নষ্টালজিয়াৰ এমুঠি প্রশ্ন
সময়ে চকলা চকলকৈ এৰুৱাই নিয়া শৈশৱৰ জহি-খহি যোৱা জপনাৰ সিপাৰে লুকাই থকা মোৰ সমাজ প্রদত্ত পৰিচয়টোৱে সদায়ে মোক কিবা এক অস্বস্তিত ৰাখিছিল। ডাঙৰ হৈ অহাৰ লগে লগে সকলোবোৰ কথা নতুনকৈ চাবলৈ, বুজিবলৈ সকলোৱে শিকে। ময়ো শিকিছিলো। তাৰে বহু ঘটনাৰ কাৰণ উত্তৰহীনভাবে মগজুতে থাকি যায় কিন্তু ঘটনাবোৰৰ লগত জড়িত কথাবোৰ অথবা ছবিবোৰ মগজুত আজীৱন সজীৱ হৈ থাকে। মই সৰুতে উত্তৰ নোপোৱা তেনে দুটা ঘটনা তলত উল্লেখ কৰিলো।
(১)
- মাঘ মাহৰে কথা। উৰুকাৰ নিশা। মই তেতিয়া তৃতীয় কি চতুৰ্থ শ্রেণীৰ ছাত্র। এঘৰত আমাৰ পৰিয়ালটোক নিশাৰ ভোজ একেলগে খাবলৈ বুলি আমন্ত্রণ জনাইছিল। গৈছিলো, সময়ত খোৱা-বোৱা আৰম্ভ হ'ল। খোৱাৰ মাজতে এজন ভদ্রলোক একো নোকোৱাকৈ হঠাতে ভাতৰ পাত এৰি উঠি গৈছিল। পৰিবেশটো নিমিষতে গোমা হৈ গ'ল। কোনোবাই কিবা কিবি কথা ফুচফুচাই পাতিলে। মই একো নুবুজিলো।
(২)
- মই তেতিয়া দশম শ্রেণীত। এজন সম্বন্ধীয় ককাৰ দেহাৱসান হ'ল। শ্মশানথলী এজন জনপ্রিয় লোকক শেষ শ্রদ্ধা জনাবলৈ লোকে ভৰি পৰিছিল। তাৰ মাজতে এজন লোকে যথেষ্ট দেহে-কেহে খাটি আগৰণুৱা হৈ অন্ত্যেষ্টিক্রিয়াৰ প্রক্রিয়াটো আগবঢ়াইছে। মই সৰু সেয়ে কথা পাতিবলৈ লগ নাই সেয়ে মন দি সেই মানুজনে নিষ্ঠাৰে কৰা কামবোৰ একান্তমনে চাই আছিলো। এনেতে এজন চিনাকী মানুহ এটা জুমৰ পৰা ওলাই আহি হঠাত তেওঁক গাঁলি-গালাজ কৰিলে। কৰ্মব্যস্ত মানুহজন যেন পলকতে ক্লান্ত হৈ পৰিল। তেঁও আহি মোৰ অলপ দূৰৈতে অকলে বহি পৰিল। তেওঁৰ মনোবেজাৰে আচোঁৰা মুখখন কিছু পল পিছতে শ্মশান থলীৰ পৰা অদৃশ্য হ'ল। মই একো নুবুজিলো।
ইতিহাস
.....আজিৰ পৰা ৩৫০০ বছৰৰ আগৰ কথা। হিমালয়ৰ উত্তৰ অতিক্রমি ভাৰতৰ উত্তৰ পশ্চিম প্রান্তই দি এদল লোকৰ ভাৰতৰ আদিম ভূমিলৈ প্রবজন হৈছিল। এই লোকসকলৰ পৰিচয় আছিল "আৰ্য্য"। আৰ্য্যসকলৰ উন্নত জীৱনশৈলী, আচাৰ-ব্যবহাৰৰ লগত ভাৰতৰ আদিম ভূমিৰ স্থায়ী লোকসকলৰ জীৱনশৈলীৰ এক বৃহৎ প্রভেদ আছিল। তেওঁলোকে ভাৰতীয় সকলক 'দস্যু' নামেৰে চিহ্নিত কৰিছিল। এতিয়াৰ পাঞ্জাব অঞ্চলত খোপঁনি পোতা আৰ্য্যসকলে ভাৰতবৰ্ষলৈ অহাৰ কিছু সময়ৰ পিছত সম্যাৰ ৰূপত মূলতঃ দুটা প্রশ্নৰ সন্মুখীন হ'ল।
প্রথম, জীয়াই থকাৰ প্রক্রিয়াত তেঁওলোকে কেনেকৈ প্রকৃতিৰ বানপানী, ধুমুহা, জুই, বৰষুণ আদি সমস্যাৰ এক স্থায়ী সমাধান উলিয়াব?
দ্বীতিয়, ভাৰতৰ 'দস্যু' সকলৰ লগত কেনেকৈ একে ভূমিতে সহবাস কৰিব পৰা যায়?
আৰ্য্য সকলে এই দুই মৌলিক প্রশ্নৰ সমাধান বিচাৰি বহু চিন্তা চৰ্চা আৰু পৰীক্ষা-নিৰীক্ষা কৰিলে আৰু অবশেষত বিচৰা ধৰণৰ এক উত্তৰ পালে - 'ব্রাহ্মণত্য'।
প্রকৃতি সকলোতকৈ শক্তিশালী আৰু জীয়াই থকাৰ বাবে প্রকৃতিক সন্তুষ্ট কৰি ৰখাৰ প্রয়োজন। আৰ্য্য সকলে সেইমৰ্মে প্রকৃতিৰ উপাদান বায়ু, পানী, জুইক লগতে অন্যান্য বহুতকে এক সচেতন ৰূপ দিবলৈ একো একোজন দেৱতাৰ ধাৰণা উৎপন্ন কৰিলে। ভাগৱত গীতাত আৰ্য্য আৰু দেৱৰ বিষয়ে এনেধৰণে উল্লেখ কৰিছে-
Having created mankind in the beginning together with Yajna, the Prajapati (Lord of beings of Brahmanism) said: “By this (arrangement) you shall propagate; this shall be the milch cow of your desires. Nourish the Devas with this; and may the Devas nourish you. Thus nourishing one another, you shall reap the supreme welfare (of mankind). Nourished by Yajna, the Devas shall bestow on you the enjoyments you desire.”
যদিও আৰ্য্য সকলে দস্যুসকলক প্রথমে শত্রু জ্ঞান কৰিছিল আৰু সমৰশৈলীতো দস্যু'সকলতকৈ বহু ওপৰত আছিল কিন্তু দস্যুসকল সংখ্যাৰফালৰ আৰ্য্যসকলতকৈ বহু সবল আছিল। সেয়েহে আৰ্য্যসকলে উপায়হীন হৈ যুদ্ধৰ ধাৰণা ত্যাগ কৰিছিল। পৰিবৰ্তি সময়ছোৱাত দস্যুসকলক পৰাভূত কৰিব পৰাকৈ শক্তি আৰ্জিবলৈ দেৱৰাজ ইন্দ্রক ব্রাহ্মণ পণ্ডিত সকলে শ্লোকৰ উচ্ছাৰণেৰে বন্দনা কৰিছিল। ৰীগ বেদ সম্পূৰ্ণভাবে ব্রাহ্মণ পণ্ডিত সকলে ইন্দ্রক কৰা শ্লোকৰে পৰিপূৰ্ণ। ৰীগ বেদৰ তেনে এক শ্লোকৰ ইংৰাজি অনুবাদ তলত উল্লেখ কৰিলো।
"Rig Veda: With Indra scattering the Dasyu through these (Soma) drops, freed from their hate may we obtain abundant food. He verily, the God, the glorious Indra, hath raised him up for man, best Wonder-Worker. He, self-reliant, mighty and triumphant, brought low the dear head of the wicked Dasa. Indra the Vrtra-slayer, Fort-destroyer, scattered the Dasa hosts who dwelt in darkness. "
'গ্লবেল ভিলেজ আৰু এটা সাধু'
পৃথিবীখন হেনো সৰু হ'ল । এখন গাঁও হ'ল পৃথিবীখন । এখন সৰু ''গ্লবেল ভিলেজ ' , য'ত সকলোৱে সকলোকে চিনি পায়। হৃদয়বোৰ য'ত জোৰা লাগে কোনো বহুজাতিক প্রতিষ্ঠানৰ ইন্টাৰনেটৰ অদৃশ্য ঢৌঁত। এইখন গাওঁৰে এচুকত দুটা নলে-গলে লগা বন্ধু আছিল। এটাৰ নাম 'বামুণ' আৰু আনটোৰ নাম 'মানুহ'।
বামুণ চতুৰ আৰু চোকা আছিল আৰু 'তাৰ সমাজ'খনৰ সি প্রিয় আছিল। মানুহ-স্বভাবত বামুণৰ ওলোটা আছিল আৰু সেয়ে সি অপ্রিয় আছিল বহুতৰে। এদিন দুয়ো বন্ধু উচ্চ শিক্ষা ল'বলৈ চহৰমুখী হ'ল। সময় পাৰ হ'ল। মানুহ আৰু বামুণৰ জীৱনো পৰিবৰ্ত্তণ হ'ল। মানুহ প্রেমত পৰিল এজনী জাত নিমিলা ছোৱালীৰ। আনহাতে বামুণক ছোৱালীয়ে পাৰ নোপোৱা হ'ল। সকলো জাতি-জনজাতিৰ ছোৱালীৰ সি হাৰ্ট থ্রব হ'ল। দিন যোৱাৰ লগে লগে 'মানুহ'ৰ প্রেম গভীৰ হ'ল আৰু 'বামুণ'ৰ চৰিত্র আৰু পিঠিত বাহি গ'ল বহু কেইজনী ছোৱালীৰ আচোঁৰৰ লগতে পৰিল সিহতৰ হৃদয়ৰ ভঁঙা টুকুৰাৰ সাঁচ। এদিন 'বামুণে' 'মানুহ'ক কৈছিল- ঐ ইমান চিৰিয়াচ হৈ কি লাভ। মই ইয়াত কি কৰো কোনে জানে? নিজৰ সমাজখনত ভাল হৈ থাকিলেই হ'ল। মানুহ কেৱল কৈছিল- 'মই নিজক ফাকি দিব নোৱাৰো।
এদিন দুয়ো শিক্ষা সাং কৰি ঘৰলৈ উভতিল। ঘৰৰ অমতত আৰু জাত-কুল নিমিলা এগৰাকী ছোৱালী বিয়া কৰোৱাৰ বাবে 'মানুহ'ক সমাজে তিৰস্কাৰ আৰু হেয় প্রতিপন্ন কৰিলে লগতে কৰিলে মাক-বাপেকক অপদষ্ট এটি অসংস্কৃতিবান ল'ৰা জন্ম দিয়াৰ বাবে। চতুৰ 'বামুণ' ঘৰৰ আদৰ্শ হৈ ৰ'ল ঘৰৰ পৰা জাত-কুল মিলা ছোৱালী এজনী চাই দিলে। সি বিয়া পাতিলে। 'মানুহ' লাহে সমাজৰ পৰা আতঁৰি গ'ল। 'বামুণ' হৈ ৰ'ল সমাজৰ লাই খূঁটা।
বাস্তব
বাস্তব- পৰিচয় আৰু স্ববিৰোধীতাৰ এক খহঁতা যাত্রা। এটা শব্দই আজুৰি ৰখা এক শ্বাস ৰুদ্ধ অনুভৱ। সহস্র 'কৰিব নাপায়'ৰ জেওঁৰা জপিয়াই জপিয়াই ভাগৰি পৰা শীৰ্ণ মন। এদল ভণ্ডৰ জীভাত চটফটাই থকা একোটাকৈ শুকাব ধৰা মাছ। ৰজাৰ পোছাক পিন্ধি মোৰ চ'ৰা ঘৰত সোমোৱা জেঠিটোৰ নেজ ডাল চিঙি বতাহত উৰি ফুৰিছে। ' জ্ঞানী-দস্যু'ৰ ডাতৰ ভোক আৰু শৰীৰৰ উমালতাৰ এন্ধাৰত হঠাত ম্লান হোৱা তেজৰ শৌৰ্য্য। ৰাতিৰ বুকুৰ তেজপিয়াহত দিনৰ পোহৰত গোলাপ হৈ ফুলে। ওচৰলৈ গ'লে দুহাতত তেজে ফুল বাচে। মোৰ দেহাট খাপ নোখোৱা মোৰ অপচন্দৰ চোলাটি মোক জোৰকৈ নিপিন্ধাবি। মই কোচঁ নাখাও। এটা শগুণে ফটা চোলাটিৰ এটি টুকুৰা মূখত লৈ দিগন্তলৈ উৰা মাৰিলে। বাস্তব-হয়তো জন্মপ্রদত্ত , অনাকাংক্ষিত পৰিচয়ৰ সিপাৰে বিৰিঙা অনাগত এক হেঙুলীয়া আভা।
**নষ্টালজিয়াৰ প্রশ্নমুঠিৰ উত্তৰ মই দিলো...
Pic:© K.L.Kamat/Kamat's Potpourri