিৰ্বাচিত এক ব্যৰ্থ শাসকৰ সমষ্টি। এই অভিজ্ঞতাৰ পূৰ্বে চৰকাৰৰ কোনো মানৱ কল্যাণ আচঁনিয়ে আজিলৈকে মোক চুই যাবলৈ সক্ষম হোৱা নাছিল। ডক্তৰ শৰ্মাৰ দৃষ্টিভংগীক আৰু এই আচঁনিৰ সফল ৰূপায়ণক মই এজন “মানুহ” হিচাপে  হাজাৰবাৰ শলাগ ল’লো। কোনোবাই যদি ক’ব বিচাৰে এই আচঁনিও কোনো ৰাজনৈতিক মুনাফা আদায়ৰ মাধ্যম তেনেহ’লে ক’ম এনে ৰাজনীতি প্রতিজন ৰাজনীতিকে কৰক, বাৰম্বাৰ কৰক। চৰকাৰী এক সজ চিন্তা আৰু প্রচেষ্টায়ে কৰো বুলিলে ৰাইজৰ কিমান মংগল কৰিব পাৰে, ৰাইজৰ আশীৰ্বাদ বুটলিব পাৰে স্বচক্ষুয়ে দেখিলো, বুজিলো আৰু অনুভৱ কৰিলো। বিচাৰো আজিৰ চৰকাৰে শাসনৰ প্রতিটো দিশতে এনে পাৰদৰ্শিতা লভক। অসমক এটি শাসক দলৰ নহয় ৰাইজৰ সৰ্বাংগীন মংগল কৰা এখন চৰকাৰৰ প্রয়োজন।
নাৰায়না হৃদয়ালয়ৰ পৰা ওলাই অহাৰ বহু পৰ পিছলৈকে দূখীয়া মাক-দেউতাক সকলে  কোৱা “..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..” কথাষাৰ মনত ঝংকাৰিত হৈ থাকিল।

-ৰক্তিম গোস্বামী-
০৯৯৮৬৩৩১০৭৫/
বাংগালুৰু

আজি প্রকাশিত শৰত বিশেষ এক লেখা।


Friday, October 19, 2012

সাহিত্য.অৰ্গৰ ১৫ নবেম্বৰ-১৫ ডিচেম্বৰ সংখ্যাৰ বিষয় বস্তু সম্পৰ্কে


দায়িত্বটোৰ কথা কাণ চোৱাওতে অলপ ভয় ভয় ভাৱ হৈছিল। অকব এজাক খুব প্রতিভাশালী, চিন্তাশীল আৰু সৃষ্টিশীল লোকৰ বিচৰণ থলি। এজনতকৈ আনজন ওপৰত। আজি কোনোবা অকব সদস্যই কিবা এটা ডাঙৰ কাম কৰাৰ আনন্দৰ মাৰ নৌযাওতেই আন এজনৰ তাতোকৈ ভাল খবৰ এটা দি আনন্দক আশ্চৰ্য্য লৈ পৰিবৰ্তন কৰাৰ ঘটনা অকবত লাহে লাহে এটা সাধাৰণ ঘটনালৈ পৰিণত হৈছে। সেয়েহে এনে এটি গোটৰ সম্পাদনাৰ কথা আহিলে মনটো সহজতে অতি সচেতন হয়। তাতে মোৰ চুলিৰ আজন্ম শত্রু দিগন্তই সাহিত্য.অৰ্গৰ মান আৰু এখোপ ওপৰলৈ উঠাই মোক আৰু অলপ চিন্তাৰ থল দি শত্রুতা গাঢ় কৰিলে। :-) এইখিনিতে উজ্বল দায়ে গোটতোৰ লগত চিনাকী কৰাই দিয়াৰ বাবে ধন্যবাদ জনালো। 

অকবত প্রথম লেখা দিয়া মূহুৰ্ততো মনত ভালকৈ আছে। বহুবাৰ চিন্তা কৰাৰ পিছত ভয়ে ভয়ে যি হয় হ'ব বুলি পষ্ট কৰিছিলো। ভাল হৈছিল বেয়া হৈছিল নাজানো কিন্তু অকব ৰাইজৰ আন্তৰিকতা আৰু উৎসাহে কলম থবলৈ নিদিলে। যোৱা ১০ দিনত ৩ তাকৈ লেখা ওলাল বাতৰি কাকতত। প্রকাশ হোৱা প্রথম লেখাটো চাই অকব-ক অগণন বাৰ ধন্যবাদ জনাইছিলো। অকব ৰাইজৰ প্রতি মনে মনে কৃতজ্ঞতা প্রকাশ কৰিছিলো। আৰম্ভণিৰ পৰা এতিয়ালৈ বিশেষভাবে গঠনমূলক পৰামৰ্শ আৰু উৎসাহ দি অহা প্রতীম দা আৰু বৰ্ণালী হাজৰিকাৰ শলাগ ন'ললে মনটো গধূৰ হৈ থাকিব। এই কথাবোৰ লিখাৰ এটা উদ্দেশ্য আছে এই উদ্দেশ্য আন একো নহয় "অকব- সমন্বয়ৰ এখন সৃষ্টিশীল সেউজ পথাৰ।" এই খন পথাৰৰ পৰা মোৰ দৰে বহুতে বিচাৰি পাইছে বহুদিন বিচাৰি ফুৰা মনৰ শইচ। এই পৃথিৱী আৱৰা সমন্বয় ক্ষেত্রখনৰ লগত মোৰ দৰে আন বহুতৰ গাঢ় আবেগ জড়িত হৈ আছে। জড়িত হৈ আছে, ভাষাটোক ই-পৃথিবীত আকোৱালী ল'বলৈ সুযোগকণ পোৱাৰ আনন্দ। এই মঞ্চখনৰ মৰ্য্যাদা অটুত ৰাখিবলৈ আমি সকলো ন-পুৰণি সদস্য সদায় যেন ঐক্যবদ্ধ হৈ থাকো। 

বিষয় বস্তু সম্পৰ্কে
_____________

নবেম্বৰ মাহটোৱে অসমীয়াৰ সাহিত্য-সংস্কৃতিক বহুত খিনি দিলে আৰু বহুখিনি কাঢ়িও নিলে। নবেম্বৰ মাহটোত অসমীয়া সাহিত্যৰ বহু কেইজন কাণ্ডাৰীৰ জন্ম হৈছিল আৰু এইটো মাহতেই কাঢ়ি নিছিল আমাৰ মাজৰ পৰা ডo ভূপেন হাজৰিকাৰ লগতে আন বহু কেইজনক। নবেম্বৰ মাহত জন্ম হোৱা, সাহিত্য-সংস্কৃতিৰ লগত জড়িত উল্লেখনীয় ব্যক্তিসকল হল:

-বাণীকান্তা কাকতি- ১৫ নবেম্বৰ 
-মামণি ৰয়চম গোস্বামী- ১৪ নবেম্বৰ
-ৰঘুনাথ চৌধাৰি- ২৪ নবেম্বৰ
-বেণুধৰ শৰ্মা-১৬ নবেম্বৰ
-চন্দ্র কুমাৰ আগৰৱালা- ২৮ নবেম্বৰ
-লিলা গগৈ-২৫ নবেম্বৰ
-ৰজনীকান্ত বৰদলৈ-২৪ নবেম্বৰ

যদিও থিম নহয় তথাপিও আমাৰ মৰমৰ ভূপেন হাজৰিকা দেৱৰ লগতে উপৰোক্ত সাহিত্য কাণ্ডাৰী সকলৰ প্রতি সন্মান আৰু শ্রদ্ধা জনোৱাৰ এই সুযোগকণত মই সকলোকে অনুৰোধ কৰিব বিচাৰো যে - অকব সদস্য সকলে এই মহান ব্যক্তিসকলক বিষয়বস্তু হিচাপে লৈ নিজ নিজ সৃষ্টিশীল লেখাৰে আগন্তক সংখ্যাটি যেন সজাই তোলে। 

আপোনালোকৰ সহযোগ অবিহনে 'সম্পাদক' এটা আলংকাৰিক শব্দ মাথো।

সাহিত্য.অৰ্গৰ আগন্তক সংখ্যাক সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ সহযোগিতা কামনা কৰিলো ন-পুৰণি সকলোৰে পৰা।

শ্রদ্ধা সহকাৰে...

-ৰক্তিম-

https://www.facebook.com/groups/axomiyakothabotora/permalink/449946535057848/?notif_t=like

সাহিত্য.অৰ্গ সম্পাদনাৰ দায়িত্ব

১৫ নবেম্বৰ-১৫ ডিচেম্বৰ সংখ্যাৰ  সাহিত্য.অৰ্গ সম্পাদনাৰ গধূৰ দায়িত্বৰ পৰিল। মিশ্রিত অনুভৱ- দায়িত্ববোধ আৰু আনন্দৰ। অকব মজিয়াত নতুন সম্পাদকলৈ দায়িত্ব হস্তান্তৰ কৰাৰ পৰত অকবৰ প্রশাসক মণ্ডলীয়ে মোৰ বিষয়ে যুগুটোৱা এটি লেখাৰ কথাখিনি সাঁচি ৰাখিলো-


"সাহিত্যৰ খবৰ

-----------
কেতিয়াবা সুৰৰ মায়াজাল সাজি অকব কঁপায় । কেতিয়াবা ক্ষুৰধাৰ লিখনিৰে চিন্তাৰ খোৰাক যোগায়। কেতিয়াবা অবিন্যস্ত চুলিৰ মাজত অশান্ত মন। কেতিয়াবা চিনাকি আখৰত চিন্তাৰ প্লাবন। ৰক্তিম গোস্বামী, হয় ঠিকেই ধৰিছে।

"জাপানী কাৱৈ :: লকৈ ছাৰৰ জাপান যাত্রাৰ আঁৰৰ কাহিনী", "নানা দেশ নানা গীত","কুকুৰ","ইংৰাজী সংগীত, চুলি আৰু মধ্যবিত্তীয় সংকীৰ্ণতা","মোৰ বুকুত কপৌ ফুলক, তেজ শুহি মোক সজীব কৰক","টোপনি, সাঁপডাল আৰু বেলিটো","সপোনৰ অগল্প" আদি অলেখ অগতানুগতিক লিখন শৈলীৰে অকব তথা সাহিত্য ডট্ অৰ্গক সমৃদ্ধ কৰা লিখক, গায়ক তেজপুৰীয়া ডেকা ৰক্তিম গোস্বামীক অহাবাৰৰ সাহিত্য ডট্ অৰ্গৰ সম্পাদনাৰ গধুৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। তেজপুৰ চৰকাৰী উ: মা: বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা, তেজপুৰ মহাবিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক আৰু ৰাজনীতি বিজ্ঞানৰ স্নাতক, কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ আৰু জে.বি. মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক শ্ৰীগোস্বামী কৰ্মসূত্রে বৰ্তমান বেংগালুৰুৰ নিবাসী আৰু টেকনিকেল ৰাইটাৰ হিচাপে কৰ্মৰত। সকলো সদস্যকে আগন্তুক সংখ্যাটি সৰ্বাংগ সুন্দৰ কৰি সজাই পৰাই তুলিবলৈ তেখেতক সহায় সহযোগ কৰিবৰ বাবে আহ্বান জনালো৷"




Tuesday, October 16, 2012

Friday, October 5, 2012

...শৰত কালি, আজি আৰু কালিলৈ



সীমাহীন উৎকন্ঠাৰে প্রতিটো শৰতক আদৰাতো এটা স্বতঃস্ফূৰ্ট ৰসাল আবেগ সকলোৰে বাবে। এই ৰসাল আবেগৰ ঢৌৱে কোবাই যোৱা ল'ৰালিৰ অনুভৱে প্রতিটো শৰততে মনটোক চঞ্চল কৰি তোলে। প্রতিটো শৰততে নিজকে উভতি চাও। প্রতিতো শৰততে অনুভৱ কৰো কিবা এটা হাতৰ মুঠিৰ পৰা  পিছলি গৈ আছে, লাহে লাহে। 


হাতত ৰঙা-নীলা বেলুন, চকুত ৰঙীন চশমা, হাতত বন্ধুক আৰু সৰু দেহাটোত লিপিট খাই থকা এযোৰ মৰমলগা নতুন পোচাকেৰে আৰাম্ভ হয় শৰত উৎসৱ 'দূৰ্গা পূজাৰ' প্রথম পুৱা। আইটাৰ ঘৰলৈ বুলি ওলাও পুৱা আঠ বজাতে ঠিক হিন্দী চিনেমাৰ কাইদাত ককালত বন্দুক খূঁচি। আইটাৰ ঘৰ আমাৰ ঘৰৰ পৰা এক মাইলমান আতৰত আছিল কিন্তু সেই সময়ত  এক মাইল পাৰ কৰি আইটাৰ ঘৰ পোৱা মানে এখন অন্য ৰাজ্যত সুমোৱা যেন লাগিছিল। আইটাৰ ঘৰ গৈ প্রথমেই কাক কাক চেলেঞ্জ কৰিম তাৰ তালিকা আমাৰ যৌথ পৰিয়ালটোৰ খূৰা-বৰদেউতাৰ ল'ৰাৰ লগত আগতেই প্রস্তুত কৰি ৰাখিছিলো। বহু ক্ষেত্রত যোৱা পূজাত ঘটা ফিল্মী ষ্টাইলত লগা কাইজীয়াৰ প্রতিশোধ ল'বলগীয়া আইতাৰ ঘৰৰ কাষৰ সমবয়সীয়া ল'ৰাবোৰৰে তালিকাখন ভৰি থাকে। কাক কেনেকৈ 'এটেক' কৰিম তাৰ ফুলপ্রুফ প্লেন এখনো বনাও যদিও যুদ্ধক্ষেত্রত সেইখন চুপাৰফ্লপ হয় প্রতিবাৰে।  ডাঙৰ হৈ বুজি উঠালৈকে আমি এনেদৰেই একেখিনি ল'ৰাই 
গম নোপোৱাকৈ শৰতৰ আমেজ লৈ লৈ কল্পনাৰে ভৰা এখন পৃথিবীত নিজকে 'হি-মেন', 'স্পাইডাৰ মেন' অথবা ৰামায়ণৰ 'ৰামচন্দ্র' বুলি ভাবি সকলোৱে ইটোৱে সিটোৰ লগত খুব যুঁজ দিলো । ঘৃণাহীন, নিষ্পাপ যুঁজ। চাৰিদিনৰ উন্মাদনাৰে ভৰা এই যুঁজৰ অন্ত হৈছিল বিজয়া দশমীৰ, ৰাৱন বধৰ দিনা । এতিয়া ঘৰলৈ গ'লে সিহতক পালে চুম্বকৰ দৰে অজানিতে ইটোৱে সিটোক সাৱতি ধৰি লিপিট খাঁও আৰু তেতিয়া অবতৰতো গোন্ধাই শৰত শৰত। সম্বন্ধবোৰৰ মাজত শৰত হয়তো এনেকৈয়ে লুকাই থাকে চিৰকাল। 

শৈশৱৰ পৰাই মোৰ জীৱনত শৰতে এক সুৰীয়া বৈশিষ্ট বহন কৰি আহিছে। এই পৃথিৱীত শৰত আগমনিৰ প্রথম বতৰা শৰতে কাণে কাণে যেন মোকহে কয়। খুব আত্মবিশ্বাসেৰে মোৰ পত্নী (তেতিয়াৰ বন্ধু)ক প্রায় ১০/১২ বছৰৰ পৰাই কৈ আহিছো 'লিপি, আজি শৰত সুমাল...' যেন শৰতৰ সৰ্বস্বত্ত্ব মোৰ নামতহে সংৰক্ষিত হৈ আছে। সজীৱ ৰ'দে-ফুলে-বতাহে নতুন কৰি তোলা মোৰ মনটোক আছলতে আন দহজনৰ দৰে আগমণিৰ ক্ষণতে আপোন কৰি পেলাই শৰতে। অহৰহ যেন কিবা এটা গুণগুাই থাকিম। শৰতৰ প্রতিটো পলতে মুঠি মাৰি ৰাখিম গীটাৰখন নিজ হাতত। শৰতৰ পুৱা যেন এটি মিঠা গীত অবিহনে উদাস। শৰতত সংগীত মোৰ প্রিয়ৰ পৰা প্রিয়তমা প্রেয়সী হয় যাৰ অবিহনে শৰতত এটি মূৰ্হুত্ব কটোৱাতো এক যাতনা।


মানুহবোৰ সঁচাকৈ নষ্টালজিক হয় এই বতৰত। নাকত শৰতৰ চিৰনতুন গোন্ধই কথাবোৰ এনেদৰেই মনত পেলাই। যোৱাকালিৰ কথাবোৰে আজি আহি মনৰ কোঠালীত খলকণি তোলে। শৰতে আবৰা শৈশবৰ দিনবোৰলৈ  উভতি চালে অলপ উদং উদং লাগে মনটো। "কিবা যেন নাই আজি নাই..."। শৰত আহিয়েই পৰিয়ালৰ এজন অদৃশ্য সদস্য হৈ পৰে। নিজৰ ঘৰত, আপোনজনাৰ লগত শৰতক উপভোগ কৰাৰ সমান আনন্দ আৰু কি হ'ব পাৰে ? পৃথিবীখন গোলকীয়া ধুমুহাই কোবাই গ'ল আৰু বহুতৰ পৰা আতৰাই লৈ গ'ল এনে এক শ্বাশ্বতঃ অনুভৱ উপলব্ধিৰ থল। কিমান যুক্তিসংগত তাৰ বাচ-বিচাৰ কৰিব নাযাও কিন্তু এই  মূৰ্হুত্ব মই অনুভৱ কৰো মই যেন এজন ক্লান্ত যোদ্ধা, যি যুদ্ধ জয় কৰিও অগনন মৃতদেহৰ মাজত নিৰ্বাক, স্থবিৰ, অশান্ত। শৰতৰ আবেগে টানি নিব বিচৰা মোৰ দুহাতত যেন প্রত্যাশিত বস্তুবাদৰ 
জিঞ্জিৰি। 


নাজানো মানুহৰ ভবিষ্যত কি? নাজানো কেতিয়া মানুহে নিজেই ৰবট হোৱাৰ দৌৰত ভাগ ল'ব? নাজানো মানুহে পৃথিবীৰ আটাইতকৈ উচ্চ অট্টালিকা বনোৱাৰ আৰু কিমান প্রতিযোগিতা কৰিব? কিন্তু দেহ-মন তিতাই যোৱা শৰত সিক্ত সেউজ অনুভৱে মানুহক প্রতিবাৰেই কে যাব.... 

" মই শৰত, মই মানুহৰ কোমল মনত পোহৰ বিলাই জীয়াই থাকো।
 মনবোৰ শিল নকৰিবা, মোৰ বাবে এটি কোঠালী সদায় ৰাখিবা। "



শৰত কালি, আজি আৰু কালিলৈ- শৰতৰ আজন্ম প্রেমিক মই........



-ৰক্তিম-
বাংগালুৰু
০৫ অক্টোবৰ/১২


Wednesday, October 3, 2012

পঁপীয়া তৰাৰ সাধু



ৰাতিৰ আকাশত
হঠাৎ উজলি উঠিছিল তৰাটো,

পৃথিবী উজলোৱা সপোনলৈ
দুৰ্বাৰ গতিৰে নামি আহি
ক'ত বা নোহোৱা হ'ল সি?



-ৰক্তিম-
০৩ অক্টোবৰ/১২

Tuesday, October 2, 2012

চিঠি

'আমি অসমীয়া'ৰ পত্রলেখা শিতানত প্রকাশিত মোৰ এখন চিঠি। ভনী মৈত্রেয়িৰ তাগিদাৰ ফল। ভনীলৈ মৰম আৰু কৃতজ্ঞতাৰে...





১৭ মে’-২০১১ 
লিপি,                                    

মোৰ মৰমবোৰ সদায় তোৰ। চিঠিৰ জৰিয়তে বেলেগে দিয়াৰ প্রয়োজন নাই বুলি তই ভালকৈ জান। তই ঘৰ যোৱা আজি প্রায় ৬ মাহেই হ’ল। তোৰ অবিহনে যে মই এটা দিনো ভালকৈ কটাব পাৰিম মই কল্পনাই কৰিব পৰা নাছিলোঁ কিন্তু চাই থাকোতেই ৬টা মাহ এচাটি চেঁচা বতাহৰ দৰে গালে-মুখে কোবাই পাৰ হৈ গ’ল। এটা কথা বুজিলোঁ যে ‘সময়’ এক যাদুকৰি শক্তি। 

চাকৰিৰ পৰা আহি ভাগৰি জুগৰি ঘৰ খনত সোমালে বৰ খালী খালী অনুভৱ হয়, জাননে?  ভাৱ হয় যেন কোনো ল’জ এটাৰ চাৰিবেৰৰ কুঠৰী এটাত হে যেন সোমাইছোঁ। তই নাথাকিলে সঁচাকৈ সকলো উদং হৈ যায়। কিবা কৰি পেটত এগাল ঠেলি-হেচি সুমাই নিশা দুপৰলৈ টিভিৰ চেনেলবোৰৰ সলাই সলাই কেৱল তোৰ কথা মনত পেলাই থাকোঁতেই যায়। পুৱা পুনৰ মহানগৰৰ গতানুগতিক আমেজহীন ‘কপি-পেষ্ট’ লাইফৰ অংশ হৈ পৰোঁ। এক কথাত তই ওচৰত নাথাকিলে, তোক দেখি নাথাকিলে মোৰ বাবে পৃথিৱীৰ সকলো বস্তু ‘কামোৰ’।

মাজে মাজে মনত পৰে আমি দেওঁবাৰে সন্ধিয়া গীটাৰৰ তালে তালে গোৱা গীতবোৰৰ কথা।  এটাৰ পিছত এটাকৈ গাই যোৱা ‘চিল্ক ৰোট’, শুভা মুডগল, বিষ্ণু-জ্যোতিৰ গীতবোৰ। তোৰ খুব ফেভৰেট শুভা মুডগলৰ গানটো ??? ‘দেৰে দেৰে’- চকু মুডি গানটোৰ লগত এক হৈ তই এই গানটো গাৱ। তোক সেই সময়ত চাই মোৰ নিজকে স্বৰ্গত থকা যেন লাগে। আজিকালি সন্ধিয়া গান গাবলৈ বহিলে মনতো কিয় নাজানো বৰ বেজাৰ বেজাৰ লাগে। মই জানো তই সোনকালে আহিবিগৈ কিন্তু মনটোয়ে একো নুবুজে, চকুটো তিতিলেহে মনটোৰ শান্তি। তই নাথাকিলে অকলশৰীয়া এই ঘৰখনত মোৰ যেন গান গোৱা অথবা গীটাৰ বজোৱা কোনো অধিকাৰেই নাই। 

কেতিয়াবা খুব খং উঠে জান, লিপি? এই ডাঙৰ কোম্পানীবোৰ, ডাঙৰ ডাঙৰ গাড়ীবোৰ, ব্যয় বহুল অট্টালিকাবোৰ দেখিলে এফালৰ পৰা ভাঙি চিঙি গুড়ি কৰি যাব মন যায়। মানুহৰ মৰমবোৰ এইবোৰ বস্তুৱে পুতি পুতি গৈ আছে। মানুহে মানুহৰ খবৰ লোৱাতকৈ গাড়ীখনৰ খবৰ দিবলৈ বেচি ভালপোৱা হৈছে। কাৰোবাক মাক-দেউতাকৰ কথা সুধিলে তাৰ চমুকৈ উত্তৰ এটা দি আমেৰিকাত বা বিদেশত গৈ কি কি কৰিলে তাৰ বিষয়ে ভাঁটৌটোৰ দৰে ৰচনা এখন মতাত ব্যস্ত হৈ পৰে। তই জান এই কৃত্রিমতা মই অতিকৈ ঘিণ কৰা বস্তুবোৰৰ মাজত এটা। এই মানুহবোৰে এটা সাধাৰণ কথা কিয় বুজি নাপায় যে আমিবোৰ, আমাৰ চাকৰিবোৰ এখন বজাৰৰহে অংশ মাথোন। জীৱনটো বজাৰ নহয়। মানুহ বজাৰৰ পণ্য সামগ্রী নহয়। মই বুজি নাপাও দুটা টকা, বহুজাতীক বজাৰৰ অলপ চকমমকীয়া পোঁহৰত কোনোবা কেনেকৈ এক বজাৰ সামগ্রী হৈ হাঁহি হাঁহি জীৱন কটাই দিব পাৰে, নিজৰ মূল পাহৰি। জীৱন জীয়াই থকাৰ নাম - মানুহ হৈ, স্বাধীন হৈ জীয়াই থকা। নিবিচৰাকৈ তোৰ পৰা আতৰত থকা যাতনা ভূগিছোঁ। মাত্র দুপইছাৰ বাবে মা-পিতাই, আপোনজন, আপোন মাটিৰ সুৱাস এৰি এই অচিন ঠাইত জীয়াই থকাৰ সংগ্রামত নামিছোঁ। জীয়াই থকাৰ কঠিন যুঁজত, সময়ৰ তীব্র ঢৌঁৱে কেতিয়া আনি মোক এইখিনি পোৱালেহি একো ধৰিবই নোৱাৰিলোঁ কিন্তু এতিয়া বুজিছোঁ কৰবাত কিবা এটা ডাঙৰ ভুল ৰৈ গ’ল। কথাবোৰ জুকিয়াই চাবৰ হ’ল। কথাবোৰ নতুনকৈ ভাবিবৰ হ’ল। আমাৰ মাটিত বোলে বীজ চটিয়ালেই দুদিন পিছত আপোনা-আপুনি ফলে ফুলে বাঢ়ি আহে গছ।

……ৰ’, কিবাকিবি এসোপা কৈ পেলাইছোঁ। তোৰ লগত ইমান কথা পাতিব আছে যে কি লিখোঁ কি নিলিখো হৈছোঁ। তই জানই মোৰ মনটোত এসোপা ভাৱে অহৰহ ওণ্ডোলাই থাকে। মই সঁচাকৈ অতিস্থ হৈছোঁ। কালিলৈ কি আছে কোনে জানে? সেয়ে আজিটো পইছাৰ বাবে নে আপোনজনৰ বাবে কটোৱাতো উচিত সেইটো বেলেগে সোধাৰ হয়তো প্রয়োজন নাই। মানুহে নিজৰ প্রয়োজনবোৰ নিজেই বঢ়াই লয় আৰু পূৰ কৰিব নোৱাৰি জীৱনটোক দোষ দিয়ে অশান্তি চপাই আনে। অলপ কাপোৰ, এটা ঘৰ, দুবেলা দুসাঁজ- মোৰ মতে সকলোৱে এই কেইটা কথা অহৰহ মনত ৰাখিলে বহুতৰ বহু অসুখ নাইকীয়া হৈ যাব। বিশ্বাস কৰ লিপি, বস্তুবাদী নাটকবোৰ দেখি দেখি মাজে মাজে তোৰ লগত হিমালয়ৰ কোনো নামনিত ফলমূল খাই সংসাৰৰ এক নতুন আৰম্ভণি কৰিবলৈ মন যায় আৰু আমাৰ হ’বলগীয়া কণমানিটি হ’ব ‘মগলী’। হাঃহাঃহাঃ….কথাটো মা-দেউতাক সুধি চাবি। মই নিশ্চিত তোক আৰু মোৰ ওচৰলৈ নপঠিয়ায়। ক’ব ‘জোৱাই’ ৰ স্ক্রু ঢিলা হ’ল…হাঃহাঃহাঃ…. 

….হ’ব, আজি আৰু নিলিখোঁ। বেবেৰিবাংকৈ মনলৈ যি আহিল কিবাকিবা লিখিলোঁ। মনটো পাতলিল। শৰীৰৰ যত্ন ল’বি। আহিবলগীয়া মাইনাটোৰ মুখ চাবলৈ মনটো ব্যাকুল হৈ আছে। তই য’তেই নাথাক মই সদায় তোৰ লগত আছোঁ যি দৰে তই থাক মোৰ লগত মোৰ ভাৱত, মোৰ মনত।

মই ৰৈ আছোঁ- কেতিয়া মোৰ ঘৰৰ আবেলিৰ দুৱাৰ তই আকৌ খুলিবি, কেতিয়া ‘কিমে’ নেজ লৰাই লৰাই মোৰ চাৰিওফালে জপিয়াই মোৰ পৰা মৰম দাবী কৰিব, কেতিয়া মোৰ ঘৰখন ঝনঝনাই থাকিব কনমানিৰ কলকলনিত, কেতিয়া আমি আকৌ গান গাম দেওবাৰৰ আবেলি….

মা-দেউতালৈ সেৱা জনালোঁ।

                                    -ৰক্তিম-
                                    বাংগাল’ৰ

    (মোৰ পত্নী লিপি সন্তান সম্ভবা হৈ ঘৰত থকা সময়ত মই বাংগাল’ৰৰ পৰা লিখা। তাৰ ঠিক ৩ মাহ পিছত অৰ্থাৎ ১৭ আগষ্টত আমাৰ প্রথম সন্তান ‘য়ান্নি’ৰ জন্ম হয়।)




http://www.amiasomiya.org/literature/oct12-diary-1/dec12-letter/35-diary/467-oct12-letter?highlight=YTozOntpOjA7czoxODoi4Kew4KaV4KeN4Kak4Ka/4KauIjtpOjE7czoyNDoi4KaX4KeL4Ka44KeN4Kas4Ka%204Kau4KeAIjtpOjI7czo0Mzoi4Kew4KaV4KeN4Kak4Ka/4KauIOCml%20Cni%20CmuOCnjeCmrOCmvuCmruCngCI7fQ==

Monday, October 1, 2012

জাপানী কাৱৈ :: লকৈ ছাৰৰ জাপান যাত্রাৰ আঁৰৰ কাহিনী





লকৈ ছাৰ খুব ফুৰিছে। ৰাজপাতৰ পৰা নামিম বুলিলেও ৰাইজে নামিব নিদিয়ে।গান্ধাৰী লেখীয়া ৰাইজ লকৈ চাৰৰ চত্রছায়াত এনে সুখী যে তেওক সিংহাসনৰ বাহিৰে আন ঠাইত বহাটো সহ্যই কৰিব নোৱাৰে। কথাটো হ'ল এতিয়া বছৰৰ পিছত বছৰ কেৱল সিংহাসন বহি হেঃহেঃহেঃ বুলি হাঁহি হাঁহি ৰাইজৰ একেসোপা মুখ চাইনো কিমান দিন ঠাকিব। ৰিলেকচেচন বুলিটো কথা এটা আছে। আমেৰিকা, ইউৰোপ ফুৰি শেষ কৰিলে গতিকে এইবোৰ ক'লৈ যাব ভাবি ভাবি জাপান খন বিচাৰি উলিয়ালে। কিন্তু ঘপকৈ কেনেকৈ যাব ??? 



মন্ত্রণালয়ত মন্ত্রণা লোৱাৰ উদ্দেশ্যেৰে মন্ত্রী চিঃমন্তক সুধিলে- 

"চিঃমন্ত, ইমান গণ্ডোগোল কৰাৰ পিছতো তোমাক এনেই ৰাজপাত খাবলৈ বহুৱাই থোৱা নাই। উপায় দিয়া, কিন্তু তুমি কোৱাৰ দৰে তোমাৰ চিকচিকাই থকা টপা মুৰটো লেখিয়া বগা ফাঁকি এগাল কবলৈ ন'কবা। 'দিমাগ কি বত্তি জলোৱা' আৰু এটা ৰাইজক সন্তোষ্ট কৰিব পৰা উপায় (ফাঁকি) দিয়া। " 

..তলমুৰ কৰি কিছুপৰ উদং মুৰটো মোহাৰি মোহাৰি চিন্তা কৰাৰ পিছত চিঃমন্তৰ মুখখন উজলি উঠিল। বেকা হাঁহি এটা মাৰি হাতটো লাহেকৈ তললৈ নমাই আনি ক'লে-

"ছাৰ, পাই গ'লো। আপুনি টুপি পিন্ধাবটো?"

" হেঃ হেঃ হেঃ সেইটো সুধিব লাগে নেকি ? মিছা ক'লে কিডাল হ'ব
ইমানদিন এইফেৰাকে কৰিলো। মিছা মাতি মাতি এতিয়া ষ্টক নীল হৈ গ'ল।
তোমালোক যুৱচাম ভাই। ক্রিয়েটিভ মানুহ আইডিয়া দিয়া "

"...মই আছো চাৰ। মাজতে যি হ'ল সেয়া পাহৰক আৰু উপায় শুনক।"

"কোৱা"

"চাৰ,...

"হেই, কোৱা হে কি চাৰ চাৰ কৰি আছা.....হপলেচ ক'ৰবাৰ.."

" মানে আপুনি জাপান যাব বানপানী অধ্যয়ণ কৰিবলৈ। অসমত এতিয়া 
বান আহো আহো। কৰবাত অলপ অচৰপ পানী উঠিছেই। বান বেছি হৈ 
আহিলে যাব নোৱাৰিব। এতিয়াই যাওক। ৰাইজেও ভাল পাব - 
"..বোলো লকৈ ছাৰে যে ক'ত ক'ত হাবাথুৰী কাইছে আমাৰ কাৰণে..."

লকৈ ছাৰে চিঃমন্তৰ আইডিয়া শুনি আনন্দত ক'লৈ যাও ক'লৈ নাযাও হ'ল ।

"..কোনে কৈছে, কোনে কৈছে তুমি হপলেচ বুলি ?? চিঃমন্ত তুমি মোৰ 
মৰমেৰে সোণ বুলি টপককৈ চিঃমন্তৰ মুৰৰ টপাকনতে চুমা এটা খাই দিলে। ..

"এতিয়াই প্রেচ মাতি কৈ দিয়া এইবাৰ লকৈ ছাৰে বানপানীৰ জান খাই পেলাব।
এবাৰ জাপানৰ পৰা আহিব দিয়া বানপানীয়ে গম পাব কাৰ পাল্লাত পৰিলো।" 

চিঃমন্তই অ'কে ছাৰ বুলি কৈ হাঁহি হাঁহি ওলাই গ'ল লকৈ ছাৰৰ ৰুমৰ পৰা। প্রেচ মাতি খবৰ দিয়া হ'ল থিৰাং কৰা মতেই। ৰাইজেও ভাবিলে এইবাৰহে এইবাৰ। পাউডাৰ-চুনও লগাই চাই থাকোতেই লকৈ ছাৰ অসমৰ মিঠাপান এৰি জাপান পালেগৈ। জাপান পায়েই লকৈ ছাৰে শ্রীমতীক ঘেলঘেলাই হাঁহি ক'লে 

"টেকন'লজীৰ স্বৰ্গ এই জাপানতনো অসমৰ বানপানীৰ বিষয়ে কথা
পাতিম বুলি কঁওতে সকলোৱে বিশ্বাস কৰিব লাগেনে? বানপানী আমাৰ 
জাতীয় সম্পদ কেনেকৈ হেৰুৱাও কোৱা ডাৰ্লিং হেঃ হেঃ হেঃ ... মিছা 
ক'লে কিডাল হ'ব,"

জাপানৰ হাৱাত হাৱা-হাৱায়ে হৈ থকা ছাৰে 'চায়নাৰা' কবলৈ মনেই নকৰা হ'ল। কিন্তু ছাৰৰো দুৰ্কপাল জাপানী মইনাৰ লগত সাগৰৰ পাৰত 'চিকনি চামলী' খেলি থাকোতেই মহাবাহুৱে ১৫ খন জিলাত, ১৮জন মানুহ উটুৱাই নিয়াৰ লগতে ১৭ লাখ মানুহক ক্ষতিগ্রস্থ কৰিলে। খবৰ পাই লকৈ ছাৰে যেনেকৈ যি পাই সামৰি ঘৰলৈ বুলি উৰা মাৰিলে শুকাণ টেটু এটা লৈ। গোটেই বাটতো ছাৰৰ মুখ শুকান কাৰণ বানপানীৰ বিষয়ে আলোচনা কৰিবলৈ কাৰো লগত একোৱেই নাছিল। এতিয়া গৈ ৰাইজক কি ক'ব ? বৰঝাৰতটো গাত পৰিবৈ এজাক শশুণ ৰখিয়েই আছে। ভাবি ভাবি ভয়তে লকৈ ছাৰে অগনণ বাৰ আকাশতে সৰু পনি চুলে। সৰু পানী দেখিলেও সেই সময়ত বানপানীলৈ মনত পৰাত লকৈ ছাৰ অবস্থা চাবলগীয়া হৈছিল। 

ঘটনা ধাৰণা কৰামেই ঘটিল। ছাৰে মুখত সদায় ৰখাৰ দৰে দুপলিকেট কনফিডেঞ্চেৰে ভৰা হেঃহেঃহেঃ হাঁহিটোৰে নামি আহিল মাটিলৈ। "এক্চপিৰিয়েঞ্চ মেটাৰ্চ আফটাৰ অ'ল"। বৰঝাৰতেই সাংবাদ

বৰঝাৰতেই সাংবাদিক মেল হ'ল। 

সাংবাদিকৰ প্রথম প্রশ্ন: লকৈ ছাৰ আপুনি বানপানী ৰোধ কৰিবলৈ জাপানৰ পৰা কি উপায় বিচাৰি আনিছে ? লকৈ ছাৰ: " হেঃ হেঃ 
হেঃ...মিছা ক'লে কিডাল হ'ব। জাপানত কৈ দিছে ভগবানেও বানপানী ৰখাব নোৱাৰে মইনো কোন কূটা...হেঃ হেঃ হেঃ.। শুনা দি
শুনা দিচ ইচ অলচ' এন ইমপৰটেন্ট মেটাৰ যে সিহতে কৈছে কলগছ ৰুব লাগে। জাপানীবোৰে বাৰে বাৰে কৈছে এই কথাটো 
কাৰণ এনে কৰিলে আমি কলো খাব পাৰিম ভূৰু বনাব পাৰিম, হয়নে নে নহয় ? মিছা ক'লে কিডাল হ'ব...মই আগতেই কৈছিলো....কলগছ ৰুৱা আৰু গ' গ্রীণ হোৱা ...তোমালোকে নুশুনিলা..... 

...লকৈ ছাৰে উত্তৰ দি গ'ল এনেদৰেই স্বভাৱজাতভাৱে কাৰণ তেঁও জানে তেঁওৰ এনে কথাশুনি হাত থাঁপৰি মৰা মানুহ এতিয়াও আমাৰ দেশত সৰহ সংখ্যাত আছে নহলেনো তেও এতিয়াও ৰজা হৈ থাকেনে ? ....


-ৰক্তিম-
০১ অক্টোবৰ/১২
বাংগালুৰু

পশ্চাৎ


যোৱাকালিৰ কথা,
শৰৎ আহিছিল শৈশৱ এবুকু লৈ
কণমাণি উদং দুভৰিত বিলীন হৈছিল 
নিয়ৰৰ কণাবোৰ উন্মুক্ত হৈ পুৱাৰ তন্দ্রাত...

তলসৰা শেৱালী বুটলি বুটলি 
শৰৎ আজি হ'ল...

দেবীৰ সমুখত
পিতাই দুহাত ধৰি সোধা
সৰল প্রশ্নবোৰ ??
"পিতাই অসূৰটোক কিয় মাৰিছে?"
"পিতাই কাৰ্তিক কোন?"

...ধূপ ধুণাৰে সুৱাসিত শৰতৰ
কোনো সপ্তমী অথবা অষ্টমীৰ পুৱা 
পিতায়ে কৈ যোৱা কাহিনীবোৰ 
বুকুৰ এচুকৰ এক চিৰ-নতুন অনুভৱ


...শৰৎ, শৰৎ গোন্ধাইছে,
মনটোত হঠাতে কি ফুলি
উঠিল পুৱতি নিশা ??




-ৰক্তিম-
বাংগালুৰু
০১ অক্টোবৰ/১২