মই G3ৰ ভিডিঅ এটা একান্ত মনে চাই আছো। তেনেতে ভাত খাই উঠিয়েই 'ডাঙৰ' মানে
'জেং বস্তু' দৌৰি আহি মোক ক'লে 'চাওঁ দেতিকা জল্দি কাণখন দিয়াচোন। মনে মনে
ডাঙৰ কথা এটা ক'ম।' ময়ো কি কথা বুলি কাণখন আগ্রহেৰে আগুৱাই দিলো । তাই
যিমান পাৰে মুখখন কাণৰ ভিতৰলৈ নি 'বোমা বিস্ফোৰণ' সদৃশ উগাৰ এটা মাৰি মই
কিবা কোৱাৰ আগতেই Tom য়ে খেদা Jerryটো পলোৱাদি পলাল...কচমচে হিলি গ'লো
মই...
Friday, December 23, 2016
আইঐ কি কৰিছে আপুনি?
মোৰ 'ফেচবুকীয়া ভায়ৌ ঔৰ বেহনৌ', ক'ৰ পৰা
আৰম্ভ কৰো বুজিয়ে পোৱা নাই। মুঠতে মোৰ আজি মান- সন্মান ধূলিসাৎ হোৱাৰ পৰা
কাণে কাণ মাৰি বাচিলো।কথাটোহ'লগৈ এনেকুৱা, শুনক। দুপৰীয়া বজাৰলৈ গৈছিলো
শ্রীমতীৰ চশমা এযোৰৰ বাবে। দুপদমান আন বস্তুৰ কথা মনত পৰাত 'ডিলাইট'ত
সোমালো। 'ডিলাইট' তেজপুৰৰ এখন জনাজাত বেকাৰী ও দোকান আৰু ই দীঘলে দীঘলে
বহু ভিতৰলৈ সোমোৱা। ডিলাইটত সোমাৱাৰ আগৰ পৰাই মই শ্রীমতীৰ লগত কিবা এটা
জৰুৰী কথাত মগ্ন হৈ আছিলো। কথা পাতিয়েই 'ডিলাইট' ভিতৰলৈ আগুৱাই গৈ থাকিলো
আৰু এপাকত শ্রীমতীৰ হাতখনত স্বভাবজাত ভাবে
ধৰি ল'লো।কিন্তু লগে লগে শ্রীমতীয়ে 'আইঐ কি কৰিছে আপুনি?' বুলি চিঞৰি ওফৰি
পৰিল। মই বোলো এয়া কি কাণ্ড? এই বুলি তেওঁক কিবা এটা ক'বলৈ লওঁতেই দেখিলো-
কি আচৰিত, শ্রীমতীৰ ফেচকাটিং সম্পূৰ্ণ সলনি হৈ গ'ল চেকেণ্ডত। আচল কথা
বেলেগ শ্রীমতী বুলি কোনোবা বেলেগ মহিলাৰ হাত ধৰিলোগৈ মই। লগে লগে বুকুট
'গুৰুম'কৈ হিলৈ এটা ফুটিল। Disaster management কৰিবলৈ তেওঁক 'sorry' কবলৈ
লওঁতেই মোৰ ফালে চাই তেওঁকিবা এসোপা বকি বকি আগুৱাই গ'ল। বোধহয়
'পাষণ্ড-চাষণ্ড' টাইপ বিশেষণেৰে বিভূষিত কৰিছিল মোক। খঙেৰে শ্রীমতী ক'ত
বুলি উভতি চাই দেখিলো শ্রীমতীয়ে পিছফালে দোকানৰ কিবা এপদ সামগ্রীলৈ একান্ত
মনে চাই আছে...। কেতিয়ানো তেওঁ ৰ'ল, কেতিয়ানো ইগৰাকী আহি গ'ল ধৰিবই
নোৱাৰিলো চোন।
নিয়মীয়া বাৰ্তা (Niyomiya Barta) - 22/12/2016
এজন প্রাক্তন বেংকৰ জ্যোষ্ঠ বিষয়া আৰু অনুবাদক তথা লেখকে মোৰ আজি
'নিয়মীয়া বাৰ্তাত' প্রকাশিত বিমুদ্রাকৰণ বিষয়ক সম্পাদকীয় প্রবন্ধটো পঢ়ি
পুৱাই ফোন কৰি এইদৰে ক'লে -"...মানুহে ATM ওলাওতেওঁ প্রতিবাদ কৰিছিল,
বেংকৰ শাখাবোৰ কম্পিউটাৰাইজড কৰোতেওঁ বেংকত ইমান উৎপাত কৰিছিল যে মই মোৰ
শাখা বন্ধ কৰি দিবলগীয়া হৈছিল (আন বহু ঠাইতো একে হৈছিল)। কিন্তু এতিয়া?
মানুহৰ এইটো চৰিত্র। নতুন বস্তু পাইছে গতিকে প্রত্যোকবাৰৰ দৰে এইবাৰো
কিছুদিন হুলস্থুল কৰিব আৰু লাহে লাহে এই নতুনেই এদিন তেওঁলোকৰ জীৱনৰ এৰাব
নোৱাৰা অংশহৈ পৰিব।"
প্রসংগক্রমে Utpalৰ পৰা ধাৰ কৰা দুটা শাৰীওঁ তলতউল্লেখ কৰিলো।
"...বাৰীৰ পুখুৰি সিচিলেও আঠ দহোটা মানুহক শিঙিয়ে বিন্ধে, এইখন ৰণহে..."
আলাবৈৰ ৰণ
দহ হেজাৰ আহোম সেনা নিধন
আতন বুঢ়াগোঁহাই
'ছাকিৰা আহিব বকুলতলৰ বিহুলৈ' , প্রণব মজুমদাৰ ছাৰ
'ছাকিৰা আহিব বকুলতলৰ বিহুলৈ' - ছবি নিৰ্মাণৰ সম্পূৰ্ণ এটা নতুুন approach লৈ এইখন ছবি ৰাইজৰ মাাজলৈ উলিয়াই আনিব ভাতৃৃ Himangshuয়ে।
প্রচলিত ছবিবোৰত থকাৰ দৰে এইখন ছবিত কোনো 'ষ্টাৰ নাই', নাই কোনো প্রযোজক।
'ৰাইজে নখ জোকাৰিছে আৰু সেয়ে ছাকিৰা বকুলতলৰ বিহুলৈ আহিব। ছবিখনৰ বিষয়ে
কিছু কথা হিমাংশুৰ মুখেৰে জানি ভাল লাগিল। উৎসাহি ল'ৰা, অভিনয়ৰ বলিয়া বুুলি
কটনৰ দিনতে জানো। চলচিত্র নিৰ্মাণৰ প্রচলিত ধাৰাৰ বীপৰিতে নতুন কিবা এটা
কৰিবলৈ নিজকে সমৰ্পণ কৰিছে, যথেষ্ট কষ্ট কৰিছে। ছবিখনে ৰাাইজৰ মন জয় কৰিবলৈ
সফল হওঁক... হিমাংশু আগবাঢ়া। হিমাংশু আৰু এটা কাৰণত মোৰ ধন্যবাদৰ পাত্র।
তেওঁৰ বাবে মই যোৱাকালি মোৰ শিক্ষাগুৰু শ্রদ্ধেয় প্রণব মজুমদাৰ ছাৰক প্রায়
২০ বছৰ মানৰ মুৰত লগ পালো।
ফেচবুক কৰিবলৈ হয়তো আৰু নেথাকিলোগৈ হেতেন
ফেচবুক কৰিবলৈ হয়তো আৰু নেথাকিলোগৈ হেতেন। আজি সন্ধিয়াৰ ঘটনা।মৰঠাণ্ডাত
বাইক চলাই গৈ যেনেতেনে ঘৰত সোমাছিলো।সোমায়ে দেখিলো দেউতা চোফাখনত একান্তমনে
বহি আছে। একো নামাতি মই সোমাই যাব ধৰোতেই দেখিলো সোহাতে চুক এটাত আৰু এজন
মানুহ বহি আছে। তেওঁলৈ চাই পঠিয়াওঁতেই বুুকুখন ধমৰকৈ মাৰিলে আৰু চুলিৰ
আগেৰে জীঁউ যাওঁ যাওঁ কৰিলে কাৰণ সেয়াওঁচোন মোৰ দেউতাই....ভূঁঁতৰ ভয়ত
দুভৰি কপিব ধৰিছিলেই। ভালকৈ চাই দেখিলো সেয়া মোৰ পেহীৰ ল'ৰা দীপক দা, দেখাত
সাাইলাাখ দেউতাৰ নিচিনা...
December 19 at 9:31pm ·
December 19 at 9:31pm ·
আমাৰ শত্রু কোন?
বৃটিছে ভাৰতীয়ক শাসন কৰিছিল কাৰ বলত? ভাৰতীয়ৰ বলত। বৃটিছে মাথো আদেশ দিলে আৰু লগে লগে ভাৰতীয়ই ভাৰতীয়ক ফাঁচী দিলে, ভাৰতীয়ই ভাৰতীয়ক গুলিয়ালে, ভাৰতীয়ই ভাৰতীয়ৰ বাবে চোৰংচোৱাগিৰি কৰিলে, ভাৰতীয়ই ভাৰতীয়ক দমন কৰিলে ভাৰতৰ স্বাধীনতা বিচৰাৰ বাবদ। বৃটিছ বা কোনো বিদেশী শক্তি নহয়, বৰং ভাৰতীয় নিজেই ভাৰতীয়ৰ শত্রু আছিল। দেশ স্বাধীন হ'ল। বৃটিছ গুচি গ'ল। সেই দেশদ্রোহীবোৰৰ তেজবোৰ, প্রজন্মবোৰ থাকি গ'ল। দেশত যেতিয়াই কোনো কাম দেশহিতৰ বাবে হ'বলৈ ধৰিব, তেতিয়াই এই তেজবোৰৰ পিৰপিৰণি বাঢ়িব, চেষ্টা চলিব পুণৰ ভাৰতীয়ই ভাৰতীয়ক ধ্বংস কৰাৰ অপচেষ্টা...।
December 16 at 10:27pm
Tuesday, December 13, 2016
দেউতাকবোৰো যে নহয়...
আগতে কেতিয়াওঁ জনা
নাছিলো এনে হয় বুলি। মাকে আগতেই কৈছে তেওঁ কোনোপধ্যোই নাযায় আৰু হাজাৰ
ব্যস্ততাৰ মাজতো ময়েই যাব লাগিব হেনো। এনে দিনত লিপিৰ কি দশা হয় মই আগৰে
পৰা জানো গতিকে মই ক'লো-' হ'ব চিন্তা নাই, I will go"। কলেজৰ পৰা ৯.৩০ অলপ
সময়ৰ বাবে ওলাই আহিলো। যি মান চমু ৰাস্তাৰে গন্তব্য স্থানলৈ আগবাঢ়িব পাৰি
আগবাঢ়িলো কিন্তু যিমানেই লক্ষ্যৰ ওচৰ চাপিলো সিমানেই বুকুখনৰ এপাল হাতীয়ে
গুম গুম শব্দ কৰি ক্রমাৎ দ্রুত গতিৰে ডিঙিৰফালে আগুৱাই অহা যেন অনুভৱ হ'ল।
দুচকীয়াখন বাটত ৰাখি প্রকাণ্ড গেট এখনেৰে সোমাই প্রকাণ্ড খেল পথাৰখন পালো।
হাতীৰ পালটোৰ উৎপাত বাঢ়ি গ'ল, মই আগুৱাই গৈ থাকিলো।পুৱাৰ হেলনীয়া ৰ'দটোৱে
দীঘল কৰি পেলোৱা মোৰ ছাঁটো দেখি এনে লাগিল মই যেন অলিম্পিকত লং জাম্প
মাৰিবলৈহে যেন গৈ আছো! অলপ লাজ লগাত জতাযোৰক Shock Absorber হিচাপে ব্যবহাৰ
কৰি গতি কমাব চেষ্টা কৰিলো। ইতিমধ্যো মই খেল পথাৰখন পাৰ কৰি মোৰ
লক্ষ্যস্থান এটা সৰু ৰুমৰফালে আগবাঢ়িলো। মোক দেখি ভদ্রমহিলা গৰাকীয়ে এটা
সম্ভাষনসূচক হাহিঁ মাৰিলে। মই তেওঁৰ ওচৰ পাই ইতিমধ্যো ঠাণ্ডা হোৱা হাতীৰ
দলটোৰ মাজেদি মনে মনে হাঁহি এটা টানি আনি ওঠত বহুৱাই ক'লো- "যি হৈছে হৈছে
আৰু কাৰ্ডখন দিয়ক মই লৈ ইয়াৰ অদৃশ্য হওঁ।" তেওঁ ক'লে-"এনেকৈ পলালে হ'ব
নেকি? মিঠাই খোৱাব লাগিব- আপোনাৰ ছোৱালী (য়ান্নি) 2nd হৈছে, মাত্র ২ নম্বৰৰ
বাে প্রথম ন'হল...।" পিছৰ কথাখিনি মুৰত নোসোমাল। অলপ পৰ ঠাইতে ৰৈ থাকিলো।
কি হ'ল বুজিয়েই নাপালো। তেওঁক ধন্যবাদ দি চহীটো কৰি মাকক খবৰটো নিজেই দিবলৈ
মই এইবাৰ ১০০ মিটাৰ দৌৰৰ স্প্রিন্টাৰৰ দৰে ওলাই আহিলো। মানুহ এজনৰ সমুখত
থাকি তেওঁক এটা সুখবৰ দি তেওঁৰ আনন্দক অনুভৱ কৰা যি অনুভৱ সি মবাইল ফোনেৰে
দিয়া খবৰত ক'ত? য়ান্নি এতিয়াওঁ ৰেংক চেংক একো বুজা হোৱা নাই। তাই মোক দেখাৰ
লগে লগে মুখত একোচা গাখীৰৰ দাড়ি লৈ দৌৰি আহিল। মাক আৰু মোৰ মাজৰ কথাৰ পৰা
কিবা এটা বুজি সুধিলে- "দেতিকা (দেউতা) মই জিকিলো নে হাৰিলো?" মই কোলাত লৈ
তাইক চুমা এটা খাই ক'লো -" তুমি আৰু তোমাৰ সকলো বন্ধু জিকিল"। তাই 'হেইয়া'
বুলি আনন্দত চিঞৰ এটা মাৰি বাকি থকা গাখীৰখিনি খাবলৈ লৰ মাৰিলে।
দেউতাক হিচাপে প্রতিদিন, প্রতিপলৰ এই অনুভৱবোৰে জীৱনটোক প্রতিটোমূহুৰ্ততে নন ৰূপত বুজিবলৈ, চাবলৈ শিকাইছে। আচলতে য়ান্নি এজনী সৰু ছোৱালী। তাইৰ নাৰ্চাৰীৰ বছৰেকীয়া পৰীক্ষাত মই ইমান শংকিত বা উত্তেজিত হোৱাৰ কাৰণেই বা কি আছিল? য'ত নবম শ্রেণীলৈকে মই নিজেই সহস্রবাৰ নানান বিষয়ত "শূণ্যৰ নবেল বঁটা" পাই থৈছো। কাৰণটো বোধহয় এইটোৱেই যে মই তাইৰ দেউতাক। তাইৰ অকণমান ভালোযে মোৰ বাবে আনন্দৰ এখন বিশাল পৃথিবী। হয়তো মনতো আৰু অধিক আনন্দ এই বাবেই লাগিছিল যে তাইক আমি কাহানিওঁ পৰীক্ষাৰ বাবে বা পৰীক্ষাত 'ৰেংক' পাবৰ বাবে মৰিয়াই খতিয়াই প্রস্তুত কৰা নাছিলো। তাইৰ আটাইতকৈ প্রিয় বন্ধু আৰু আমাৰ First Steps Pre School-ৰ প্রথম ছাত্রী ধৃতি প্রথম হৈছে, তেওঁৰ মাতৃ আমাৰ বিদ্যালয়ৰে শিক্ষয়িত্রী। মাতৃদ্বয়, কণমানীদ্বয় আনন্দিত। মই যে দেউতাক, আনন্দয়োচোন গহীন হৈয়ে ওলাই, যদিওঁ মন থৌকিবাথৌ। দেউতাক বোৰো যে নহয়...।
Monday, December 12, 2016
আমাৰ অসম (Amar Asam) - 12/12/2016
এটি ৰাজনৈতিক ‘এলিট হাতী’ বনাম দুটি সাধাৰণ
হাতীৰ মৃত্যুত
-ৰক্তিম গোস্বামী-
প্রতিটো বস্তু বা বিষয়কে
বিজেপি বা কংগ্রেছৰ লেঞ্চৰে
চোৱা যি এক ৰাজনৈতিক
পক্ষপাতদুষ্ট চৰিত্র সৰহসংখ্যকলোকৰ মাজত
গঢ়লৈ উঠিছে ই সামগ্রীকভাবে
অত্যন্ত ক্ষতিকাৰক। ৰাজনীতিৰ
আফিংত নিচাগ্রস্থহৈ মানুহবোৰৰ মানসিকতা যে অধঃপতনে গৈছে
তাক বুজাবলৈ বা বুজিবলৈ মাথো
ফেচবুকৰ দৰে সামাজিক মত বিনিময়ৰ মঞ্চত এভুমুকি মাৰিলেই যথেষ্ট।বিশেষকৈ অলপতে ঘটি যোৱা
দুটা সম- চৰিত্রৰ ঘটনাকলৈ সাধাৰণ মানুহৰ সম্পূৰ্ণ বীপৰিত প্রতিক্রিয়াই মোক সঁচাকৈ ভিতৰৰ
পৰা জোকাৰি গ’ল।
প্রথম
ঘটনা, তেজপুৰৰ কাষৰীয়া ঘোৰামাৰী
অঞ্চলত পতঞ্জলিৰ
বাবে
আবন্টিত
ভূমিত
খান্দি থোৱা এটা গাতত পৰি এটা হাতীৰ কৰুণ মৃত্যু হ’ল।এই ঘটনাৰ খবৰ বনজুইৰ দৰে বিয়পিল।
বিশেষকৈ চছিয়েল মিডিয়াত তোলপাৰ লাগিল। পতঞ্জলিৰ বাবে
আবন্টিত ভূমিত দুৰ্ঘটনাত মৃত্যু
হোৱা হাতীটোৰ দূখত ফেচবুকীয়া ৰাইজৰ
দূখে কুলাই পাচিঁ নধৰা
হ'ল। কোনোবাই
কবিতাওঁ লিখিলে। আবেগ,
অনুভূতি, দূখে- বিষাদে মুঠতে
কেওঁফালে চাব নোৱাৰা হৈছিল
দুদিনমান। কোনোৱে
'ism' বা মতবাদ, কোনোৱে অৰ্থনৈতিক
অথবা imperialist
aggressive invasion-আদি দৃষ্টিকোণেৰে, কোনোৱে religious anarchism-ৰ দৃষ্টিকোণেৰে নানান
তাত্বিক মতামতো আগবঢ়ালে।
মুঠতে এটা হাতীৰ কৰুণ মৃত্যুৰ খবৰে অসমীয়া মানুহৰ যে এখন বিশাল
পশু-প্রকৃতি প্রেমী হৃদয় আছে তাক লজলপটপটকৈ প্রমাণ কৰিলে।
দ্বীতিয়
ঘটনা, পতঞ্জলিৰ ঘটনাৰ মাথো কেইটামান দিনৰ পিছত অৰ্থাৎ যোৱা ০৫/১২/২০১৬
তাৰিখে আৰু এটা সমচৰি্ত্রৰ খবৰ সকলোৰে কাণত পৰিল।খবৰটো হ’ল, হোজাইত ৰেলৰ খুন্দাত ২
গাভিনীসহ ৩টা হাতীৰ মৃত্যু
হ'ল । ধৰি লৈছিলো
মনতে যে কমসময়ৰ ভিতৰতে পতঞ্জলিৰ ঘটনাতকৈওঁ
অধিক কৰুণ এই ঘটনায়ে এইবাৰ
আকৌ সকলোকে অধিক প্রতিবাদমুখৰ
কৰিব।‘Elephant Corridor’ আৰু ৰেল লাইনবোৰৰ সংঘাটকলৈ কিছু প্রশ্ন উদয় হ’ব। কিন্তু এইবাৰ
ছবি সম্পূৰ্ণ ওলোটা। সকলো নিমাত, বিশেষকৈ সামাজিক মত বিনিময়
মঞ্চবোৰত। মিডিয়াওঁ তুলনামুলকভাবে এই বিষয়ত শান্ত।হাতী-মানুহৰ সংঘাটে চৰম সীমা পোৱাৰ
পিছতো এনে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ক’তো একো
আলোচনা ন’হল।
এতিয়া প্রশ্নটো হ’ল- প্রথম হাতীটোৰ
মৃত্যুত ইমান হৈ চৈ অথচ আন দুটা গাভিনী হাতী হোৱা স্বত্বেওঁ হৈ চৈ নাই কিয়?
অলপ মগজুৰ কচৰত কৰিয়েই উত্তৰ পালো।উত্তৰটো
আচলতে তেনেই সহজ। তেজপুৰৰ
হাতীটো আছিল 'পতঞ্জলী হাতী' সেয়েহে
এইটো হাতীৰ মৃত্যুত ৰাজনৈতিক বোকা
ছটিওঁৱাৰ যথেষ্ট থল আছিল।বিজেপি,মোডীৰ বিৰুদ্ধাচাৰণ কৰা, ৰাজনৈতিকভাবে
বেয়া পোৱা এচামলোকে এই সুযোগ সম্পূৰ্ণৰূপে গ্রহণ কৰিলে।কোনো কোনোৱে এই ঘটনা টানি মেলি
যেনেতেনে হাস্ব্যপদভাবে চৰকাৰৰ Demonitization-ৰ লগতো সাঙুৰিবলৈ চেষ্টা কৰিলে। মৃত
হাতীটোক বিৰিণা বনাই ‘মোডী পক্ষ’ আৰু ‘মোডী বিপক্ষ’ৰ মাজত শব্দৰ তুমুলু ৰণ হ’ল। বিশেষকৈ
ফেচবুকৰ মঞ্চ পলকতে কুৰুক্ষেত্রৰ ৰণথলী হৈ পৰিল।ৰাতাৰাতি প্রকৃতীপ্রেমী হৈ পৰা শোকাকুলৰ চকুলোৰে ফেচবুকৰ মজিয়া একাঠু হ’ল।আনহাতে
হোজাইৰ হাতী দুটা আছিল 'সাধাৰণ হাতী' সেয়েহে
নাছিল ৰাজনৈতিক বোকা
ছটিওঁৱাৰ একো থল।'পতঞ্জলী
হাতী' ৰ মৃত্যুত শোকবিহ্বল হোৱাসকলে এইবাৰ এই
দুটা নিৰ্বোধ
হাতীৰ
অকাল
মৃত্যুক
'ৰাজনৈতিকৰণ'
বা
নিজৰ
ব্যক্তিগত
ক্ষোভ
প্রকাশৰ
আহিঁলা হিচাপে
ল’বলৈ উপযুক্ত বুলি বোধহয় অনুভৱ নকৰিলে।সেয়েহে এইকেইটা হাতীৰ মৃত্যুৱে এওঁলোকৰ
হৃদয়ত আচোঁৰ বহাব নোৱাৰিলে, এইকেইটা
হাতীৰ মৃত্যুক দেখিওঁ নেদেখা হ'ল সকলো। এইবাৰ
সেয়েহে তোলপাৰো ন'হল কোনো
সামাজিক মত-বিনিময়ৰ মঞ্চ।
এই
দুয়োটা ঘটনাৰ সাক্ষী হোৱাৰ
পিছত স্বাভাবিকতে মনত প্রশ্ন উদয় হয় যে ‘প্রকৃততে কোন দিশে গৈ আছো আমি?’ কোনো নিৰ্বোধ
হাতীৰ অকাল মৃত্যুক ৰাজনৈতিকৰণ কৰিবলৈওঁ আমি কুন্ঠাবোধ নকৰা হ’লো।এই দুইটা ঘটনাক অন্তৰেৰে
উপলব্ধি কৰিব কৰি মৰ্মাহত হোৱা প্রতিজন পশু-প্রকৃতিপ্রেমীৰ লগত মোৰ মন একাত্ম।দুৰ্ঘটনাত বা
মানুহৰ
হিংসাৰ
বলি
হোৱা
পৃথিৱীৰ
প্রতিটো
হাতী
বা
পশুৰ
প্রতি
মানুহৰ
সমবেদনা সমভাবে, নিস্বাৰ্থ ভাবে
থকা
উচিত। কোনো নিৰ্বোধ
হাতীৰ
অকাল
মৃত্যুক
'ৰাজনৈতিকৰণ'
বা
নিজৰ
ব্যক্তিগত
ক্ষোভ
প্রকাশৰ
আহিঁলা
কৰা
কাৰ্য
কেতিয়াওঁ সমৰ্থনযোগ্য নহয় বা এনে কাম
কৰা প্রতিজন ব্যক্তি প্রকৃততে সেই পশুতকৈওঁ বৰ্বৰ।ভাতৃপ্রতিম, বন্ধু তথা এজন সুলেখক ঈশানে
(জ্যোতি বৰা)য়ে এই বিষয়ৰ এক আলোচনাত কৰা এটি মন্তব্যক
মই এইখিনিতে উল্লেখ কৰাৰ প্রাসংগিকতা অনুভৱ কৰিলো “আমাৰ অধিকাংশ মানুহে নিউজত যি দেখে,সেইবোৰৰ বিষয়েই লিখে। এইটো (হোজাই)বাতৰিৰ বিষয়ে টিভিত আলোচনা হোৱা দেখিলেনে ? নকৰেও।জীৱ-জন্তুৰ মৃত্যুৰ লগত কোনোবা বিখ্যাত লোক নাইবা ৰাজনৈতিক লোকক জড়িত কৰি বাতৰি পৰিৱেশন কৰিলে যিমান মছলাযুক্ত টিআৰপি আহৰণ কৰিব পাৰি, সাধাৰণভাৱে মৃত্যুবৰণ কৰা জীৱৰ পৰা নোৱাৰি।কথা সিমানেই”। শেষত,হাতীৰ মৃত্যুক
ৰাজনৈতিকৰণ কৰা প্রতিজন ব্যক্তিলৈ মোৰ এটাই মাথো অনুৰোধ - ‘মানুহ হৈওঁ
চিন্তা কৰিবলৈ, জীয়াই থাকিবলৈ শিকক, সকলো
কথাত ৰাজনীতি বেয়া, বেয়া আবেগ’।
Sunday, December 11, 2016
...Not Art Please
এইখন Utpal দাৰ ছবি কিন্তু ভয় হৈছে এইখন অৰ্ধ নগ্ন (Semi-Nude) ছবি বুলি যদি কোনো সোপন্থীয়ে উৎপল দাক আক্রমণ কৰে বা উৎপল দাৰ ঘৰ চাৰখাৰ কৰে??? #Jaipurartgallaryattack
চুভানআল্লা
কিবা এটা পঢ়ি আছিলো বিৰাট মনোযোগেৰে। য়ান্নিয়ে (ডাঙৰজনী) উৎপাত কৰি আছিল।
মই বাৰে বাৰে ক'লো 'উৎপাত নকৰিবা, মই পঢ়ি আছো।' নাই কথা নুশুনে । এবাৰ গেছে
তালুত খুন্দা মাৰি দিয়াত কিতাপখন দলিয়াই ' আজি তোক মুচৰি পেলাম' বুলি
বাঘে হৰিণা পোৱালী এটা ধৰিবলৈ জাপ মৰাদি মাৰি পঠিয়ালো। তাই দেউতাকৰ হঠাৎ এই
ৰূপ দেখি বিচূৰ্তি খালে কিন্তু লগে লগে জান বচাবলৈ সেনাপতিয়ে শত্রুক খেদি
ঘোৰা চেকুৰোৱাদি তাইয়ো প্রচণ্ড গতিত প্রথমে বেডৰুমৰ ফালে গ'ল কিন্তু
তৎক্ষণাত বুজিলে তাত সোমালে ওলোৱাৰ বাট নাই গতিকে Formula 1 ৰ ড্রাইভৰে
টাৰ্ণিং লোৱা দি টাৰ্ণিং লৈ বাহিৰৰ বাৰাণ্ডালৈ ওলাই গ'ল। ইফালৰ পৰা মাক আহি
আছিল মাকে জীয়েকৰ দৌৰৰ কোব দেখি চিঞৰি পেলাই সুধিলে - 'কি হ'ল য়ান্নি কিয়
এনেকৈ দৌৰিছা' তাই ক'লে - 'তোমালৈ যে ইমান মনত পৰিছিল ৰখিবই পৰা নাই'। - মই
বোলো 'চুভানআল্লা'...আৰু কি লাগে...
Friday, December 9, 2016
মহীকান্তৰ সাধু
মহীকান্তৰ ভৰি এখনত বহু দিনৰ পৰা ঘাঁ লাগি আছিল যদিওঁ মানুহজনে বহুদিন একো গুৰুত্ব দিয়া নাছিল, সময় গৈ থাকিল, ঘাঁ বাঢ়ি আহিল। মহীকান্ত তেনেকৈয়ে চলি থাকিল।ডাক্তৰৰ ওচৰত যেতিয়ালৈকে নোযোৱাকৈ চলিব পাৰি চলি থাকিল মহীকান্ত।ডাক্তৰৰ লেঠা কোনে লগাই।ঘৰৰ মানুহৰো একো বিশেষ তাগিদা নাই। আৰু কিছুসময় বাগৰিল এতিয়া মহীকান্তৰৰ গোটেই ভৰিখনেই বিষাক্ত হ’ল, গেলি গ’ল। ডাক্তৰৰ ওচৰত নগৈ নোৱাৰা হ’ল। ডাক্তৰে ভৰি দেখিয়েই ক’লে এই গেলা ভৰিয়ে লাহে লাহে তোমাৰ শৰীৰ বিষাক্ত কৰি পেলাব, এই ভৰি কাটি পেলাব লাগিব। মানুহজনৰ লগতে ঘৰৰ সকলোৰে মুৰত আকাশী সৰগ ভাঙি পৰিল।কিন্তু উপায় যে নাই।ভৰিখন কাটি পেলোৱা হ’ল। মহীকান্তই নিজৰ প্রাণৰ খাতিৰত আৰু নিজৰ এলাহ আৰু অৱহেলাৰ বাবে এক ডাঙৰ পৰিণামক দিবলগীয়া হ’ল।ডাক্তেৰে ঘৰৰ সকলোকে ক’লে-“যদি হৈছে সেইটোৱেই সঁচা। সমহীকান্তৰ এই বিপদৰ সময়ত এতিয়া ঘৰৰ সকলোৱে মিলি মহীকান্তক অলপ সহায় কৰক।অতি সোণকালে মহীকান্ত আকৌ স্বাভাবিক হৈ উঠিব।” #demonitisation
এটা সৰু লেখা
আজিৰ নিয়মীয়া বাৰ্তাত প্রকাশ পোৱা এজন সাধাৰণ মানুহৰ এটা সৰু লেখায়ে বহু
কথা কৈ গ'ল। সৰু লেখাটোৰ মাজৰ ডাঙৰ কথাখিনি আমি সকলোৱে এবাৰ বুজি চাবলৈ
চেষ্টা কৰিব পাৰো নেকি?
Thursday, December 8, 2016
নিয়মীয়া বাৰ্তা্- 08/12/2016- নতুনৰ বাবে এখন পৃথিৱীৰ সন্ধানত
২০ শতিকাৰ শেষৰফালে সেউজী অসমভূমিত জন্ম লোৱা আমি এজাক অনন্য অসমীয়া। কিন্তু আমাৰ জন্মসন্ধিক্ষণত আমাকলৈ অচিন কাৰণত, বহু কথাত সুখী নাছিল সময়। আমাৰ কপালত আকিঁ দিছিল বহু অবুজ যাতনা আৰু শংকা।সময়ৰ খোলাৰ পৰা ওলাব নিবিচৰা আছিল আমাৰ শৈশৱ। আমাৰ কৈশোৰ আছিল আমাৰ মা-পিতাইৰ আটাইতকৈ গোপনে সাচিঁ থোৱা ধন।নিশাৰ লানি নিচিঙা জুইৰ শিখাবোৰ আছিল আমাৰ বাবে পৰম আশ্চৰ্যৰ উৎস। প্রতি নিশাই কত যে এনে হিয়াৰ আমঁঠু অদৃশ্য হৈছিল কাৰোবাৰ কু-চক্রান্তত, কি আপোন-কি পৰ।প্রতিটো সূৰ্যাস্তত পোনাকণলৈ মাকৰ কাতৰ অনুৰোধ, “পোনা, পলম নকৰিবি, মই ৰৈ থাকিম”।পুৱা পোনাকণহতঁৰ মৃতদেহৰ বুকু ধকিয়াই, ধকিয়াই মাকহতঁৰ আকাশ ফলা চিৎকাৰবোৰ আছিল আমাৰ নিচুকণি গীত। দুপৰ নিশা কোনো অপাৰেশন বজৰং, অপাৰেচন ৰাইন’ৰ জোতাবোৰৰ গৰপ গৰপ শব্দত উচপ খাই মাইৰ বুকুত সুমাই পৰাটো আছিল আমাৰ ‘নিশাৰ ৰঙীন সপোন’।মাজতে হঠাৎ এদিন সকলো শান্তহৈ পৰিছিল অস্বাভাবিকভাবে, অসহনীয়ভাবে।সকলোৱে যেন চিঞৰি চিঞৰি কিবা ক’ব খুজিওঁ বাকৰুদ্ধ হৈ পৰিছিল কিহবাৰ বজ্রাঘাটত। গোপনে, অতি গোপনে, ফুচফচাই কথা পাতিছিল সকলোৱে। আমিবোৰ গ’লে খেদি দিছিল বা কথা সলাইছিল…ৰাজু বৰুৱাৰ কথা, ভনীমাইহতৰ কথা কেনেকৈ পাতে আমাৰ সমুখত।।কেঁচা বয়সতে লাহে লাহে বুজিবলৈ ধৰিলো মানুহৰ জিঘাংসাৰ কথা, অকল্পনীয় পাশবিক মানব কাণ্ডৰ কথা।শিহৰণত কপি উঠিছিল সৰ্বশৰীৰ। কলিজাৰ ৰং যেন ক’লাহৈ আহিব ধৰিছিল লাহে লাহে।আছিল জানো আমাৰ বয়স এনে ৰুঢ় বাস্তবৰ মুখামুখি হোৱাৰ? লাহে লাহে ভয়-ভয় হৈ পৰিছিল দশোদিশ।আন্ধাৰ- আন্ধাৰ হৈ পৰিছিল দিনৰ পোহৰকনো।সাৰ পোৱা প্রতিটো ৰক্তাক্ত পুৱায়ে মনে মনে কাঢ়ি লৈ গৈ আছিল আমাৰ কুমলীয়া বয়সৰ স্বভাবসুলভ হাহিঁবোৰ, উন্মাদ আনন্দবোৰ, বিশালতাবোৰ।সশস্ত্র সংগ্রামেৰে সাৰ্বভৌমত্ব আহৰণ কৰাৰ হেঁপাহেৰে আমাৰ চাৰিওঁফালৰ পৰা সংগ্রামৰ বাবে নাইকিয়া হোৱা তজবজিয়া, তেজাল, সাহসি অসমীয়া ডেকাহতঁৰ আৰু ভাৰত ৰাষ্ট্রৰ সেনাবাহিনীৰ মাজত প্রতিদিনে চলা গুলিয়াগুলিয়ে থকা সৰকা কৰিছিল একো বুজি নোপোৱা আমাৰ কোমল মনবোৰ।‘জন-গন-মন’ গালে যদি কিবা হয়? ঘৰত অসম বিষয়ক গুৰুত্বপূৰ্ণ কিবা কিতাপ ৰাখিলে যদি কিবা হয়? জিন্স, স্পৰ্টচ চু পিন্ধিলে যদি সন্দেহ কৰে?এনে নানা প্রশ্ন-শংকাত আমিবোৰ ক্রমাৎ কুঁজা হৈ পৰিছিলো।
আমাৰ প্রজন্মই পৰবৰ্তিৰ সময়ত সন্মুখীন হোৱা আন এটা ডাঙৰ সমস্যা আছিল ‘জেনেৰশ্যন গেপ’। গ্লবেলাইেশ্যনৰ এক প্রচণ্ড ধুমুহাই পৃথিবীখনৰ প্রতিটো চুক কোণ ধুৱাই গৈছিল।সকলো সলনি হৈছিল পলকতে।‘উন্নত উত্তৰ’ৰ দেশসমুহৰ পৰা ‘দক্ষিণৰ অনুন্নত বা উন্নয়নশীল’ দেশসমুহলৈ নতুনৰ এই প্রচণ্ড বানত আমিবোৰ সলনি হ’ব ধৰিছিলো।চিন্তাধাৰা, মুল্যবোধ, দৃষ্টিভংগী, আদৰ্শ, জীৱনশৈলী, কথা বতৰা, পিন্ধন-উৰণ, ভালে বেয়ায়ে সকলোতে পৰিবৰ্তন আহিছিল।প্রচলিত থলুৱা জৱনশৈলীত বস্তুবাদী পৰিবৰ্তনৰ এনে প্রচণ্ড আক্রমণক পিতাইহতে তলকিবই পৰাই নাছিল।নিলগৰ পৰা অসন্তুষ্টিৰে মাথো চাই ৰৈছিল অস্বাভাবিক পৰিবৰ্তনৰ এই ধাৰা।পিতাইৰ চাইকেলৰ আগত বহি বহি ঘুৰি ফুৰা, ৰেডিঅ’ শুনি শুনি গীতিমালিকাৰ গান গুণগুনাই থকা আমাৰবোৰৰ হাতলৈ আহিল বাইক আৰু মবাইল।স্বাভাবিকতেই সংঘাট বৃদ্ধি হৈছিল প্রতিখন ঘৰত নতুন আৰু পুৰণিৰ মাজত জীৱনৰ প্রতিটো গুৰুত্বপূৰ্ণ বিষয়ক লৈ।আমাৰ জীৱন যাত্রাৰ এই সময়ছোৱাতো আমাৰবোৰৰ ভূমিকা আছিল এটা “Bridging Generation”ৰ যাৰ এখন হাত আছিল গ্লবেলাইজদ পৃথিবীৰ ইপাৰে পিতাইহতঁৰ অতীতৰ লগত আৰু আনখন পিতাইহতঁৰ অতীতৰ পৰা সম্পূৰ্ণভাবে বিতাড়িত গ্লবেলাইজেশ্যনৰ ধুমুহাত মগ্ন নতুন পৃথিবীৰ উঠি অহা নতুন পুৰুষৰ হাতত।
আমাৰ তৃতীয় সমস্যাটো আছিল সবাটোকৈ ভয়ানক আৰু একেসময়তে অতি দূখজনক। চৰকাৰি চাকৰি আছিল আমাৰ সময়ত দুষ্প্রাপ্য।দুৰ্নীতিত গজগজিয়া হৈ উঠিছিল অসম লোকসেৱা আয়োগ, চৰকাৰ। ইতিমধ্যোয়েই এইটো অনুসিদ্ধান্তই সমাজত খোপনি পুটিছিল যে “টকা আৰু চেনেল নাথাকিলে APSCৰ পৰীক্ষা দি লাভ নাই।” সন্ত্রাসবাদৰ উপদ্রবত অসমলৈ নাহিছিল কোনো ব্যক্তিগত প্রতিস্থান।হতাশগ্রস্থতা, ডিপ্রেশ্যনত ভুগিছিল অগণন উঠি অহা শিক্ষিত ডেকা গাভৰুৱে। অপব্যয় হৈছিল অসমৰ বহুমুলীয়া মানব সম্পদ। সমাধানসূত্র স্বৰূপে এক ভাল ভবিষ্যতৰ সন্ধানত অসমৰ বাহিৰলৈ পঢ়া-শুনা বা কাম বিচাৰি যোৱা পৰম্পৰাটোৱে গা কৰি উঠিলে।প্রতিভাবান হাজাৰ হাজাৰ ল’ৰা-ছোৱালী ডাঙৰ চহৰলৈ ওলাই যোৱা এই পৰম্পৰা যি এবাৰ আৰম্ভ হ’ল ই আৰু নৰখিল যি অসমৰ এক অপূৰণীয় ক্ষতি কৰিলে। আজি বাহিৰৰ বিয়াগোম বিয়াগোম বহুজাতিক প্রতিস্থানবোৰৰ বিয়াগোম বিয়াগোম পদবীত বহি থকা এই অসমীয়াসকলক দেখিলে মনলৈ প্রায়েই শিশুসূলভভাবে এটা প্রশ্ন আহে “যদি এওঁলোকক অসমে ৰাখিব পাৰিলেহেতেন?” অসমে অকল তেওঁলোককে হেৰুৱা নাই, হেৰুৱালে তেওঁলোকৰ উত্তৰ পুৰুষ সকলকো যি হয়তো নামত অসমীয়া হ’ব কিন্তু নাথাকিব তেওঁলোকৰ গাত অসমৰ ধূলি-বালিৰ সুৱাস।এদিন হয়তো তেওঁলোক উদিগ্ন হ’ব, নামি পৰিব আত্ম- পৰিচয়ৰ সন্ধানত।প্রশ্ন কৰিব নিজৰ পিতৃ- মাতৃক- ‘কিয় চিঙিলা আমাৰ আত্ম- পৰিচয়ৰ শিপাবোৰ?’
দূৰদৰ্শন আছিল আমাৰ শ্রেষ্ঠ বন্ধু, এন্ধাৰৰ মাজত আনন্দৰ উৎস- সপ্তাহটোৰ প্রতি নিশা ৯ বজাত দিয়া চিৰিয়েলবোৰ আছিল আমাৰ বন্ধু। R.K Laxman আৰু R.K. Naryan-ৰ মালগুড়ি ডেইজ, ডিটেকটিভ ব্যমকেশ বক্সি, নিম কা পেড়, ক্ষীতিশ য়ে নেহী, এক-দ’-তিন-চাৰ,বুনিয়াড, ৰামায়ন, মহাভাৰত, ফেইৰী টেইলচ, চাৰ্লি চেপলিন, লৰেল এণ্ড হাৰ্ ডি-ৰ অনুভৱবোৰে ইমান দুৰ্বিষহ সময়ৰ মাজতো যেন আমাক জীয়াই থকাৰ একো একোটা কাৰণ দিছিল। প্রতি দেওঁবাৰে সন্ধিয়া দূৰদৰ্শন দিয়া সপ্তাহটোৰ একমাত্র ছবিখন(দিনৰ আঞ্চলিক ছবিৰ বাদে)সপ্তাহটোৰ বাবে আছিল আমাৰ সঞ্জিবনী ।
আমিবোৰ এনেকৈয়ে ডাঙৰ হৈছিলো। এতিয়া আমিবোৰ বাপেক-মাক হ’লো।এতিয়া কণমানিহতৰ মুখলৈ চালে মাথো মনলৈ এটাই ভাব আহে- ‘ইহতৰ শৈশৱবোৰ যাতে সুকুলমে পাৰ হওঁক, ইহত ডাঙৰ হৈ যেন এখন সুন্দৰ অসম পাওঁক’।আমি পোৱা যন্ত্রনাবোৰ যেন আমাতেই শেষ হওঁক।শাসনযন্ত্রই যেন কেৱল আৰু কেৱল দেশৰ আৰু দহৰ মংগলৰ কাৰণে কাম কৰক।মাক-বাপেকৰ বাবে যাতে অসমতেই হওঁক সন্তানৰ ভবিষ্যতৰ সপোন ৰচাৰ মাটি, কোনো আমেৰিকা, লণ্ডন, বা দিল্লী, বাংগালুৰু নহয়।সন্ত্রাস, সংঘাট বহু হ’ল। আমাক এখন সোণৰ অসম নহয়, সুখৰ অসম লাগে। নতুনৰ বাবে এখন সুন্দৰ পৃথিবী লাগে।নতুনে গঢ়া এখন নতুন পৃথিবী লাগে…এখন নতুন অসম লাগে।
Tuesday, December 6, 2016
দি দেথ্ অফ এন 'এলিট হাতী' -Vs - 'কমন হাতী'
প্রতিটো বস্তু বা বিষয়কে বিজেপি বা কংগ্রেছৰ লেঞ্চৰে চোৱা যি এক ৰাজনৈতিক পক্ষপাতদুষ্ট চৰিত্র সৰহসংখ্যকলোকৰ মাজত গঢ়লৈ উঠিছে ই সামগ্রীকভাবে অত্যন্ত ক্ষতিকাৰক। ৰাজনীতি আফিংত নিচাগ্রস্থহৈ মানুহবোৰৰ মানসিকতা যে অধঃপতনে গৈছে তাক বুজাবলৈ বা বুজিবলৈ এটা উদাহৰণ দিয়াৰ অত্যন্ত প্রয়োজনবোধ কৰিলো-
যোৱা ২৫ তাৰিখে এটা ষ্টেটাচ আপডেট দিছিলো এইদৰে-
"অপৰিকল্পিত ভাবে "Elephant Corridor'-ত ৰেলৰ আলি স্থাপন কৰাৰ বাবে ৰেলৰ খুন্দাত আজি বহু বছৰ ধৰি দিপৰ বিলত বহু হাতী মৰিল। কাহানিওঁ ইমান প্রতিবাদ নেদেখিলো যিমান প্রতিবাদ অলপতে তেজপুৰৰ কাষৰীয়া পতঞ্জলিৰ বাবে আবন্টিত ভূমিত দুৰ্ঘটনাত মৃত্যু হোৱা হাতীটোৰ ক্ষেত্রত দেখিলো। মানুহ হঠাৎ ইমান পশু- প্রকৃতি প্রেমী হৈ উঠা দেখি অলপ বিচূৰ্তি খালো। এই পশু- প্রকৃতি প্রেম ভাল কথা কিন্তু এই অনুভৱ দুৰ্ঘটনাত বা মানুহৰ হিংসাৰ বলি হোৱা পৃথিৱীৰ প্রতিটো হাতী বা পশুৰ প্রতি সমভাবে, নিস্বাৰ্থ ভাবে থকা উচিত। এটা নিৰ্বোধ হাতীৰ অকাল মৃৃত্যুক 'ৰাজনৈতিকৰণ' বা নিজৰ ব্যক্তিগত ক্ষোভ প্রকাশৰ আহিঁলা কৰা কাৰ্য সমৰ্থনযোগ্য নহয়। পতঞ্জলিৰ বিৰুদ্ধে প্রমীলাৰাণী ব্রহ্মৰ এজাহাৰ এক উচিত পদক্ষেপ।"
- বাস্তবঃ
সেইটোৱেই হ'ল। পতঞ্জলিৰ বাবে আবন্টিত ভূমিত দুৰ্ঘটনাত মৃত্যু হোৱা হাতীটোৰ
দূখত ফেচবুকীয়া ৰাইজৰ দূখে কুলাই পাচিঁ নধৰা হ'ল। কোনোবাই কবিতাওঁ লিখিলে।
আবেগ, অনুভূতি, দূখে- বিষাদে মুঠতে কেওঁফালে চাব নোৱাৰা হৈছিল দুদিনমান।
কোনোৱে 'ism' বা মতবাদ, কোনোৱে অৰ্থনৈতিক অথবা imperialist aggressive
invasion-আদি দৃষ্টিকোণেৰে, কোনোৱে religious anarchism-ৰ দৃষ্টিকোণেৰে
নানান তাত্বিক মতামত আগবঢ়ালে। ঠিক আছে। ধৰি ল'লো প্রত্যোকজন ব্যক্তি নিজৰ
স্থানত ঠিক আছে। কিন্তু কথা হ'ল যদি ধৰি লওঁ প্রত্যোকজন ব্যক্তি নিজৰ
স্থানত ঠিক আছে তেনেহ'লে হোজাইত যোৱাকালি ৰেলৰ খুন্দাত ২ গাভিনীসহ ৩টা
হাতীৰ মৃত্যু হ'ল (যিটো প্রকৃততে পতঞ্জলিৰ ঘটনাতকৈওঁ অধিক কৰুণ) সেই বিষয়ে
এইসকললোক নিমাত হৈ থকাৰ কৰণ কি? কিয় এইকেইটা হাতীৰ মৃত্যুৱে এওঁলোকৰ হৃদয়ত
আচুৰ বহাব নোৱাৰিলে? কিয় এইকেইটা হাতীৰ মৃত্যুক দেখিওঁ নেদেখা হ'ল সকলো?
কিয় এইবাৰ তোলপাৰ ন'হল ফেচবুক? ....উত্তৰটো তেনেই সহজ। তেজপুৰৰ হাতীটো আছিল
'পতঞ্জলী হাতী' (ৰাজনৈতিক বোকা ছটিওঁৱাৰ থল আছে) আৰু হোজাইৰ হাতীটো আছল
'সাধাৰণ হাতী'-(ৰাজনৈতিক বোকা ছটিওঁৱাৰ থল নাই)। মানুহ হৈওঁ চিন্তা
কৰিবলৈ, জীয়াই থাকিবলৈ শিকক, ... সকলো কথাত ৰাজনীতি বেয়া।
Subscribe to:
Posts (Atom)