Saturday, January 26, 2013

‎'প্রেম, নগ্নতাৰ ভাষাৰে'

(১৯৯৭ চনতে লেখা এটি কবিতা, প্রেমক সঁচা অৰ্থত উপলব্ধি কৰিব পৰা প্রতিজন সৎ আৰু নিকামনৰ ব্যক্তিৰ হাতত.....)




তাই আৰু মই একেখন শেতেলীতে শুঁও

এন্ধাৰে সেই শেতেলী আবৰি ধৰে।



মই তাইৰ কাঁইটিয়া বুকুত মুখ গুজি দিওঁ

এটা নিদ্রাহীন ৰাতি পাৰ কৰিবলৈ।



তাইৰ নাঙঠ দেহত মই আলফুলে হাত বুলাও,

তাই বিচাৰে মোৰ তেজে ধোৱা শৰীৰ।



মোৰ দুই তেজৰঙা হাত চটফটাই উঠে

কোমলতাৰ সন্ধানত।



প্রতিদিনেসেই একেই নাঙঠ প্রয়াস



বিচাৰিলেও তাই আৰু মই

এৰিব নোৱাৰো সেই নগ্নতা।



চেতনাত নিশাৰ বাৰম্বাৰ আঘাটত

তাই আৰু মই পৰস্পৰে ঢলি পৰো 

পৰস্পৰৰ তেজাল কোলাত।

মোৰ মনে চুমি চায়

আন এটা মনৰ সঞ্চিত সেইজখিনিক।


নিশাৰ এন্ধাৰত তাইৰ

গোলাপ ওঁঠত মই মোৰ

দুই আঙুলী থওঁ....

পুনৰ এক নগ্ন প্রয়াস

তাই আৰু মই

এৰাব নোৱাৰৈ সেই নগ্নতা.....




-ৰক্তিম-


https://www.facebook.com/groups/axomiyakothabotora/permalink/493723440680157/

Friday, January 25, 2013

চিগমেণ্ড ফ্রয়েড আহিছিল, প্রেম বিচাৰি




..শেনটো অহাদি আহি প্লাবনে ৰনুজক সুধিলে-

"এই তোৰ মতে প্রেম কি?"

কিবা এটা চিন্তা কৰি নখ কামুৰি কামুৰি কলেজ কেন্টিনত বহি থকা ৰনুজে অলপ অপ্রস্তুত হৈ ক'লে-

"তোৰ আকৌ হঠাতে কি হ'ল? ভৰ দুপৰীয়া প্রেমৰ সংজ্ঞা বিচাৰি আহিলি যে? "
প্লাবন- 

"কচোন দষ্টি, আজি কিবা এটা পঢ়ি থাকোতে কথা এটা গম পালো যিটো প্রেমৰ লগত জড়িত। কিন্তু কথাটো কোৱাৰ আগতে মই জনা উচিত তই প্রেমৰ বিষয়ে কি ভাব"

ৰনুজ-

"অ' কথাটো সেইটোহে। কিন্তু তই যিমান সহজে প্রেম কি বুলি সুধিলি সিমান সহজে তাৰ উত্তৰ দিব নোৱাৰি নহয়। অ'কে মই তথাপিও কঁও মই কি ভাবো প্রেমৰ বিষয়ে.."

অলপ পৰ ৰনুজ মনে মনে ৰৈ আকাশৰফালে চাই কৈ গ'ল...

" 'প্রেম'- শব্দটো শুনিলেই মনটোৱে যেন জীৰণি পায় এবুকু সেউজৰ ছাঁত। মুখলৈ যেন মনে বুকুৰ পৰা ঠেলি দিয়ে এমুকোৰা গুলপীয়া হাঁহি। সকলোকে মৰম লাগে। সকলোৱে বাট চায় এজাক প্রেমৰ বৰষুণলৈ। চুচঁৰি চুচঁৰি পাৰ কৰা আমাৰ ৰুঢ় বাস্তববোৰক মসৃণ কৰি তোলা প্রেম এক মায়াবী জীৱনি শক্তি। "

প্লাবনে ইমান এটা কাব্যিক উত্তৰ পাম বুলি ভবাই নাছিলে। সি ক'লে..

'আৰে, তই দেখোন একেবাৰে পলকতে মাৰত্মক প্রমিক কবি হৈ গ'লি। আচ্ছা, এতিয়া তই মোৰ কথাটো শুন।"

ৰনুজে হাঁহি এটা মাৰি ক'লে-

"কচোন.."

প্লাবন- 
"চিগমেণ্ড ফ্রয়েডক জাননে?"

ৰনুজ- "জানো The famous Psychologist, The Theory of Super ego.."

প্লাবন-
"ৰ ৰ....বুজিলো। তই জান। এতিয়া, চিগমেণ্ড ফ্রয়েডে প্রেমৰ বিষয়ে কি কয় জাননে নাই?"

ৰনুজ-

"মই কৰ্চত লগাখিনি জানো। চিগমেণ্ড ফ্রয়েডে প্রেমৰ বিষয়েও কিবা কৈছে বুলি আজিহে গ'ম পালো। কি কৈছে?"

প্লাবন- "তই নাজান যেতিয়া বঢ়িয়া কথা। এতিয়া তই মোৰ কথাটো শুন তেনেহ'লে..."

বেকা হাঁহি এটা মাৰি প্লাবনে কৈ গ'ল...

"Theory of love-ত চিগমেণ্ড ফ্রয়েডে কৈছে প্রেম হেনো কেৱল শাৰীৰিক মোহ। এই মোহেই হেনো মানুহৰ জীৱনত শিশুৰ পৰা বাৰ্ধ্যকলৈ প্রেম ৰূপে আজীবন থাকে। শিশুৰ আঙুলী চুপি থকাটোও হেনো যৌনতাৰ প্রভাৱৰ এক বৰ্হিপ্রকাশ। আৰু কৈছে নাৰীহেনো পুৰুষতকৈ সদায় তলত আৰু সৃষ্টিৰ আদিতে ভগবানে এক বিশেষ শাৰীৰিক অসমতাৰে এইটো প্রতিষ্ঠা কৰিছে..."

ৰনুজে কথাবোৰ অলপ অশান্তি পালে আৰু শাৰীৰিক ভংগীমাৰে কথাো প্লাবনৰ আগত প্রকাশ কৰিবলৈ চেষ্টা কৰিলে। প্লাবনে কথাটো বুজিলে আৰু অলপ তাৰ খং উঠিল..

"কি হ'ল ৰনুজ? ভাল পোৱা নাই? কিবা অশ্লীল অশ্লীল লাগিছে নহয়? নাই তোৰ দোষ নাই। আমাৰ মানুহবোৰ, সমাজখনৰ স্বভাবেই এনেকুৱা। তোৰ ব্যবহাৰ তাৰেই প্রতিফলন। 
..ৰনুজে একো নামাতি কথাবোৰ তলমুৰ কৰি বুজিব চেষ্টা কৰিলে। অলপ ৰৈ প্লাবনে পুণৰ ক'লে..

"জান ৰনুজ 'ছেক্স' শব্দটোৰ উচ্ছাৰণকো আমাৰ সমাজে এক অপৰাধৰ সমতুল্য বুলি গণ্য কৰে। অথচ তেনে এখন সমাজতে ৬ মহীয়া শিশুৰ পৰা ৬৫ বছৰীয়া বৃদ্ধালৈকে কোনো সুৰক্ষিত নহয়। ধৰ্ষণৰ বাতৰি বতৰ বিজ্ঞান কেন্দ্রৰ বাতৰিৰ লেখীয়া নিয়মীয়া হৈছেগৈ। তথাকথিত শিক্ষিত সকলেও 'ছেক্স' শব্দটো শুনা পালেই গা-এৰা দি পৰাপক্ষত নিকা হৈ থাকিব বিচাৰে-সেয়া দৰকাৰ হ'লে HIV এইডচৰ কথা হওঁক অথবা বেশ্যা বৃত্তি বা 'ফ্লেচ ট্রেড'ৰ লগত জড়িত কোনো সমাজৰ কল্যাণকামী সংস্থাৰ কোনো সদৰ্থক আলোচনাই নহঁওক কিয়।বুজিছ ৰনুজ হাফ বইল গোলকীয় শিক্ষাৰ পৰিণতি এইবোৰ। তোৰ দোষ নাই "

ৰনুজৰ মনত কথাবোৰ লাহে লাহে পৰিষ্কাৰ হৈ আহিব ধৰিলে....

"কিন্তু প্লাবন চিগমেণ্ড ফ্রয়েডে কোৱা কথা খিনি? সেইখিনি কি বুলি ল'ম?"

প্লাবন- 

"এইয়াহে কথা !!!! সেই কাৰণেই আলোচনাৰ প্রয়োজন। তই কেৱল মোৰ কথা মনে মনে শুনি ঘৰ গুচি যোৱা হ'লে তই হয়তো প্রেমৰ এক বেলেগ ধাৰণা পোষণ কৰিব আৰম্ভ কৰিলি হয়। হয়তো ই তোৰ ক'ৰবাত কেতিয়াবা ব্যক্তিত্বতো প্রভাৱ পেলালে হয়। এই ফ্রয়েড লেখীয়া বিদগ্ধ মানুহবোৰৰ কাম চিন্তা কৰা আৰু কিতাপ এগাল লিখি নিজৰ চিন্তা পৃথিবীৰ আগত ব্যক্ত কৰা আৰু আমাৰ লেখীয়া সাধাৰণ মানুহবোৰৰ লক্ষ্য হোৱা উচিত যে আমি সঠিক ভাবে কথাবোৰ চাঁলি-জাঁৰি চাই তাৰ ভালখিনি লৈ কেনেকৈ নিজৰ আৰু আনৰ ভালৰ বাবে ব্যবহাৰ কৰিব পাৰো। ফ্রয়েডক বাদ দে। এই চৰ্চা বস্তুনিষ্ঠভাবে স্কুলৰ পাঠ্যক্রমৰ পৰাই আৰাম্ভণি কৰা উচিত। কিন্তু আমাৰ আকৌ 'কমন' পেলোৱা শিক্ষা পদ্ধতিহে? পাঠ্যপুথিতকৈ বেছি ক্যুশ্যন, বেংক গাইড আৰু টিউচনৰ গুৰুত্ব বেছি। তইয়ে কচোন ১ বছৰ ৭-৮ ঘন্টাকৈ বিদ্যালয় যোৱাৰ পিছতো বিষয় এটা বুজিবলৈ এইবোৰৰ আশ্রয়লোৱাতো শিক্ষা ব্যবস্থাটোৰ চৰম বিফলতা নহয় নে?

প্লাবনে গম নোপোৱাকৈ বহু কথা কৈ গ'ল। তাৰ অলপ খং উঠিছিল বুলি ৰনুজে বুজিলে। পৰিবেশটো অলপ পাতল কৰিবলৈ প্লাবনক সুধিলে-

"এই হ'ব দে। এইবোৰ চিৰিয়াচ কথা এৰ এতিয়া। তই কচোন তোৰ মতে 'প্রেম কিচ চিড়িয়া কা নাম হ্যে?"

প্লাবনে ইতিমধ্যো ঘটঘটাই পানী এগিলাচ খাই ল'লে। তাৰ মুডটো চিৰিয়াচ হৈ আছিল আৰু সেই চিৰিয়াচ সুৰতে সি কৈ গ'ল-

"তোৰ ব্যাখ্যাটো 'প্রেম'ৰ এক ক্ষুদ্র ৰোমাণ্টিক ব্যাখ্যা। কেৱল কল্পনাৰ উটি ভাঁহি প্রেমৰ জয় গান গাই থাকিলে প্রেম কেৱল এক অ-ব্যবহাৰিক কিতাপি বস্তুৱে হৈ থাকিব বা আজি সেইটো হোৱাৰ উপক্রম হৈছে। প্রেমক যেতিয়ালৈকে এক জীৱন শৈলী অথবা এক দৃষ্টভংগী কৰি জীৱনত আকোঁৱালী লোৱা নহয় তেতিয়ালৈকে প্রেম কেৱল এক মনক তৃপ্তি দিয়া শব্দ মাথো। ভালপাও বুলি কবলৈ সহজ। প্রেমৰ নামত মৰি যোৱাতো হয়তো আৰু সহজ। কিন্তু সেইবোৰ কৰাৰ আগতে 'প্রেম'ক নিজৰ বুকুত স্থান দিব পৰাকৈ বুকুখনৰ কোঠালীটো বহল হয়নে নহয় জানিব চেষ্টা কৰাতো এজন সংবেদনশীল আৰু প্রেমোপযোগী মানুহৰ লক্ষণ। "

প্লাবনৰ ব্যাখ্যা শুনি ৰনুজৰ যেন মন আৰু মগজুৰ আৰু দুখনমান দুৱাৰ খোল খালে। প্লাবনৰ লগত কথা পতাৰ আগ্রহ তাৰ আজি প্রথমবাৰৰ ইমান দকৈ জাগিছে হয়তো প্লাবনেও নিজকে ইমান উন্মুক্ত চিন্তাৰে কেতিয়াও নিজকে ধৰা দিয়া নাছিল। হয়তো পৰিবেশ, বিষয় অথবা সময় মিলা নাছিল। ৰনুজে মনে মনে ফ্রয়েডকে ধন্যবাদ প্লাবনক সুধিলে-

"ইতিহাসৰ প্রেম কাহিনী বোৰ বা কাহিনীবোৰক লৈ কৰা সাহিত্যৰ বিষয়ে কি ভাব তই?"
প্লাবনে প্রশ্নটো ভাল পালে-

"প্রেমক লৈ কৰা সাহিত্যবোৰে বিনোদন সাহিত্য ৰূপে ঠিকেই আছে। কিন্তু এই সাহিত্যবোৰে প্রেমৰ যে এক বাস্তবসন্মত বিশ্লেষণ কৰিছে মোৰ তাত সন্দেহ। বিশেষকৈ বিশ্ব সাহিত্যত আৰু ইতিহাসত এনে বহু খ্যাতিসন্মত প্রেম কাহিনী আছে য'ত নায়ক বা নায়িকাৰ মৃত্যু হয় মিলনৰ পূৰ্বে । আবেগে আগছা মানুহৰ মনবোৰে তেওঁলোকৰ সম্বন্ধক নিজৰ প্রেমৰ আদৰ্শ হিচাপে লৈ গাঁঠি যায় নিজৰ প্রেমৰ সুউচ্ছ দেৱাল। কোনো কোনোৱে প্রেমৰ বিফলতা সহিব নোৱাৰি ইতিহাসৰ নায়কৰ দৰে জীৱন ত্যাগ কৰে । কিন্তু সেই কাহিনীবোৰত উল্লেখ কৰা ধৰণে মোৰ মতে সেইয়া প্রেম নহয়, সেইবোৰ আছিল যৌৱণৰ কেৱল এক মায়াবী আকৰ্ষণ-এক বিশেষ পুৰুষ এক বিশেষ নাৰীৰ প্রতি।"

এইবাৰ অলপ ধেমালীৰ সুৰত প্লাবনে পুণৰ ক'লে

" বুজিছ ৰনুজ, বিয়া হৈ যোৱা হ'লে ইতিহাৰ পাতত কেইবাটাও প্রেম কাহিনীও বিচাৰি নাপালি হয়। ৰ'মিঅই বোলে হাতত বজাৰৰ বেগ লৈ ওলাই গৈছে পুৱাই পুৱাই সৰু মাছ আৰু লাও কিনিবলৈ । মজনুৰ পুতেক বোলে ক্লাচ ফাইভত ৩ বাৰ ফেইল। পাঅলে বোলে ফ্রান্সিচকাক বাচন ধুবলৈ লগাইছে.....হাঃ...হাঃ...হাঃ....হাঃ.....

দুয়োটাই অলপ ডাঙৰ কৈ হাঁহি পেলালে...

"তেনেহ'লে প্রেম ক'ত ভাই?" - ৰনুজে হাঁহিয়ে সুধিলে...

প্লাবনে স্ফূৰ্টিৰে কৈ গ'ল এইবাৰ...

"ঐ, প্রেমক 'টেগ'ৰ প্রয়োজন নাই। আৰু এইটোওঁ সঁচা যে হাতত বেগ লৈ বজাৰলৈ গৈ অনা আৰু শ্রীমতীয়ে বনোৱা মাছ আৰু লাউৰ জোল খোৱাৰ স্পৃহা থকাৰ প্ৰেম সুকীয়াপ্রকৃততে প্রেম সৰ্বত্র। কিন্নৰক তই যদি আন মানুহৰ সম বুলি গন্য কৰিব পাৰ-তাত প্রেম, গছ এজোপা ৰুই তাক ডাঙৰ কৰাৰ হেপাঁহ আছে-তাত প্রেম, কুলিৰ মাত যদি তই নকল কৰি ভাল পাৱ-তাত প্রেম, মা-দেউতা ভাই-ভনী-সমাজ-দেশ সকলোৰে ভাল কৰিব পৰাকৈ কিবা এটা কৰাৰ আকাংক্ষা পুহি ৰাখিছ-তাত প্রেম, বাটৰ কুকুৰ দুটা খেলি থকা দেখি যদি আমেজ পাৱ সিহতৰ আনন্দত-তাত প্রেম, দুখীয়াৰ দুখ বুজিব পৰাকৈ আৰু শিশুঁৰ হাঁহিত প্রাণ পোৱা এটি কোমল মন আছে-তাতো প্রেম.....এই প্রেমবোৰ বিচাৰি পালে তই গম নোপোৱাকৈৱে তোৰ কাষ পাবহি তোৰ ‘সপোন কুঁৱৰী’। 

ৰনুজে অলপ অধৈৰ্য্য হৈ দীঘল উশাহ এটা লৈ কৌতুকপূৰ্ণ ক'লে-

"হ'ব, হ'ব, হ'ব..আৰু নেলাগে। প্রেম সৰ্বত্র। মই বুজিলো। 'প্রেম বাবা' তই মোক আজি 'প্রেমৰ মাৰ্গ দৰ্শন কৰালি। ক তোক গুৰু দক্ষিণা লাগে...

প্লাবন দুষ্টামী কৰি ক'লে-

"বটচ, মোৰ গুৰু দক্ষিণা এইটোৱে যে চিগমেণ্ড ফ্রয়েডৰ Theory of love টো মই তোক মোৰ ধৰণেৰে বুজাম আৰু তই শুনি যাব লাগিব চুপ চাপ....

ৰনুজ-

হে ভগবান, চিগমেণ্ড ফ্রয়েডে আজি গম পাইছে কাৰ হাতত পৰিছে।...থিক আছে আৰম্ভ ক'ৰ....কিন্তু আমাৰ পিছৰ ইংৰাজী ক্লাচৰ সময় হৈছে। আমি ক্লাচলৈ গৈ থাকো আৰু লগতে তই কৈয়ো যাবি তোৰ কথাখিনি..

প্লাবন-"অ'কে"

প্লাবনে এখন হাত ৰনুজৰ বাহুত থৈ ক্লাচলৈ বুলি খৰকৈ খোজ লৈ কৈ গ'ল-

আচলতে, শৰীৰ অবিহনে প্রেম অস্তিত্বহীন.........মই কি ভাবো জান........


______________________________________________________
https://www.facebook.com/groups/axomiyakothabotora/permalink/492995297419638/

Monday, January 21, 2013

"মোৰ প্রেয়সীয়ে কেনে পুৰুষ ভাল পায়..." (কবিতা পাঠ)


মোৰ প্রেয়সীয়ে কেনে পুৰুষ ভালপায়..."
ভাইটি LaXya Prohor ৰে মোৰ এটি কবিতা "মোৰ প্রেয়সীয়ে কেনে
পুৰুষ ভালপায়..." ৰ এক সুন্দৰ আবৃত্তি কৰিলে.......ধন্যবাদ লক্ষ্য...

কবি- ৰক্তিম
পাঠ/সংগীত-লক্ষ্য প্রহৰ
শব্দযন্ত্রী- অপৰূপ (বুনু)

Sunday, January 20, 2013

তুমি জানিব নিবিচাৰা মোৰ প্রেয়সীয়ে কেনে পুৰুষ ভাল পায়?


প্রায় ১৩-১৫ বছৰমান আগতে লিখি উলিওৱা কবিতাকেইটামান আজিৰ কিবা কিবা খুচৰি থাকোতে বিচাৰি পালো। যৌবনৰ ধুমুহাত জীপাল হৈ থকা কবিতা কেইটাৰ এটি কবিতা ......



তুমিজানিব নিবিচাৰা
মোৰ প্রেয়সীয়ে কেনে পুৰুষ ভাল পায়?

যাৰ এহাতত থাকে জ্বলন্ত চিগাৰেট
আৰু আনটো হাত থাকে কোনোবা বিদেশী গাড়ীৰ কোমল ষ্টেয়াৰিংত
-তেনে পুৰুষ তাইৰ প্রিয়।

তাই কবিতা ভাল নাপায়
কাৰণ কবিতাত সপোন নাথাকে
থাকে তেজ, বিশ্বাস আৰু অনূভৱৰ নিৰ্ভেজাল গোন্ধ

তাই বিচৰা পুৰুষজন হ'ব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন
হয়তো গাত থাকিব লাগিব এযোৰ কঢ়া ইস্ত্রীৰ ছুট

অনুভৱৰ শব্দ আৰু আউল বাউল
দাঢ়ি চুলিৰ মাজত জীৱন বিচাৰি ফুৰা বহেমীয়ানবোৰ
তাইৰ বাবে পাগল
কাৰণ
তাইৰ বাবে জীৱন উপভোগৰ বস্তু

তেন্তে শৰীৰ কি পণ্য??

অথচ তাইৰ মোৰ প্রয়সী
তুমি জানিব নিবিচাৰা কিয় ?
কিয় তাইৰ মোৰ প্রয়সী?

তুমিটো জানাই কবিতা মোৰ জীৱন
তাই মোৰ কবিতা
আধুনিক অথবা উত্তৰ আধুনিক..

তাইৰ শৰীৰত তাই নেদেখা কবিতাৰ সাঁজ দেখো মই
তাইৰ চকুত ৰ'দ আৰু উশাহত ফাগুণ
তাই অনুভৱ কৰিব নোৱাৰা গভীৰতা তাইৰ বুকুত
চকুৰ পতাত তাইৰ সপোন তিৰবিৰাই
তাইৰ মাত মোৰ বাবে শীতলতম
হয়তো মৃত্যুতকৈও

তাইৰ সংগ মোৰ শান্তি সৰোৱৰ

তুমি জানা এহাতে মই চিগাৰেট ল'ব পাৰো
লব পাৰো সুৰাৰ বটলো
কিন্তু ইহাতেৰে মই এৰিব নোৱাৰো
জীৱনৰ সচা সাঁজ।


-ৰক্তিম-
(৩১ জুলাই/২০০০)
https://www.facebook.com/groups/axomiyakothabotora/permalink/490570827662085/

Thursday, January 3, 2013

মূখা


অট' অট'...

ইল্লি ছাৰ? 

লে আউট

ছাৰ, 50 ৰুপিজ এক্সট্রা কুৰি । 

ধেই..., 

অট' অট'...

ইল্লি ছাৰ? 

লে আউট


ছাৰ, ৱান এণ্ড হাফ কুৰি ছাৰ....

অট' ছালকৰ লগত কথা পতাই ভুল। কথা পতা মানেই মগজুটো গৰম কৰা। মিটাৰত কোনো যাব নিবিচাৰে। অন্ততঃ ১০ টকা হ'লেও বেছি লাগিবই আৰু নিদিও বুলিলে মুখনখৰ এনে এটা ভাঁজ দিব যেন মই পৃথিৱীৰ আটাইতকৈ চিকতা মানুহটো। খোজ কাঢ়ি অলপ আগুৱাই গ'লো। এনেতে প্রায় ২২ বছৰ মানৰ এজন যুবক আগবাঢ়ি আগুৱাই আহি সুধিলে -

Sir, You need auto?
মই ক'লো- Yes
সি সুধিলে- where do you want to go?
মই ক'লো- Layout


সি ক'লে- Sure Sir,no problem. Please get in.
মনটো ভাল লাগিল। ল'ৰাটো শিক্ষিত আৰু ভদ্র বুলি সহজে বুজি উঠিলো। মিটাৰতকৈ অধিক পইছা দাবি নকৰাকৈ ভদ্রভাবে আৰু ইংৰাজী ভাষাৰে এজন পথাচাৰিক অট'লৈ এনেকৈ আগুৱাই লৈ যোৱাটো সাধাৰণতে বাংগালুৰুত এক বিৰল ঘটনা। যাত্রা আৰাম্ভ কৰিলো। কিছুদূৰ গৈ প্রথম চিগনেলটোত অটোখন ৰখিল। অট'চালকে কাৰোবালৈ ফ'ন কৰি ইংৰাজীতে কথা হ'ল। কথা শেষ কৰি মোৰ ফালে ঘূৰি চাই ইংৰাজীতে শুধিলে-


-ছাৰ কথা এটা শুধোনে?
*কোৱা


- ইংৰাজী ভাষাত মোৰ দখল কেনেকুৱা বাৰু? মই ইংৰাজীত কোৱাকথাবোৰ আপুনি স্পষ্টকৈ বুজি উঠিছেনে?
এটা অনাকাংক্ষিত অথচ অমায়িক প্রশ্ন। মোৰ ওঠ দুটাত কৰবাৰ পৰা এটি মিচিকিয়া হাহিঁ আহি জিৰণি ল'লেহি। তাক ক'লো

* ভাল, তোমাৰ দখল ভাল। উচ্চাৰণ স্পষ্ট। কিন্তু আৰু ভাল হোৱাৰ যথেষ্ট থল আছে।
সেউজীয়া লাইটো জ্বলি উঠাত সি অট'খন চলাই আগবাঢ়িল আৰু লগতে সুধিলে


- কেনেকৈ ভাল কৰিব পাৰি ছাৰ? কিবা উপায় দিয়কচোন?
সাধাৰণতে অট' ছালক বা বাহিৰৈ ওলাই আহিলে অচিনাকী মানুহৰ লগত বেছি কথা পাতি ভাল নাপাঁও তথাপিও এই অট'ছালকটোৰ কথাটো যেন অলপ বেলেগ। মই ক'লো


*যিমান শুনিবা, যিমান ক'বা সিমানেই শিকিবা। এইটো এটা দৈনন্দিন প্রক্রিয়া। ইয়াৰ কোনো বিশেষ ফৰ্মূলা নাই।

মোৰ কথাখিনি তাৰ মুখখন যেন উজলি উঠিছিল। তাৰ কথা পতাৰ আগ্রহ, সমল আৰু ইচছা সকলো আছে বুলি মই ভালকৈ বুজি উঠিলো। মইয়ে সেয়ে তাক সুধি পেলালো
* তোমাৰ শিক্ষা?

-ছাৰ, মই বি.কম চূড়ান্ত বৰ্ষৰ ছাত্র। সদায় কলেজ যাব নোৱাৰো। বন্ধৰ দিন আৰু মাজে-মাজে কলেজ নকৰি অট' চলাও আৰু ৰাতি এটা সময়লৈকে চাইকেলত চাহ,বিস্কুত আৰু চিগাৰেট বিক্রী কৰো। 

কথাখিনি শুনি প্রথমে মনটো কুঁমলিছিল তথাপিও সঁচা কথাটো হ'ল যে প্রত্যেকৰ জীৱনত সমস্যা আছে আৰু আজীৱন আহি থাকিব। ইয়াৰ লগত যুঁজ দিয়াৰ শকতি মানুহে নিজেই আৰ্জিব লাগিব, স্বাধীনভাবে। সহানুভূতিয়ে মানুহ দুৰ্বল কৰে। মই ল'ৰাটোৰ কথাখিনিত নিন্যূতম আবেগ দেখুৱাই কেৱল ক'লো

*তোমাৰ কথা জানি ভাল লাগিল। তুমি সততাৰে আৰু কষ্টৰে জীৱনত আগুৱাইছা। ইয়াৰ উচিত ফল তুমি পাবাই।

আন এটা চিগনেলত ৰঙা লাইটোৱে তাৰ ডাঙৰ চকুটিৰে আমাক ৰখিবলৈ পুণৰবাৰ কাঢ়া নিৰ্দেশ দিলে। অট'খন ৰ'ল। সি অলপ সেমেকা মাত এটাৰে ভাবুক হৈ ক'লে-

-ছাৰ, কথাবোৰ ইমান সহজ হোৱা হ'লে ভাল আছিল। কথাবোৰ মোৰ মাজতে শেষ নহয়। মই গোটেই ঘৰখনৰ দায়িত্ব ল'ব লাগে...অলপ পৰ ৰৈ সি পুণৰ কৈ গ'ল.

-মই মাহে ৮ হাজাৰ টকা সুত দিব লাগে। সুত ১তাৰিখে নিদিলে পিছদিনা পুৱা ৬ টা বজাতে মানুহ আহি ঘৰত অশান্তি কৰে। দেউতাই বহুত টকা সুতত লৈছিল আৰু তৰ কিছুদিন পিছতে ষ্ট্র'ক হৈ দেউতা ঢুকাই থাকিল। সকলো দায়িত্ব পলকতে মোৰ গালৈ আহিল। মোৰ জীৱনটো সলনি হৈ গ'ল। মা-ভনীৰ লগতে দেউতাৰ ধাৰৰ বোজাই মোক জুলুঙা কৰি পেলাইছে।

...অট'খন লাহে লাহে আগবাঢ়িল পুণৰ..মই কথাবোৰ শুনি অলপ স্তম্ভিত হ'লো। নিজকে তাৰ স্থিতিত থৈ কথাবোৰ ভাবিব ধৰিলো। এটা উঠি অহা ল'ৰাৰ বাবে এয়া এক মাৰাত্মক দুঃসময়। তাৰ অট'ৰ কাষেদিয়েই যে প্রতিদিনে পাৰ হয় নামি-দামি বাইকত সপোন কুঁৱৰীয়ে সজোৰে সাবটি ধৰা তাৰ সমনীয়াৰ পিঠিৰ উমৰ সুৱাস। সি বা কি ভাবে তেতিয়া? 

-ছাৰ...

তাৰ মাতত সম্বিৎ ঘূৰাই পালো

*কোৱা...

- মই কিয় আপোনাক ইংৰাজীৰ কথা সুধিছিলো জানে?

*কোৱাচোন তুমিয়েই

- মই কল চেন্টাৰত কাম কৰিব বিচাৰো। এটা ইন্টৰভিউ দিছিলো কিন্তু চাকৰি নাপালো। আকৌ দিম। কল চেন্টাৰত চাকৰি পালে মোৰ সকলো সমস্যা দূৰ হৈ যাব। আপুনি কোৱা কথা বোৰ মনত ৰাখিম...

কথাৰ মাজতে ল'ৰাটোলৈ ফ'ন আহিল।

এইবাৰ ল'ৰাটোলৈ মোৰ মৰম লাগিল। ইতিমধ্যো ঘৰ পাবৰ হ'ল। সি কথা পাতি আছে। তাৰ কথাবোৰ শুনিবলৈ মন গ'ল। আধা উৰ্দু আৰু মাজে মাজে কানাড়াত খুউব লাহে লাহে পতা কথাবোৰ বুজিবলৈ মোৰ বৰ বেছি অসুবিধা হোৱা নাছিল। 

..অ'..কিন্তু এইয়া কি ???? সি দেখোন মোৰ কথাই পাতি আছে??

"....নাই ৰ-আজি এটা কাষ্টমাৰ পাইছো, বাহিৰৰ। দেখিয়েই গম পাইছো টুপি পিন্ধাব পাৰিম বুলি। ফুল ট্রেজেদিৰ কাহিনী এটা শুনাই আছো। আগতে এটাই কাহিনী শুনি ৫০ টকা এটা বেছি দিছিল..এইটোৱেও দিব যে খাটাং। কিমান খুজি খুজি ল'বি আৰু....ঠিক আছে এতিয়া ৰাখো, কাষ্টমাৰৰ ডাউট হ'লে বেয়া হ'ব। ৰাতি আড্ডাত লগ পাম।..."

কিয় নাজানো বেছি হতাশ ন'হলো। হয়তো 'মানুহ'বোলা জীৱটোক লাহে লাহে সঠিককৈ বুজিব আৰাম্ভ কৰিছো। পলকতে যাত্রাৰ আৰম্ভণিৰ পৰা শেষলৈকে কথাবোৰ মনত এখন ছবিৰ দৰে আহি গুচি গ'ল। মোৰ মূখত আহি পুণৰ এটি মিচিকিয়া হাহিঁ আহি জিৰণি ল'লেহি। 

* অকে, ইয়াতে ৰখোৱা। 

-১১০ টকা ছাৰ।

১২০ টকা এটা তাৰ হাতৰ মুঠিত গুজি দি গুচি আহিলো। ১০ টকা বেচিকৈ কিয় দিলো মই এতিয়াও নাজানো। 

হয়তো এক বিনা আমণিদায়ক যাত্রা উপহাৰ দিয়াৰ বাবে..

হয়তো এক নতুন কাহিনীৰ বাবে..

হয়তো মানুহৰ এক নতুন স্বৰূপ উদাই দিয়াৰ বাবে..

সেই ল'ৰাটোৰ ৰূপত এখন অদৃশ্য মুখা চিৰকাল মোৰ দুচকুত সজীৱ হৈ থাকিব।

Friday, December 28, 2012

ব্ৰাহ্মণত্ব, বাস্তব - 'গ্লবেল ভিলেজ আৰু এটা সাধু'



নষ্টালজিয়াৰ এমুঠি প্রশ্ন






সময়ে চকলা চকলকৈ এৰুৱাই নিয়া শৈশৱৰ জহি-খহি যোৱা জপনাৰ সিপাৰে লুকাই থকা মোৰ সমাজ প্রদত্ত পৰিচয়টোৱে সদায়ে মোক কিবা এক অস্বস্তিত ৰাখিছিল। ডাঙৰ হৈ অহাৰ লগে লগে সকলোবোৰ কথা নতুনকৈ চাবলৈ, বুজিবলৈ সকলোৱে শিকে। ময়ো শিকিছিলো। তাৰে বহু ঘটনাৰ কাৰণ উত্তৰহীনভাবে মগজুতে থাকি যায় কিন্তু ঘটনাবোৰৰ লগত জড়িত কথাবোৰ অথবা ছবিবোৰ মগজুত আজীৱন সজীৱ হৈ থাকে। মই সৰুতে উত্তৰ নোপোৱা তেনে দুটা ঘটনা তলত উল্লেখ কৰিলো। 




(১)



- মাঘ মাহৰে কথা। উৰুকাৰ নিশা। মই তেতিয়া তৃতীয় কি চতুৰ্থ শ্রেণীৰ ছাত্র। এঘৰত আমাৰ পৰিয়ালটোক নিশাৰ ভোজ একেলগে খাবলৈ বুলি আমন্ত্রণ জনাইছিল। গৈছিলো, সময়ত খোৱা-বোৱা আৰম্ভ হ'ল। খোৱাৰ মাজতে এজন ভদ্রলোক একো নোকোৱাকৈ হঠাতে ভাতৰ পাত এৰি উঠি গৈছিল। পৰিবেশটো নিমিষতে গোমা হৈ গ'ল। কোনোবাই কিবা কিবি কথা ফুচফুচাই পাতিলে। মই একো নুবুজিলো। 



(২)



- মই তেতিয়া দশম শ্রেণীত। এজন সম্বন্ধীয় ককাৰ দেহাৱসান হ'ল। শ্মশানথলী এজন জনপ্রিয় লোকক শেষ শ্রদ্ধা জনাবলৈ লোকে ভৰি পৰিছিল। তাৰ মাজতে এজন লোকে যথেষ্ট দেহে-কেহে খাটি আগৰণুৱা হৈ অন্ত্যেষ্টিক্রিয়াৰ প্রক্রিয়াটো আগবঢ়াইছে। মই সৰু সেয়ে কথা পাতিবলৈ লগ নাই সেয়ে মন দি সেই মানুজনে নিষ্ঠাৰে কৰা কামবোৰ একান্তমনে চাই আছিলো। এনেতে এজন চিনাকী মানুহ এটা জুমৰ পৰা ওলাই আহি হঠাত তেওঁক গাঁলি-গালাজ কৰিলে। কৰ্মব্যস্ত মানুহজন যেন পলকতে ক্লান্ত হৈ পৰিল। তেঁও আহি মোৰ অলপ দূৰৈতে অকলে বহি পৰিল। তেওঁৰ মনোবেজাৰে আচোঁৰা মুখখন কিছু পল পিছতে শ্মশান থলীৰ পৰা অদৃশ্য হ'ল। মই একো নুবুজিলো।




ইতিহাস





.....আজিৰ পৰা ৩৫০০ বছৰৰ আগৰ কথা। হিমালয়ৰ উত্তৰ অতিক্রমি ভাৰতৰ উত্তৰ পশ্চিম প্রান্তই দি এদল লোকৰ ভাৰতৰ আদিম ভূমিলৈ প্রবজন হৈছিল। এই লোকসকলৰ পৰিচয় আছিল "আৰ্য্য"। আৰ্য্যসকলৰ উন্নত জীৱনশৈলী, আচাৰ-ব্যবহাৰৰ লগত ভাৰতৰ আদিম ভূমিৰ স্থায়ী লোকসকলৰ জীৱনশৈলীৰ এক বৃহৎ প্রভেদ আছিল। তেওঁলোকে ভাৰতীয় সকলক 'দস্যু' নামেৰে চিহ্নিত কৰিছিল। এতিয়াৰ পাঞ্জাব অঞ্চলত খোপঁনি পোতা আৰ্য্যসকলে ভাৰতবৰ্ষলৈ অহাৰ কিছু সময়ৰ পিছত সম্যাৰ ৰূপত মূলতঃ দুটা প্রশ্নৰ সন্মুখীন হ'ল।



প্রথম, জীয়াই থকাৰ প্রক্রিয়াত তেঁওলোকে কেনেকৈ প্রকৃতিৰ বানপানী, ধুমুহা, জুই, বৰষুণ আদি সমস্যাৰ এক স্থায়ী সমাধান উলিয়াব?



দ্বীতিয়, ভাৰতৰ 'দস্যু' সকলৰ লগত কেনেকৈ একে ভূমিতে সহবাস কৰিব পৰা যায়?

আৰ্য্য সকলে এই দুই মৌলিক প্রশ্নৰ সমাধান বিচাৰি বহু চিন্তা চৰ্চা আৰু পৰীক্ষা-নিৰীক্ষা কৰিলে আৰু অবশেষত বিচৰা ধৰণৰ এক উত্তৰ পালে - 'ব্রাহ্মণত্য'। 




প্রকৃতি সকলোতকৈ শক্তিশালী আৰু জীয়াই থকাৰ বাবে প্রকৃতিক সন্তুষ্ট কৰি ৰখাৰ প্রয়োজন। আৰ্য্য সকলে সেইমৰ্মে প্রকৃতিৰ উপাদান বায়ু, পানী, জুইক লগতে অন্যান্য বহুতকে এক সচেতন ৰূপ দিবলৈ একো একোজন দেৱতাৰ ধাৰণা উৎপন্ন কৰিলে। ভাগৱত গীতাত আৰ্য্য আৰু দেৱৰ বিষয়ে এনেধৰণে উল্লেখ কৰিছে-




Having created mankind in the beginning together with Yajna, the Prajapati (Lord of beings of Brahmanism) said: “By this (arrangement) you shall propagate; this shall be the milch cow of your desires. Nourish the Devas with this; and may the Devas nourish you. Thus nourishing one another, you shall reap the supreme welfare (of mankind). Nourished by Yajna, the Devas shall bestow on you the enjoyments you desire.”




যদিও আৰ্য্য সকলে দস্যুসকলক প্রথমে শত্রু জ্ঞান কৰিছিল আৰু সমৰশৈলীতো দস্যু'সকলতকৈ বহু ওপৰত আছিল কিন্তু দস্যুসকল সংখ্যাৰফালৰ আৰ্য্যসকলতকৈ বহু সবল আছিল। সেয়েহে আৰ্য্যসকলে উপায়হীন হৈ যুদ্ধৰ ধাৰণা ত্যাগ কৰিছিল। পৰিবৰ্তি সময়ছোৱাত দস্যুসকলক পৰাভূত কৰিব পৰাকৈ শক্তি আৰ্জিবলৈ দেৱৰাজ ইন্দ্রক ব্রাহ্মণ পণ্ডিত সকলে শ্লোকৰ উচ্ছাৰণেৰে বন্দনা কৰিছিল। ৰীগ বেদ সম্পূৰ্ণভাবে ব্রাহ্মণ পণ্ডিত সকলে ইন্দ্রক কৰা শ্লোকৰে পৰিপূৰ্ণ। ৰীগ বেদৰ তেনে এক শ্লোকৰ ইংৰাজি অনুবাদ তলত উল্লেখ কৰিলো। 




"Rig Veda: With Indra scattering the Dasyu through these (Soma) drops, freed from their hate may we obtain abundant food. He verily, the God, the glorious Indra, hath raised him up for man, best Wonder-Worker. He, self-reliant, mighty and triumphant, brought low the dear head of the wicked Dasa. Indra the Vrtra-slayer, Fort-destroyer, scattered the Dasa hosts who dwelt in darkness. "



'গ্লবেল ভিলেজ আৰু এটা সাধু'



পৃথিবীখন হেনো সৰু হ'ল । এখন গাঁও হ'ল পৃথিবীখন । এখন সৰু ''গ্লবেল ভিলেজ ' , য'ত সকলোৱে সকলোকে চিনি পায়। হৃদয়বোৰ য'ত জোৰা লাগে কোনো বহুজাতিক প্রতিষ্ঠানৰ ইন্টাৰনেটৰ অদৃশ্য ঢৌঁত। এইখন গাওঁৰে এচুকত দুটা নলে-গলে লগা বন্ধু আছিল। এটাৰ নাম 'বামুণ' আৰু আনটোৰ নাম 'মানুহ'। 

বামুণ চতুৰ আৰু চোকা আছিল আৰু 'তাৰ সমাজ'খনৰ সি প্রিয় আছিল। মানুহ-স্বভাবত বামুণৰ ওলোটা আছিল আৰু সেয়ে সি অপ্রিয় আছিল বহুতৰে। এদিন দুয়ো বন্ধু উচ্চ শিক্ষা ল'বলৈ চহৰমুখী হ'ল। সময় পাৰ হ'ল। মানুহ আৰু বামুণৰ জীৱনো পৰিবৰ্ত্তণ হ'ল। মানুহ প্রেমত পৰিল এজনী জাত নিমিলা ছোৱালীৰ। আনহাতে বামুণক ছোৱালীয়ে পাৰ নোপোৱা হ'ল। সকলো জাতি-জনজাতিৰ ছোৱালীৰ সি হাৰ্ট থ্রব হ'ল। দিন যোৱাৰ লগে লগে 'মানুহ'ৰ প্রেম গভীৰ হ'ল আৰু 'বামুণ'ৰ চৰিত্র আৰু পিঠিত বাহি গ'ল বহু কেইজনী ছোৱালীৰ আচোঁৰৰ লগতে পৰিল সিহতৰ হৃদয়ৰ ভঁঙা টুকুৰাৰ সাঁচ। এদিন 'বামুণে' 'মানুহ'ক কৈছিল- ঐ ইমান চিৰিয়াচ হৈ কি লাভ। মই ইয়াত কি কৰো কোনে জানে? নিজৰ সমাজখনত ভাল হৈ থাকিলেই হ'ল। মানুহ কেৱল কৈছিল- 'মই নিজক ফাকি দিব নোৱাৰো।

এদিন দুয়ো শিক্ষা সাং কৰি ঘৰলৈ উভতিল। ঘৰৰ অমতত আৰু জাত-কুল নিমিলা এগৰাকী ছোৱালী বিয়া কৰোৱাৰ বাবে 'মানুহ'ক সমাজে তিৰস্কাৰ আৰু হেয় প্রতিপন্ন কৰিলে লগতে কৰিলে মাক-বাপেকক অপদষ্ট এটি অসংস্কৃতিবান ল'ৰা জন্ম দিয়াৰ বাবে। চতুৰ 'বামুণ' ঘৰৰ আদৰ্শ হৈ ৰ'ল ঘৰৰ পৰা জাত-কুল মিলা ছোৱালী এজনী চাই দিলে। সি বিয়া পাতিলে। 'মানুহ' লাহে সমাজৰ পৰা আতঁৰি গ'ল। 'বামুণ' হৈ ৰ'ল সমাজৰ লাই খূঁটা। 



বাস্তব



বাস্তব- পৰিচয় আৰু স্ববিৰোধীতাৰ এক খহঁতা যাত্রা। এটা শব্দই আজুৰি ৰখা এক শ্বাস ৰুদ্ধ অনুভৱ। সহস্র 'কৰিব নাপায়'ৰ জেওঁৰা জপিয়াই জপিয়াই ভাগৰি পৰা শীৰ্ণ মন। এদল ভণ্ডৰ জীভাত চটফটাই থকা একোটাকৈ শুকাব ধৰা মাছ। ৰজাৰ পোছাক পিন্ধি মোৰ চ'ৰা ঘৰত সোমোৱা জেঠিটোৰ নেজ ডাল চিঙি বতাহত উৰি ফুৰিছে। ' জ্ঞানী-দস্যু'ৰ ডাতৰ ভোক আৰু শৰীৰৰ উমালতাৰ এন্ধাৰত হঠাত ম্লান হোৱা তেজৰ শৌৰ্য্য। ৰাতিৰ বুকুৰ তেজপিয়াহত দিনৰ পোহৰত গোলাপ হৈ ফুলে। ওচৰলৈ গ'লে দুহাতত তেজে ফুল বাচে। মোৰ দেহাট খাপ নোখোৱা মোৰ অপচন্দৰ চোলাটি মোক জোৰকৈ নিপিন্ধাবি। মই কোচঁ নাখাও। এটা শগুণে ফটা চোলাটিৰ এটি টুকুৰা মূখত লৈ দিগন্তলৈ উৰা মাৰিলে। বাস্তব-হয়তো জন্মপ্রদত্ত , অনাকাংক্ষিত পৰিচয়ৰ সিপাৰে বিৰিঙা অনাগত এক হেঙুলীয়া আভা।




**নষ্টালজিয়াৰ প্রশ্নমুঠিৰ উত্তৰ মই দিলো...


Pic:© K.L.Kamat/Kamat's Potpourri

https://www.facebook.com/groups/axomiyakothabotora/permalink/479777318741436/?notif_t=like

Tuesday, December 25, 2012

আইঅন ভিক্টৰ এণ্টনেস্কু- ৰোমানিয়াৰ ইতিহাসৰ এক অনাকাংক্ষিত নাম



(ছবিত আইঅন এন্টনেস্কু আৰু হিটলাৰ এক বিশেষ ক্ষণত)


বিশ্ব ইতিহাসৰ ৰাজনৈতিক বা সামৰিকভাবে প্রসিদ্ধ নামবোৰৰ কথা ভাবিলে আমাৰ বহুতৰ মনলৈ হিটলাৰ, চে-গুৱেভাৰা, মাও-চে-টুঙ, ষ্টেলিনৰ অথবা ইডি আমিনৰ কথা পোনপটিয়াকৈ আহে। কিন্তু ইতিহাসৰ ধূলিৰে চাঁনি ধৰা এনে বহু নাম আৰু ঘটনা আছে যিবোৰৰ বিষয়ে সহজতে জানিবলৈ পোৱা নাযায়। ইতিহাসৰ এনে বহুকেইজন সুপ্ত নায়ক, খলনায়কৰ মাজতে এটা অতি অভিশপ্ত আৰু ক্রুৰ অধ্যায় সামঁৰি থকা নাম হৈছে আইঅন এন্টনেস্কু। আইঅন এন্টনেস্কু--- মৃত্যু বিভীষিকাৰ আন এটা নাম যাৰ নামত খোদিত আছে প্রায় ৩ লাখ ইহুদী আৰু ৫ লাখ ৰোমানিয়ান সৈন্য হত্যাৰ এক ৰক্তাক্ত ইতিহাস। এন্টনেস্কু এজন সৈন্যিক, ৰাজনীতিবিদ আৰু ২য় বিশ্বযুদ্ধৰ বেছিভাগ সময়ত ৰোমানিয়াৰ প্রধানমন্ত্রীৰূপত এজন স্বেচ্ছাচাৰী শাসক আছিল।


আইঅন এন্টনেস্কুৰ জন্ম হৈছিল ১৮৮২ চনত ৰোমানিয়াৰ পিটেষ্টি নামৰ এক সৰু অঞ্চলৰ এক অতি সাধাৰণ পৰিয়ালত। আইঅনে শিক্ষা গ্রহণ কৰিছিলে ফৰাছী সামৰিক বিদ্যালয়ত আৰু এই শিক্ষাৰ আধাৰতে ১৯০৭ লেফটেনেন্টৰ সামৰিক পদবী লাভ কৰিছিল। আইঅনৰ তিনি গৰাকী ইহুদী মহিলাৰ লগত বৈবাহিক সম্পৰ্ক আছিল। আইঅনৰ পিতৃয়েও এগৰাকী ইহুদী মহিলাক বিবাহ কৰিবৰ বাবে আইঅনৰ মাতৃৰ লগত বিবিহ বিচ্ছেদ কৰিছিলে। 


ৰোমানিয়াই অট'মেন সাম্রাজ্যৰ পৰা ১৮৭৮ চনৰ ৩ মাৰ্চ তৰিখে মুক্তি লাভ কৰিছিলে। ১৮৮১ চনত ৰোমানিয়াত প্রথম সাংবিধানিক ৰাজতন্ত্র প্রতিষ্ঠা কৰা হয় আৰু ৰজা কেৰল ১-ক প্রথমজন ৰজা হিচাপে শাসনত অধিষ্ঠিত কৰা হয়। ৰোমানিয়াৰ নতুন শাসনে স্বাধীনতা আৰু জাতিয়তাবাদত চূড়ান্তভাবে বিশ্বাস কৰিছিল আৰু প্রাধান্য দিছিল। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ৰোমানিয়াৰ নতুন সাম্রাজ্যৰ পৰা ৰোমানিয়াৰ বহু থলুৱালোক থকা অঞ্চল বাদ পৰিছিল আৰু তাৰে বহু অঞ্চল হাংগেৰিৰ অৰ্ন্তভূক্ত হৈছিল। 


অবাধ প্রবজনৰ বাবে ১৯ শতিকাৰ কালছোৱাত ৰোমানিয়াত ইহুদীলোকৰ সংখ্যা ভয়ানকভাবে বৃ্দ্ধি পাইছিলে। ১৮৯৯ নত এই সংখ্যা ২৬৯,০০০ আছিল আৰু ১৯৩৯ত এই সংখ্যা ৭৬০০০০ হৈ পূৱ ইউৰোপত ৰোমানিয়া ইহুদীলোকৰ তৃতীয় শ্রেষ্ঠ বসতিস্থল হৈছিলগৈ। এই ইহুদীসকলক লাহে লাহে বহু ৰোমানিয়ানলোকে এক অৰ্থনৈতিক ভাবুকি ৰুপে লবলৈ আৰম্ভ কৰে আৰু বহু ইহুদীলোকক ৰোমানিয়াৰ নাগৰিকত্ব গ্রহণৰ পৰা বঞ্চিত কৰা হয়। 


২য় বিশ্বযুদ্ধৰ সময়ছোৱাত এক চূড়ান্ত ৰাজনৈতিক বিপৰ্য্যয়ৰ মধ্যাহ্নত আইঅন এন্টনেস্কুক ইতিমধ্যো প্রমাণ কৰি অহা ৰাজনৈতিক আৰু সামৰিক দক্ষতাৰ বাবে ১৯৪০ চনৰ ৫ চেপ্তেম্বৰত দেশৰ প্রধানমন্ত্রীৰ পদৰ বাবে মনোনীত কৰে। ৰোমানিয়াত ইতিমধ্যো ৰাজতন্ত্র বিফল হৈছিল। শাসনত অধিষ্ঠিত হৈয়ে আইঅনে জামাৰ্নীৰ প্রত্যক্ষ সহযোগত ৰোমানিয়াত National Legionary Government ৰ প্রতিস্থা কৰে। ৭ অক্টোবৰত জামাৰ্নীয়ে ৰোমানিয়াত প্রবেশ কৰে আৰু আইঅনে ২৩ নবেম্বৰত ২য় বিশ্বযুদ্ধত 'এক্সিচ পাৱাৰ'ৰ হৈ জামাৰ্নী, ইটালী আৰু জাপানক সহযোগৰ আস্বাসনেৰে যুদ্ধত যোগদান কৰে। ইতিমধ্যো ইহুদীসকলৰ ওপৰত অন্যায় আৰম্ভ হৈছিল আৰু তেওলোকক ছোভিয়েট ৰাচীয়াৰ গুপ্তচৰ সন্দেহত অতিশৰ্য্যা চলোৱা হৈছিল। 



পৰবৰ্ত্তী কালছোৱাত জামাৰ্নী আৰু ইউক্রেনৰ সহযোগত আইঅন এন্টনেস্কুয়ে সহস্রাধিক ইহুদীৰ নৰমেধ যজ্ঞত ভাগ লয়। বংগদান'ভা নামৰ এক ৰোমানিয়ান কনচেনট্রেচন কেম্পত প্রায় ১৯৪১ চনৰ ২১ৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত ৫৪০০০ ইহুদীক হত্যা কৰা হৈছিল। ৰোমানিয়ান বাহিনীয়ে তাৰ পিছত অডো নামৰ অঞ্চলত ১ লাখ , লাচিত ১৩ হাজাৰ ইহুদীক বৰ্বৰভাবে হত্যা কৰে। ইহুদী হত্যাৰ আন দুটা ৰোমানিয়ান কনচেনট্রেচন কেম্প হৈছে ড'মানেভকা, পিচ'ৰা আৰু আখমেটচিটকা। কোৱা হয় যে যুদ্ধৰ পূৰ্বৰ ৭৬০০০০ জন ইহুদীলোকৰ ৪২০০০০ জনে আইঅন এন্টনেস্কুৰ শাসন কালত অমানবীয় মৃত্যুক সাবটি লৈছিল। পিছলৈ যুদ্ধৰ পৰিণতি হিটলাৰৰ বিপৰীতে যোৱা দেখি আৰু দেশৰ অৰ্থনীতিৰ কথা চিন্তা কৰি আইঅন এন্টনেস্কুয়ে প্রায় ৩ লাখ ইহুদীক নাজী কনচেনট্রেচন কেম্পলৈ পঠিয়াবলৈ কৰা হিটলাৰৰ অনুৰোধ প্রত্যাখান কৰিছিল। 


১৯৪৬ চনৰ ১ জুনত যুদ্ধজনিত বহু ভয়ানক আৰু হিংসাত্মক অপৰাধত জড়িত থকাৰ অভিযোগত ৰোমানিয়ান পিপলচ ট্রিবিউনেলে আইঅন এন্টনেস্কুক মৃত্যু দণ্ডৰে দণ্ডিত কৰে।

Thursday, December 20, 2012

সৃষ্টিৰ নিসংগতা

"If you are unable to live alone You are a born slave."







নিসংগতা সৃষ্টিৰ এক প্রাথমিক চৰ্ত্ত ,
যি সৃষ্টিয়ে জন্ম দিয়ে এখন নতুন পৃথিবীৰ আৰু 
কঢ়িয়াই আনে এমোকোৰা আহি তোমাৰ ওঁঠলৈ।



(@Utpal দাৰ পষ্ট কৰা এই ছবিখন এটা দেখি মনলৈ অহা ভাবখিনি আখৰেৰে বান্ধি পেলালো।) :)

ভূৱা বিত্তীয় প্রতিষ্ঠান আৰু সংবাদ মাধ্যমৰ কৰণীয় সম্পৰ্কে অলপ কথা




উত্তৰ-পূৱ বিশেষকৈ অসমৰ ৰইজৰ কষ্টৰে অৰ্জা ধন আত্মসাৎ কৰি অদৃশ্য হোৱা ভূৱা বিত্তীয় প্রতিষ্ঠান সমূহৰ বাতৰি পঢ়িবলৈ পোৱা হয়তো আজি কেইবাবছৰো হ’ল। এই বিত্তীয় প্রতিষ্ঠান সমূহৰ বাবে ধন আত্মসাৎৰ ক্ষেত্রত উত্তৰ-পূৱৰ ভৌগলিক পৰিসীমা ম’হৰ সুতি লেখীয়া হৈছে। অনায়সে ৰাইজক ঠগি লুটি আহিছে কৌটি কৌটি টকা। সংবাদ মাধ্যমত প্রায় নিয়মীয়াকৈ ডাঙৰ ডাঙৰ আখৰেৰে প্রকাশ হৈ আহিছে এনেবোৰ ঠগ-প্রবঞ্চনাৰ ঘটনাৰ সবিশেষ।  এইটো বৰ্ত্তমানত ক্রমাৎ  এটা বৃত্তৰলেখীয়া পৰিস্থিতিলৈ পৰিবৰ্ত্তন হৈছে। গোটেই প্রক্রিয়াটো ভালকৈ জুকীয়াই চালে এইক্ষেত্রত সংবাদ মাধ্যমসমূহৰ এক বিশেষ কৰণীয় আছে বুলি অনুভৱ হয় কিয়নো এই ভূৱা বিত্তীয় প্রতিষ্ঠানসমূহে প্রথমে আমাৰ সংবাদ মাধ্যমসমূহৰ আশ্রয়লৈয়েই ৰাইজৰ লগত নিজৰ সংযোগ স্থাপন কৰে আৰু অতি কম সময়তে ডাঙৰ ডাঙৰ আৰু লোভণীয় বিজ্ঞাপনেৰে ৰাইজক চলনা কৰি লুটি লৈ যায় অলেখ ধন।

এক ব্যক্তিগত খণ্ডৰ বিত্তীয় প্রতিষ্ঠানৰ বিজ্ঞাপন প্রকাশ কৰাৰ আগতে বাতৰি কাকত বা অন্যান্য সংবাদ সমূহে এই প্রতিষ্ঠানসমূহৰ সত্যনিষ্ঠতা বিচাৰ কৰি চোৱাৰ সম্পৰ্কত কিবা ব্যবস্থা ল’ব পাৰে নেকি? অথবা এই ক্ষেত্রত সকলো সংবাদ মাধ্যম একগোটহৈ ব্যক্তিগত খণ্ডৰ বিত্তীয় প্রতিষ্ঠান সমূহৰ বিজ্ঞাপন প্রকাশৰ ক্ষেত্রত এক নিদিষ্ট আৰু কঠিন নীয়মাৱলী প্রস্তুত কৰি  ভূৱা বিত্তীয় প্রতিষ্ঠানসমূহক বিজ্ঞাপন প্রকাশৰ পৰা বিৰত ৰখাৰ কোনো প্রচেষ্টা সমূহীয়াভাবে ল’ব পাৰে নেকি? বিজ্ঞাপনসমূহ বাতৰি কাকত অথবা ইলেকট্রনিক মাধ্যমৰ যিকোনো সংবাদ মা্ধ্যমৰ বাবে আজিৰ তাৰিখত অপৰিহাৰ্য্য কিন্তু আজিৰ শেষৰ পৃষ্ঠাৰ এক ৰঙীন বিজ্ঞাপন কালিলৈ প্রথম পৃষ্ঠাৰ এক দূখৰ বাতৰিলৈ পৰিবৰ্ত্তন হোৱাৰ চিনাকী প্রক্রিয়াটোয়ে সংবাদ মাধ্যমৰ স্ব-বিৰোধীতাকে যেন উজাগৰ কৰিছে। ইয়াৰ জড়িয়তে মই সকলো সচেতন আৰু ৰাইজৰ মংগলকামী সংবাদমাধ্যম আৰু সংবাদকৰ্মীক ঐক্যবদ্ধ হৈ এই ক্ষেত্রত এক ফলপ্রসূ চিন্তাৰে এক সিদ্ধান্তত উপনিত হৈ “ভূৱা বিত্তীয় প্রতিষ্ঠান” নামৰ বিজাণুটোৰ পৰা সাধাৰণ ৰাইজক উদ্ধাৰ কৰিবলৈ যথোচিত কাৰ্য্যকৰী প্রচেষ্টা হাতত ল’বলৈ অনুৰোধ জনালো। ন’হলে বাংগালুৰু কাণ্ডৰ পিছত ৰাষ্ট্রিয় মাধ্যমত এটা পলৰীয়া জাতিৰ কু-পৰিচয় পোৱা আমাৰ গৌৰৱময় জাতিটোৱে সহজতে বাহিৰা লোকে ঠগিব পৰা এটা ‘মূৰ্খ জাতি’ৰ নাম পাবলৈ বেছি সময় নালাগিবগৈ।

(লেখাটো সংবাদমাধ্যম কেন্দ্রিক সেয়েহে গ্রাহকে ল’বলগীয়া সজাঁগতা অথবা গ্রাহকৰ ভুলবোৰ লেখাটোত সামৰা হোৱা নাই।)


Saturday, December 8, 2012

আজি ( ৩ ডিচেম্বৰ/২০১২ত) প্রকাশিত এক বিশেষ লেখা...

http://ganaadhikar.com/3_dec_2012/page_7.html

অদৃশ্য লাভাবোৰ....



"……..পৃথিবীৰ ইতিহাসত আটাইতকৈ ভয়ানক আগ্নেয়গিৰীটোৰ উদ্গীৰণ হৈছিল ইণ্ডনেছীয়াৰ চুম্বাৱা দ্বীপত ১৮১৫ চনত। এই উদ্গীৰণ প্রাণ হেৰুৱাইছিলে প্রায় ১ লক্ষাধিক মানুহে।….

ডিচক'ভাৰী চেনেলৰ নৃতত্ত্ব বিষয়ক অনুষ্ঠানটিৰ পৰা ভাঁহি অহা কথাখিনি কিয় জানো ভাল নালাগিল। গাঢ়, উত্তপ্ত লাভা বৈ অহা ৰঙা চিকমিকয়া ছবিবোৰে নিশাৰ শান্ত অথচ ৰহস্যময় পৃথিৱীখনক আৰু ভয় লগা কৰি তুলিলে। কিবা এক বুজাব নোৱাৰা অস্বস্তিয়ে মনটো আগুৰি ধৰিলে। মন ভাল লগা বাতৰি এটা চাবলৈ বুলি ৰিমট কণ্ট্রলৰ বটনত ক্রমাৎ হেঁচা পৰিল।

“…নদীবান্ধৰ বিৰোধীতা কালিৰ পৰা অনিৰ্দিষ্ট কাললৈ বিৰোধীৰ অনশনৰ ঘোষণা…”

“ইজিপ্তৰ হিসাত্মক ঘটনাত ৭ জন নিহত…”

“…আৰ্ন্তজাতিক ক্রিকেটৰ পৰা আজি ৰিকি পণ্টিঙে সন্যাস গ্রহণ কৰে। পণ্টিঙে কয়…..”

“…ওৰাংত আজি আৰু এটা খৰ্গহীন গড়ৰ মৃতদেহ উদ্ধাৰ।..”

….অসহ্য। অলপ আগেয়ে দেখা লাভাৰ সাগৰখন যেন বুকুত গমগমাই উঠিল বাতৰিবোৰ দেখি। কৰবাত ফাট মেলা টোপনীৰ উভতি অহা বাটচোৱা ধোঁৱাময় কৰাৰ উদ্দেশ্যে চিনাকী নেভি কাটৰ পেকেটটোৰ পৰা এটা চিগাৰেট উলিয়াই জ্বলাই ল’লে নিশান্তই। নিশান্তৰ অশান্ত মনৰ লগৰী- নেভিকাট। শনিবাৰৰ নিশা দুপৰলৈকে ৰিমৰ্টৰ বটন টিপি থকা অভ্যাসটো এৰিম বুলি প্রতিটো সোমবাৰেতে পণ কৰা হয় কিন্তু কেতিয়াও হাতে কামে কামটো সফল নহয় ঠিক তাৰ “কালিৰ পৰা আৰু চিগাৰেট নাখাও” লেখীয়া কথাটোৰ দৰে। অকলে ঠকা মানুহ এটাৰ মনত অহৰহ বহু কথাই বাঁহ লবলৈ সুযোগ পায়। ভাল-বেয়া, আস্তিক-নাস্তিক,শুদ্ধ-নষ্ট সকলো চিন্তা কিন্তু মনটো যেতিয়া উদাস হৈ থাকে নিসংগতাৰ মায়াবী সাপটোৰ দংশন আটাতকৈ বিষাক্ত হয়।

নিশান্তৰ অস্থিৰ আৰু উদাস মনটোক যেন টিভিৰ ৠণাত্মক বাতৰি সমূহে আৰু উদাস কৰি তুলিলে। তাৰ শুৱণি কোঠাৰ লগতে সংলগ্ন কণমানি বেলকণিটোলৈ বুলি নিশান্ত ওলাই আহিল। কৰ্মব্যস্ত দূৰৈৰ নিয়ন লাইটবোৰ আৰু দুই এটা বাদুলীৰ বাদে সকলো নিশাৰ নিস্তব্ধতাৰ লগত একাত্ম। সকলোকে অলপ জিৰণী লাগে। সকলোকে অলপ সময় লাগে নিজৰ বাবে। টোপনীয়েই হয়তো সেইকণ সময় য’ত প্রতিজন মানুহ অজ্ঞাতসাৰে নিজৰ লগত বিলীন হয়। প্রত্যোকে একো একোখন নিজস্ব পৃথিবী অলপ সপোনৰ সৈতে সেয়ে হয়তো টোপনীৰ বুকুত সাঁচি থয় সংগোপনে।

আমিবোৰ হ’ম’চেপিয়েন। ৫০,০০০ বছৰ পুৰণি আমাৰ স্বভিৱজাত ব্যবহাৰিক জ্ঞানৰ ম্যাদ অথচ আজিও বুজাব নোৱাৰা কিবা এক অচিন অনুভৱৰ অপ্রাপ্তিৰ এবুকু বেদনা কঢ়িয়াই ফুৰা আমিবোৰ। অপ্রাপ্তিৰ এই বেদনাৰ বুকুত পৃথিবীৰ প্রতিটো কোণত সৃষ্টি হোৱা অগণন ছবি, অলেখ কবিতা, শত সহস্র গীত, মন জোকাৰি যোৱা সংগীত। হ’ম’চেপিয়েনৰ অপ্রাপ্তিৰ বেদনাৰ মাদকতা ইয়াতকৈ আৰু কিমান সুন্দৰ হ’ব পাৰে !!? গীতা, সংহিতা, বেদ, বাইবেল, কোৰাণ, অস্তিত্ববাদ, নাজীবাদ, ত্রিকোণবাদ, ফেচীবাদ, পুঁজীবাদ, মাৰ্ক্সবাদ, সিদ্ধী প্রাপ্তিৰ আকাংক্ষা, মক্কা-মডিনা, হৰিদ্বাৰ, অমৰনাথ – এই সকলোবোৰৰ মাজত সামঞ্জস্য আছে। নাজীবাদ, ফেঁচীবাদকে ধৰি নিজ নিজ ধৰণে এই সকলোবোৰ মানুহৰ মংগলৰ উদ্দেশ্য বহন কৰে , হয়তো কোনোতো শ্রণীবিশেষ অথবা কোনোতো নহয়। নিশান্তই প্রায়ে ভাবে মানুহৰ মংগলৰ ধাৰণা অতিজৰে পৰা শ্রেণীহীন হোৱা হ’লে পৃথিবীখন হয়তো এতিয়ালৈ এক মানুহৰ সৰ্বমংগলময় পৃথিবীলে পৰিবৰ্ত্তিত হ’ল হয়। গীতাৰ লগত হিন্দুত্বৰ আৰু কোৰাণৰ লগত মুছলমানৰ সাম্প্রদায়িক পৰিচয় নথকা হ’লে মানুহৰ মংগলৰ ক্ষেত্রত এই গ্রন্থবোৰ অধিক ফলপ্রসূ ন’হল হেতেন নে? এই গ্রন্থবোৰৰ পৰিচয় যদি হিন্দুৰ-মুছলমানৰ বা খ্রীষ্টনৰ ধৰ্মীয় গ্রন্থ ৰূপে নহৈ কেৱল মানুহৰ গ্রন্থ হোৱা হ’লে? এই গ্রন্থবোৰৰ লগত সংলগ্ন সাম্প্রদায়িক পৰিচয়বোৰে যে কতবাৰ ধোৱাই গ’ল পৃথিবীৰ বুকু তপত তেজেৰে।

দুপৰ নিশা নিশান্তৰ মনটোক অজস্র আউল লগা আৰু বেবেৰিবাং চিন্তায়ে খেলিমেলি কৰি পেলালে। নেভি কাটৰ পেকেটতোৰ পৰা আন এটা চিগাৰেট উলিয়াই নিশান্তই কেতিয়া জ্বলাই আধা শেষ কৰিলে ধৰিবই নোৱাৰিলে। ‘ভগবান’ আৰু ‘অনুমতিৰ’ পুৰণা অনুসিদ্ধান্তহীন সমীকৰণটোত পুণৰ উজুতি খালে সি। 'ভগবান' আৰু 'অনুমতি' শব্দ দুটা পৰিপূৰক নেকি? ভগবানক/ধৰ্মকলৈ বান্ধি দিয়া 'কৰিব পায়' বা 'কৰিব নাপায়' নিয়মবোৰ ভগবান নাথাকিলে নাথাকিল হয় নেকি? তেনে ক্ষেত্রত মানুহে সকলো কাম কৰিলেহেতেন নেকি বিনা দ্বিধাই? অৰাজকতাই তেতিয়া এটা সু-শৃংখলিত নিয়ম হ'লহেতেন নেকি? নে মানুহে তেতিয়া নিজৰ বৌদ্ধিক সজাগতাৰে একোটা শৃংখলাকেন্দ্রিক নিয়ম বনালেহেতেন? এই শৃংখলাকেন্দ্রিক নিয়মবোৰই 'ধৰ্ম' নেকি যাক পালন কৰিবলৈ বাধ্য কৰাবলৈ একোটা অতি-মানবীয় শক্তিৰ প্রয়োজন আৰু যাক 'ভগবান' নাম দিয়া হৈছে আৰু যাৰ লগত সাঙুৰ খাইছে 'অনুমতি'ৰ প্রশ্নটো।

….. নিশান্তই খালী চিগাৰেটৰ পেকেটতো খুচৰি খুচৰি ভাৱৰ এখন অনন্য পৃথিবীত ডুব গৈছিল। ডাঙৰকৈ পাৰ্টি মিউজক লগাই জোৰেৰে পাৰ হৈ যোৱা এখন চিদানৰ শব্দত নিশান্ত বাস্তবলৈ ঘূৰি আহিল। ৰাতি পুৱাও পুৱাও। নিয়ন লাইটবোৰৰ পোহৰ আকাশৰ কোমল ৰঙা ৰঙৰ লগত লাহে লাহে মিলি গৈছে। পুৱতি নিশাৰ প্রথম কাউৰীটোৱে কা কা শব্দ কৰি আনবোৰক পুৱাৰ বতৰা দিবলৈ বুলি তাৰ চকুৰ আগেদি উৰা মাৰিলে। ক্লান্ত হৈ পৰা নিশান্তয়ো দেহ এৰি দিলে তাৰ চিনাকী শেতেলীত। সি এতিয়া একাত্ম হ’ব নিজৰ লগত। একাত্ম হ’ব তাৰ টোপনীৰ বুকুত সংগোপনে সাঁচি থোৱা সপোনবোৰৰ লগত য’ত নাথাকিব কোনো ইজিপ্তৰ বা ইজৰাইলৰ কোনো হিসাত্মক ঘটনাত, কাজিৰঙাৰ মৃত গড়, নদীবান্ধ, কচব অথবা ৰিকি পন্টিং।

সকলোকে অলপ সময় লাগে নিজৰ বাবে।