Friday, August 3, 2012

মাৰিআচি -(নানা দেশ নানা গীত-৪)


মেক্সিক'ত 'মাৰিআচি' সম্পৰ্কে এষাৰ কথাৰ প্রচলন আছে- " মেক্সিকান টাকিলাতকৈও অধিক মেক্সিকান অনুভৱ একমাত্র মাৰিআচিত আছে, টাকিলাৰ অবিহনে মাৰিআচিআৰু মাৰিআচিৰ অবিহনে টাকিলা সদায় লজ্জাজনকভাবে অসম্পূৰ্ণ।"

'মাৰিআচি' নামটো কম বেচি পৰিমানে সকলোৰে চিনাকী বা পৰিচিত। বিশেষকৈ যি সকল মেক্সিকান বা লেটিন আমেৰিকান (পটভূমিৰ) ছবিৰ লগত পৰিচিত তেখেতসকলৰ বাবে মৰিআচি শব্দটো অতি চিনাকী। Antonio Banderas-ৰ অতি জনপ্রিয় 'Desperado' ছবিখনত তেঁও কৰা "মাৰিআচি" নামৰ চৰিত্রটোৱে শব্দটোক আৰু অধিক জনাজাত আৰু প্রসাৰতা দিয়ে।

'মাৰিআচি' মেক্সিক'ৰ অতি জনপ্রিয় এক লোকসংগীতৰ প্রকাৰ। মেক্সিকান সকলে মাৰিআচিক সদায়সংগীতৰ উদ্ধৰ্ত বুলি গণ্য কৰি আহিছে। মাৰিআচি বুলি ক'লে মাৰিআচি গীত, মাৰিআচি গোৱা গায়কসকল আৰু মাৰিআচি সংগত কৰা বাদ্যযন্ত্রী সকলোকে বুজোৱা হয়। 'মাৰিআচি' শব্দটোৰ মূল ফৰাচী শব্দ “mariage "বুলি জনাজায়। যাৰ অৰ্থ হ'ল বিয়া। বহুলোক এই ক্ষেত্রত সহমতনহয় আৰু মাৰিআচি শব্দটোৰ মূল লৈ বিজ্ঞ সকলৰ মাজত আজিও মতবিৰোধ আছে।  কোনোকোনোয়ে কয় যে 'মাৰিয়া এইচ' নামৰ  এগৰাকী কুমাৰীৰ বাবে আয়োজিত এক সংগীতমূখৰউৎসৱৰ পৰাই 'মাৰিআচি' নামোৰ সৃষ্টি হ'ল।


'মাৰিআচি' গীতসমূহৰ বিষয়বস্তু মূলতঃ পুৰুষত্ব (machismo), প্রেম, প্রতৰণা, মৃত্যু, ৰাজনীতি,বিপ্লবী বীৰ আৰু কেতিয়াবা কোনো পশু-পক্ষীও হোৱা দেখা যায়। La Cucaracha মেক্সিক' বীপ্লৱৰসময়ৰ এটা অতি জনপ্রিয় মাৰিআচি গীত। Mariachi Vargas de Tecalitlán-ক আটাইতকৈ পুৰণি মাৰিআচি গোট বুলি চিহ্নিত কৰা হৈছে। গেছপাৰ ভাৰগাছে ১৮৯০ দশকৰ শেষৰ ফাললৈ ইয়াৰ গঠন কৰিছিল। 


আজিৰ দিনত এটা মাৰিআচি গোটত সাধাৰণতে ৮খন পৰ্য্যন্ত ভায়লীন,২টা ট্রামপেট আৰুএখন বা দুখন গীটাৰৰ থাকে। guitarrón বেচ গীটাৰ, মেক্সিকে'ন ফ'ক হাৰ্প আদি মাৰিআচিৰ লগত ইতিমধ্যো ব্যবহৃত আন কিছুমান বাদ্যযন্ত্র। মাৰিআচি গোটৰ সদ্যসকলে সাধাৰণতেবগা পেন্ট, বগা চোলা আৰু এটি বিশেষ টুপী পৰিধান কৰে।

মাৰিআচি গীতৰ গুঞ্জন আজি পৃথিৱীৰ বহু দেশত শুনা যায়। মেক্সিক'ৰ সংস্কৃতিৰ এটি মূল অংগ মাৰিআচিৰ উৎসৱ প্রতি বছৰৰ চেপ্তেম্বৰ মাহত মাৰিআচিৰ জন্মস্হান বুলি জনাজত জেলিচক'তউৎযান কৰা হয়।

Wednesday, August 1, 2012

ব'হেমিয়ান


বুকুত উপঙি, 
পলকতে ডুব মাৰি
কিহৰ আনন্দত মতলীয়া হৈ'ছ 
মোৰ ৰক্তাভ আবেগ।

মন নদীৰ মথাউৰি ভাঙি
হ'বি নেকি তই 
কোনো অচিন দেশৰ
ব'হেমিয়ান, হিপ্পী?

নে হ'বৰ মন কোনো বিপ্লবীৰ
উদ্দাত্ত কন্ঠ?

ভঙুৱা বাবাৰ চৰণত সৰগ
বিচৰাৰ সপোন নেকি তোৰ?

নে ভাবিছ 
কোনো অচিন সাগৰ তীঁৰত 
আপোন এটি ঘৰ সঁজাৰ কথা 
কোনেও নেদেখাকৈ?

কিহৰ অপ্রাপ্তিত নিজকে দহিচ
ইমান উদ্বাউল হৈ? 

এইদৰে মাতাল ন'হবি

কুৱলীৰ বৰষুণ
নোহোৱা হয়
সুৰুজৰ পৰশত

তই মোৰ
মই তোৰ 

নাঙঠ শেতেলীৰ
আজন্ম প্রেম
আমাৰ 





-ৰক্তিম-
০১ আগষ্ট/১২
বেংগালুৰু

Monday, July 30, 2012

হে স্বামী....নাৱৰ ভৰষা নাই ৰে....


গৈ আছো সুৰংগটোৰ সিটো পাৰ বিচাৰি। মাজে মাজে চকু চাট মৰা পোহৰ এজাক। পোহৰ নহয়, এজাক বাদুলীৰ চকুৰ চিকমিকণিহে। খিকখিকাই হাঁহি কাণে কাণে কৈ যায় 'আমি ৰাতিৰ ৰজা, আমি গঢ়ো কাহানিও শেষ নোহোৱা 
ৰাতিৰ সুৰংগ..... '।

....হঠাৎ সাৰ পালো। নাই, মই কোনো সুৰংগৰ মাজত নাই। নাই কোনো বাদুলী মোৰ চাৰিওকাষে। কপালখন চুই চাই তিতি থকা পালো। অলপ ভয় খালো তাৰমাণে। ক'লৈ, কি বা বিচাৰি গৈছিলো। বাদুলীজাক কিয় আহে বাৰে বাৰে। মানুহ মৰিলে হেনো একেই অনুভৱ কৰে, মানে সুৰংগৰ মাজেৰে হেনো পোহৰ এটাৰ ফালে যায়। কোনোৱে কয় পোহৰটো হেনো পৰমাত্মা। নাই, নাই কি ভাবি আছো এইবোৰ। মুখৰ লগতে মগজুৰো লেকাম ৰাখিব লাগে।

'সোণৰ সোলেং' নে 'সোণৰ শৰাই' ?? নাই আজি বতৰ ধুনীয়া। ঠাণ্ডা বতাহ জাকে খিৰিকী খোলাৰ লগে লগে গা-টো ধোৱাই নিলে। আজি পুৱাৰ গীত নিশ্চিতই 'বোৱা বোৱা দক্ষিণ মলয়া'।আলস্যতাৰে আজি আকৌ এবাৰ সাতুৰিম জ্যোতি ককাইদেউৰ গীতৰ মিঠা নৈত। নিজক পঁকীৰ ভিতৰলৈ লৈ যাম।জ্যোতি ককাইদেউৰ গীত গাই থকা অবস্থাৰ কণমানি 'মই' টোক নিজেই আকৌ এবাৰ চাম। কি এক উৎসাহ, আনন্দ, শিহৰণকাৰী সেই দিনবোৰ। '..ইয়াৰ পৰবৰ্ত্তী প্রতিযোগী...' বুলি নামটো মতাৰ লগে লগে এনে লাগিছিল যেন গোটেই মানুহজাকে সকলো বাদ দি মোলৈ ৰ লাগি চাই আছে। এক বুজাব নোৱাৰা ভয় ভয় লগা অথচ নিজকে হিৰ' হিৰ' লগা অনুভৱ। দেউতাই সাহস দিবৰ বাবে ধৰি থকা মোৰ হাতখন, মই গীত গাই থাকোতে প্রথম শাৰীতে বহি, কেতিয়াবা থিয়হি থকা দেউতাৰ আবেগ-শংকাত পোত যোৱা মুখখন। 

কেনে এক ঐশ্ৱৰিক ধৰণে সোমাই আছিল জ্যোতি -বিষ্ণু নাম দুটি আমাৰ সম্বন্ধবোৰৰ মাজত। পুৰস্কাৰ পালে গোটেই ঘৰখনত হোৱা আনন্দৰ পৰিবেশটো, পুৰস্কাৰ নাপালে পোৱা পৰামৰ্শ, উদগণিবোৰ একোটা নিয়ৰৰ মুকুটাৰ দৰে আজিও জিলিকি আছে মনৰ সেউজীয়া চোতালত। খূৰাদেউ তেজপুৰৰ ঘৰলৈ আহিলে (সাধাৰণতে জাৰকালি আহে) জুই তাপ লৈ ৰাতি দুপৰলৈকে কৈ গৈছিলে জ্যোতি -বিষ্ণু ককাইদেউহতৰ অলেখ জানিবলগীয়া কথা। দেওবাৰৰ পুৱাৰ আহাৰৰ পিছত সকলো ভতিজাক গোট খুৱাই শিকাইছিলে জ্যোতি -বিষ্ণু ককাইদেউহতৰ গীতবোৰ এটাৰ পিছত এটাকৈ। মই খুৰাই শিকাই দিয়া 'জননীৰ সন্তান জাগা' গায় প্রতিযোগিতা প্রথম হৈছিলো। আনন্দত ৰাতি জলচা হৈছিল। দেউতা-মা-বৰদেউতা-পেহী-বাইদেউ-দাদা কোনো বাদ পৰা নাছিল। 
বিদ্যুতহীন সেই ৰাতিটোত বৰষুণৰ শব্দভেদি হয়তো বহু দূৰলৈ বিয়পি পৰিছিল জ্যোতি -বিষ্ণুৰ গীতৰ গুঞ্জন। সেই গুঞ্জন, হাঁহিৰ খিলখিলনিত থকা সেই অসমীয়াত্বৰ অনুভৱবোৰ কিমান অমূল্য আছিল তাক কোনোদিনে হয়তো 
শব্দৰে বুজাব নোৱাৰিম।

সিদিনা কেইবাখনো দোকান বিচৰাৰ পাছত জ্যোতি -বিষ্ণু ককাইদেউ গীতৰ বিচাৰি ফুৰা দুখনমান চি.ডি পালো । বজাৰৰ মাজেৰে খোজকাঢ়ি আহোতে পাৰ হৈ আহিছিলো 'পঁকী'।আমি গোৱা গীতত ফুটা আনন্দৰ ঝংকাৰ কিবা দুখত যেন ম্লান হৈছিল পকীৰ ভিতৰত ।

'জীলেবী বাঈ' ৰিংট'নটোত উচপ খাই উঠিলো। খিৰিকীৰে চাই পঠিয়ালো- "হেল্ল' মম মই বাইকত ক্লাচ শেষ কৰি মই টিনাক পিকআপ কৰি মাল্টিপ্লেক্সত 'ট্রেন্সফৰমাৰ' চাব যাম। আহোতে দেৰি হ'ব। এতিয়া বেছি কথা নাপাতো...." ভুভুভুভুভুভুওওও.....বুলি শব্দ কৰি প্রায় ১৬/১৮ বছৰীয়া ল,ৰাটো বতাহৰ দৰে মুৰ্হ্হূত্ততে নোহোৱা হ'ল। মোৰ পুৰণি ইকৰাৰ বেৰ খনত বাহিৰৰ পৰা উৰি আহি ধূলি অলপ পৰিলহি।

উঠি গৈ আন এটি প্রিয় গীত বজালো...ৰাভা দেৱৰ গীতটিৰ মাজত পুণৰ হেৰাই গ'লো দুচকু মুদী

"অ' 
মোৰে নাৱৰ ভৰষা নাই ৰে
হে স্বামী....
নাৱৰ ভৰষা নাই ৰে...."

-ৰক্তিম-
৩০ জুলাই/১২
বেংগালুৰু

Sunday, July 29, 2012

'দি গ্রেট মাইগ্রেচন' আৰু এটা সহজ নিয়ম

"নঙলা মুখত ৰৈ আছিলি তই। 
আহিম, নাহিম একো নকলি। 
ময়ো ৰ'লো কিছুপৰ তোৰ ভাৱ নুবুজি। 
মোৰ চকু জাপ গ'ল, পলকতে তই মোৰ শোৱণিকোঠা পালি। 
মোৰ শেতেলী গ'লি অদৃশ্য হ'ল। 
কৈ গ'ল 'মোৰ বুকু মলিন হ'ল'।"

মেলা, ঠিক এখন মেলা। আনন্দ মেলা নহয়। পোহৰ পোহৰ সকলো। মানুহ মানুহ চৌদিশ। আকাশ উজ্ৱল দুপৰ নিশালৈ ৰাতিৰ পাছত ৰাতি। দিনৰ পোহৰত টোপনিৰ হুংকাৰ। পেটৰ তলিত ইক' হয় ভোকাতুৰ নিগনি জাকৰ ক'ৰাচ। তথাপিও চিন্তা কৰিবলগীয়া একো নাই। সকলো সহজভাৱে ল'লেই হ'ল। মই 'হুটো', তই 'টুটচি'। , কেতিয়াবা তই মোৰ ৰজা, কেতিয়াবা মই তোৰ ৰজা। কোনে 
আমাৰ ৰাজপাট ভাঙে-পাতে তাক লৈ আমাৰ মতলব নাই। কেতিয়াবা মই তোৰ তেজ খাম, কেতিয়াবা তই মোৰ তেজ খাবি। আমিবোৰ মিলা প্রীতেৰে চলো। আমিবোৰ এনেকৈয়ে জীয়াই ঠাকিম। চিম্পল গিভ এণ্ড টেক পলিচি। এটা অতি সহজ আৰু সৎ নিয়ম মানি চলো আমি।

পুৰণি ঘৰবোৰ ভাল নালাগে। আমি নতুন ঠাইলৈ যাম। নতুন ঘৰ সাঁজিম। কিন্তু তাৰ আগতে তই মোৰ ঘৰ ছাই কৰিবি, মই তোৰ ঘৰ। মিলাই চলিব লাগে সদায় এনেদৰে। মৰম বাঢ়ে। চকুৰ চিনাকী তেজৰ চিনাকী হয়। আমিবোৰে আচলতে সময়ত দল পাতি থাকি ভাল পাঁও, দল পাতি যাও নতুন দুনীয়ালৈ। 'দি গ্রেট মাইগ্রেচন'- আজি আমাৰ, কালিলৈ সিঁহতৰ। বহুত হৈছে এনে 'গ্রেট মাইগ্রেচন' পৃথিৱীত। নাঁভি খণ্ডনৰ কাবাড্ডী। তেজবোৰৰ স্বৰূপ এনেও ৭ বছৰৰ অন্তৰে অন্তৰে সলনি হয়।

দেৱীক নৰবলী দিলে দেৱী সন্তষ্ট হয় বোলে। কিমান নৰবলী আৰু কিমান দিনৰ মুৰে মুৰে এই বলীৰ প্রয়োজন আমাৰ ধাৰণা নাই। কেতিয়াবা দেবীয়ে নিজেই আয়োজন কৰে এই বলীৰ। স্থান বিশেষে ৮ লাখ বা তাৰো অধিক মানুহ অদৃশ্য হৈছে একে ঠাইৰ পৰা। ইয়াৰ তুলনাত আমাৰ সংখ্যা এই ক্ষেত্রত এতিয়াও তেনেই নগণ্য। বিধিৰ বিধান, জন্মিলে মৰিবও লাগিব। কিন্তু কোনে এই মৃত্যুৰ
দিন বাৰ কি স্ৱাৰ্থত নিৰূপণ কৰিব সেই বিষয়ে আমি একো নাজানো। 

আমি উদাৰ। আমি কোনো জাতি, ধৰ্ম নামানো। আমি কেৱল গৈ থাকিম। কেতিয়াবা 'হুটো' আৰু কেতিয়াবা 'টুটচি' হৈ। কেতিয়াবা মৰি কেতিয়াবা মাৰি। আগতেই কৈছো নিয়মটো পোনপটিয়া আৰু সহজ। 

আমাক বিচাৰিলে ৰোৱাণ্ডা, উগাণ্ডা, জাৰ্মানী, পলেণ্ড, ইজৰাইল, বাংলাদেশ, গুজৰাট, অসম সকলোতে সহজতে পাব। প্রকৃতিৰ বুকুত ধ্ৱংসৰ কঠোৰ আইন মানি চলা আমিবোৰ চিৰসক্রিয় পৃথিৱীৰ অলিয়ে-গলিয়ে ।

-ৰক্তিম-
২৯ জুলাই/১২
বেংগালুৰু

Friday, July 13, 2012

মই অকনু ভূঞাই কৈছো....

মোৰ পৰিচয় আপোনালোকক মই বেলেগে দিয়াৰ প্রয়োজনবোধ নকৰো। সাংবাদিকতা মোৰ পেচা। আপোনালোক প্রতিজনৰ ঘৰত মোৰ মাত আৰু মগজুত মোৰ চাপ মই ইতিমধ্যোই স্পষ্টকৈ এৰিছো। এটা জাতিৰ মান-সন্মান ৰক্ষা বা নষ্ট কৰাৰ ক্ষমতা আজি মোৰ হাতত আছে বুলি ন-দি নকলেও হব। আপুনি কি চাব, আপোনাৰ সন্তানে কি শিকিব তাৰ সিদ্ধান্ত মই ল'ম। দুষ্টক ৰাজহুৱাকৈ শাস্তি মই দিম। ৰাইজক শাসক, বিচাৰক মই বনাইছো। জনগনক গণতন্ত্রৰ প্রকৃত অৰ্থ আৰু স্বাদ মই দিছো।

অসম প্রগতিৰ পথত। মই অকনু ভূঞাই আনিছো প্রগতি। ৰাইজক সকলো খবৰ লাইভ দেখুৱাও মই। দুনীয়া 'লাইভ' কৰি দিছো মই। মানুহৰ 'লাইফ' 'লাইভ' কৰি দিছো। হত্যা, ডকাইতি, গৃহ-বিবাদ, পতি-পত্নীৰ কাইজিয়া,পৰকীয়া প্রেম,অবৈধ সম্পৰ্ক, জোতা চুৰ, চেণ্ডেল চুৰ, মানুহ চুৰ, সকলো লাইভ।ডাঁৰৰ বতৰা ডাঁৰে ডাঁৰে লাইভ দিও। ৰাজপথৰ মাজমজিয়াত যুবতীক গণ-ধষৰ্ণৰ চেষ্টা লাইভ দেখুওৱাই গোটেই ৰাষ্ট্রতে জনাই দিছো 'অসমীয়া কোন' 'মই কোন' আৰু আমি কিমান দাম্ভিক। বিশ্ববাসীৰ আগত জাতীয় গৌৰব অক্ষুণ্ণ ৰখাৰ বাবে ইউটিউবোত এৰিছো গণ-ধষৰ্ণৰ চেষ্টাৰ লাইভ ভিডিঅ। মোৰ জাতি প্রেম, দেশ প্রেমক সন্দেহ নকৰিব। অসমীয়াৰ সাধাৰণ জ্ঞান বঢ়াবলৈ দেশ-বিদেশৰ নানা খবৰ মোৰ 'ইণ্টাৰনেচনেল ডেক্স'ৰ (deks??) জৰিয়তে প্রতিদিনে দিয়েই আছো।

মোক বেয়া পোৱা মানুহবোৰক কও যে মোক বেয়া পাই আপোনালোকে মোৰ
নোম এডালো লৰাব নোৱাৰে। সাংবাদিকতা মোৰ পেচা কিন্তু ৰাজনেতা সকলক 'ভক্তিশেল' মৰাটো মোৰ নিচা। মোৰ ক্ষমতা চাওক, প্রতাপী ৰাজনেতা সকলে নিজেই শেলডাল বনাই মোৰ হাতত তুলি দি যায়হি। মই খালী শেলডাল মাৰিবহে লাগে। গতিকে কোনো ঘটিৰাম-বাটিৰামে মোক বেয়া পায় যদি পাওক, মোক ভাল পোৱা ডাঙৰ ডাঙৰ মানুহৰ অভাব নাই। কিছুমানে আকৌ মই কথা ক'লে থুইৰ চিটিকণি বৰ বেছিকৈ পৰে কাৰণে বেয়া পায়। সেই বিষয়ে মই একো মন্তব্য নিদিও।

মোৰ অৰিহনা যদি আপোনাোকে অগ্রাহ্য কৰিব বিচাৰিছে কৰক
মই 'অকথ্য'বোৰ কৈয়ে যাম। মই ইতিমধ্যো বহুদূৰ শিপালো।
মই ইতিমধ্যো এটা এৰাব নোৱাৰা নিচা হ'লো। মই যদি বেয়া তেন্তে
ভুল আপোনালোকৰো আছে। প্রথমে, নিজক প্রশ্ন কৰক । মোক চাবলৈ
মই কাকো বাধ্য কৰা নাই। সন্ধিয়াৰ ৭ ত আপুনি নিজেই আহি সকলো
বাদ দি মোৰ সমুখত বহেহি। মোৰ বাতৰিৰ সকলো আমেজ লৈ তাৰ পিছত
মোক গালি পৰা দুমুখীয়া নীতিটো মই ঘোৰ নিন্দা কৰো। প্রতিদিনৰ ঘটনা
এইটো। আপোনালোকৰ ৰুচিবোধ আপোনালোকৰ ব্যক্তিগত বিষয়। বুকুত হাত থৈ কওক তৰল বাতৰি সচাকৈ বেয়া পাই বুলি। প্রকৃততে বেয়া পোৱা হ'লে মই আজি নাথাকিলো হয়। মই যদি অপৰাধী মোক বিনাশ কৰাৰ ক্ষমতাও আপোনালোকৰ হাততে আছে। যদি ইমান বেয়া পায় মোক তেনেহ'লে বিনাশ কৰক মোক আপোনালোকৰ মনবোৰত। মোৰ মূখ আপোনালোকৰ টেলিভিশ্যনত নোচোৱাৰ পণ লওক।

স্পষ্টকৈ কব গ'লে-মই বেপাৰী। বাতৰিৰ বেপাৰ কৰো মই। ভাল-বেয়া সকলো বাতৰিৰ বেপাৰ কৰিম কাৰণ লাভ কৰাটো মোৰ উদ্দেশ্য। মোৰ বিজনেচ টাৰ্গেট আছে। মই টাৰ্গেট এচিভ কৰিবলৈ যি বেচিব লাগে তাকে বেচিম। নৈতিকতা, দায়িত্ববোধৰ বিষয়ে ভাববলৈ মোৰ সময় নাই। টাৰ্গেট এচিভ নকৰিলে মোৰ 'গড-ফাডাৰে' মোক মই 'ৰিফিউজ' কৰিব নোৱাৰা প্রস্তাব দিব। আপুনি মোৰ দোকানৰ পৰা কি বুটলী লয় বা কি নলয় অথবা মোক একেবাৰে যদি বাদো দিয়ে সেইটো আপোনৰ সিদ্ধান্ত। বস্তু বেচা ন'গলে দোকান নিজেই বন্ধ হ'ব। আপোনাৰ দুবৰ্ল মনৰ দুবৰ্ল সিদ্ধান্তৰ পৰিণতিৰ বোজা মই 'অকনু ভূঞাই' লব নোৱাৰো। আপোনাৰ দুবৰ্লতাবোৰে মোক শক্তিশালী বনাইছে।

অপ্রিয় সত্যতো হ'ল মোক 'অকনু ভূঞা' আপোনালোকে বনাইছে।
আপোনালোকে ভণ্ডামী বাদ দিয়ক,
মই সাংবাদিকতা বাদ দিম...

(ঘটনা, পাত্র কাল্পনিক। বাস্তবৰ লগত সামঞ্জস্য আকস্মিক)

-ৰক্তিম-
১৩ জুলাই.১২
বেংগালুৰু


https://www.facebook.com/photo.php?fbid=323037317789879&set=a.110118222415124.19470.109773015782978&type=1&relevant_count=1

Tuesday, July 10, 2012

ৰ'দ


বৰষুণ আহিছে..

প্রেমৰ বতাহজাকত বিলীন হৈ,
মৌ-মাখিৰ দৰে গুণগুণাই

সেউজীয়া বৰষুণজাক আহিছে।

মোৰ সিক্ত কামনাত
একাঁচলি ৰ'দ

বুকুৰ পথাৰত দপদপনি
উঁদ্বাওল কেঁচা মাটিৰ 

মোক ধুৱাই নিয়া
এটি পখিলা উৰিব সুগন্ধি বিয়পায়.. 






-ৰক্তিম- 
১০ জুলাই/১২

Monday, July 9, 2012

'নতুন' ফুলিব সপোন হৈ আকৌ এবাৰ..' - গদ্য পাঠ




মোৰ 'নতুন' ফুলিব সপোন হৈ আকৌ এবাৰ..' বুলি লেখাটোৰ বাবে ছবি এখন আকিঁছিলো । লেখাটো ছবিখন সন্নিবিষ্ট কৰি পাঠ কৰি আগবঢ়ালো।


সংগীত- য়ান্নি
ছবি- ৰক্তিম




-ৰক্তিম-

ছবি (১)



 মোৰ 'নতুন' ফুলিব সপোন হৈ আকৌ এবাৰ..' বুলি লেখাটোৰ বাবে আকিঁলো। 
বহু দিনৰ পৰত ৰং চুলো। অনন্য অনুভৱ। :-)


Friday, July 6, 2012

কেলিপচ'


সংগীতে অতিজৰে পৰা এক অতি শক্তিশালী সংযোগ মাধ্যম হিচাপে কাম কৰি আহিছে। ইতিহাসৰ বহু ঘটনা-পৰিঘটনাৰ লগত সংগীতৰ সম্বন্ধ অতি গভীৰ। কেলিপচ'ও এক ইতিহাসে আঁচোৰা লোক সংগীতৰ প্রকাৰ। কেলিপচ'ৰ সম্বন্ধ পোনপটিয়াকৈ আফ্রিকীয় দাস সকলৰ লগত। 

কেলিপচ'ৰ উৎপত্তি হৈছিলে ট্রনিদাদ আৰু টবাগ'ত। এই লোক সংগীত সম্পূৰ্ণ কেৰিবিয়ান দ্বীপপুঞ্জতে অতি জনপ্রিয়। কেলিপচ'ৰ সৃষ্টিৰগুৰিত আফ্রিকীয় উৎসৰ লগত ইউৰ'পীয় উৎসৰো অবদান আছে বুলি জনাযায়।


এটা কেলিপচ' সংগীতৰ দল



লোক সংগীত কেলিপচ' সৃষ্টিৰ আঁৰৰ কাহিনী মানবীয়তাৰ পৰিপন্থী আছিল।আফ্রিকীয় দাসসকলৰ ট্রিনিদাদ আৰু টবাগ'ত আগমন ঘটা ঘটানাটোৱে কেলিপচ'ৰ জন্মলগ্ন। আফ্রিকীয় দাসসকলক তেখেতসকলৰ শাসকীয় মালিকসকলে নিজৰ মাজত কথা পাতিবলৈ অনুমতি  নিদিছিলে। দাসসকলে ইজনে-সিজনৰ লগত কোনো ধৰণৰ মত বিনিময় কৰিব নোৱাৰিছিলে। অভাবে আবিস্কাৰৰ মূল হোৱাৰ দৰে দাস সকলে নিজৰ মাজত মত বিনিময় কৰিবৰ বাবে সংগীতৰ আশ্রয় ল'লে। মত বিনিময়ৰ বাবে ব্যবহাৰ হোৱা এই সংগীতে
পিছলৈ কেলিপচ'ৰ নাম ল'লে। কেলিপচ'ৰ অৰ্থ হৈছে- 'আগবাঢ়া' বা 'আগুৱাই যোৱা'।কেলিপচ'ই আফ্রিকীয় দাস সকলক বিদেশত একত্রিত কৰি ৰখাত আৰু তেখেতসকলৰ মনোবল গঢ়াত অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

এটা কেলিপচ' সংগীতৰ দল

১৮৩৪ চনত 'দাস প্রথা বিলুপ্তিকৰণৰ' পিছত কেলিপচ'য়ে ট্রিনিদাদ আৰু আৰু টবাগ'ত যথেষ্ট জনপ্রিয়তা আৰ্জিবলৈ সক্ষম হয়। ১৯১২ চনত 'লৱেচ ষ্ট্রীং বেণ্ড' নামৰ এটা বেণ্ডে প্রথমবাৰৰ বাবে নিউয়ৰ্ক চহৰত কেলিপচ' লোকসংগীতৰ আৰ্হিৰে এটি সংগীত বাণীবদ্ধ কৰি বিশ্ববাসীৰ আগত প্রস্তত কৰে। ইয়াৰ দ্বাৰাই কেলিপচ' লোকসংগীতে বিশ্ববাসীৰ আগত ৰাজহুৱাভাবে আত্মপ্রকাশ কৰে। ১৯৩০ দশকৰ শেষৰফাললৈ  কেলিপচ' লোকসংগীতে সমগ্র বিশ্বতে জনপ্রিয়তা লভিব সক্ষম হয়। কেলিপচ'ক জনপ্রিয় কৰাৰ ক্ষেত্রত এডোৱাৰ্দ' চা গ'মচ নামৰ এজন পৰ্টুগীজ সংগীত ব্যবসায়ীৰ অৰিহনা উল্লেখনীয়। পিছলৈ কেলিপচ' লোকসংগীত ট্রনিদাদৰ ৰাজনৈতিক আৰু সামাজিক বাতৰি কঢ়িওৱা এক শক্তিশালী গণ-মাধ্যম ৰূপে পৰিগণিত হয়।

দ্বীতিয় বিশ্ব যুদ্ধৰ সময়ছোৱাত আৰু যুদ্ধৰ পিছৰ সময়ছোৱাত কেলিপচ' লোকসংগীতৰ বুকুয়েদি পৰিবৰ্ত্তণৰ ঢৌ বয়। আমেৰিকাৰ সৈন্য-বাহিনীয়ে যুদ্ধৰ সময়ছোৱাত ট্রনিদাদ আৰু টবাগ'ত বাহৰ পাতি আছিল। আজৰি সময়ত সৈন্য-বাহিনীয়ে আনন্দ আৰু উৎসাহ বাহাল ৰাখিবলৈ কেলিপচ' লোকসংগীত গাবলৈ আৰু সামাজিকভাবে পৰিবেশন কৰিব লৈছিলে আৰু ইয়াৰ ফলস্বৰূপে আমেৰিকান প্রভাৱেৰে প্রভাম্বিত হৈছিল কেলিপচ'।  এই মিশ্রনে এক নতুন সোৱাদে দিছিলে ট্রনিদাদাসীক।

কেলিপচ' লোকসংগীতৰ ওপৰত ১৯৮০ দশকৰ পৰা বহু সাংগীতিক পৰীক্ষা নিৰীক্ষা হৈছে আৰু এই লোকসংগীতৰ আলমতে কেইবাটাও নতুন জনপ্রিয় সংগীত শৈলীৰ সৃ্ষ্টি হৈছে।


-ৰক্তিম-

চিত্র উৎস:http://cct300-f07.wikispaces.com

Wednesday, July 4, 2012




তোমাৰ যাত্রা সুখৰ হঁওক
__________________

"মৃত্যুওটো এক শিল্প
জীৱনৰ কঠিন শীলত কটা
এক নিৰ্লোভ ভাৰ্স্কয্য"

- শব্দৰ যাদুকৰজন শুই আছে একান্তমনে। 
আমণি নিদিবা, কবিতাৰ ভাগৰ লাগিছে।

হীৰুদাৰ অবয়ব, সত্ত্বা,অনুভব ঝংকাৰিত হৈ থাকিব 
'সুগন্ধি পখিলা' হৈ আমাৰ মনত চিৰকাল। 

তেজত আমৰণ ৰণুৱা ঘোঁৰা হৈ দৌৰি থাকিব হীৰুদাৰ শব্দৰ অনুভব।

হীৰুদা মনত নহয়, তেজত থকা এক সত্ত্বা,
মন জুৰ পেলোৱা শব্দৰ এচাটি বতাহ।

শব্দ থকালৈকে হীৰুদাও থাকিব  


হীৰু দা তোমাক হাঁহিৰে বিদায় দিছো,
তোমাৰ যাত্রা সুখৰ হওক।


-ৰক্তিম-

Tuesday, July 3, 2012

বেশ্যা- (২)


তোমাৰ প্রেমত মই আকৌ পাগল হ'লো..

প্রথমে নামিলা চকুৱেদি মনলৈ
লাহে,লাহে
এখোজ-দুখোজ কৈ...

আন্ধাৰৰ মায়াবী চাদৰেদি ঢাকি 
সাবটি ল'লা মোক কোনেও নেদেখাকৈ তোমাৰ দুবাহুত..
আঁকি দিলা মোৰ ওঁঠত তোমাৰ উন্মুক্ত চুমা

তোমাৰ আবেশত মই টোপ্ টোপ্ কৈ গ'লি সৰিলো
তোমাৰ বক্ষত ..

বৈ গ'ল মোৰ সত্ত্বা নৈ হৈ 
তোমাৰ পিছল শৰীৰেদি মাটিলৈ

তুমি নামিলা মনৰ পৰা তেজলৈ 
লাহে,লাহে
এখোজ-দুখোজ কৈ...

তুমি মোৰ ৰাতিৰ লগৰী 
তুমি মোৰ শীতৰ শেতেলীৰ ওমাল চাঁদৰ 
পোঁহৰ বেয়া পোৱা তুমি,
তোমাৰ ৰঙা গালত
কৃষ্ণপক্ষ আকাশৰ চিকমিকনি

ঋতু আহে ঋতু যায় 

মোৰ জীৱন গ'ল 
তোমাৰ যৌবন নগ'ল
তোমাৰ নগ্ন প্রেমত 
অলেখ মাতাল হ'ল

তুমি নামিলা তেজৰ পৰা মাটিলৈ 
লাহে,লাহে
এখোজ-দুখোজ কৈ... 





-ৰক্তিম-
০৩ জুলাই/১২
বেংগালুৰু

Sunday, July 1, 2012

দেওবৰীয়া টাইমপাচ


দেওবাৰটো আৰাম কৰা দিন। বেছি আৰাম কৰিলও আমণি লাগে। "ফৰ্চড বেচ্চেলৰ" হৈ বহি আছো বহু দিনৰ পৰা। পত্নী-ছোৱালী তেজপুৰত। বন্ধ দিনকেইটাত ঘৰখন বেছি খালী খালী লাগে। কিবা এটা কৰো বুলি ফটো অলপ গোটাই লৈ কাম এটা কৰিলো...মন গ'ল মোৰ ডাঙৰ অকব পৰিয়ালটোক মোৰ সৰু পৰিয়াল আৰু বন্ধুৰ খবৰ ছবিৰে দিবলৈ । মোৰ "দেওবৰীয়া টাইমপাচ"...


-ৰক্তিম-
০১জুলাই/১২
বেংগালুৰু

Saturday, June 30, 2012

এন্ধাৰত নাৰ্চিচাচে প্রতিবিম্ব নেদেখে..

যীশুঁৰ তেজেধোৱা শৰীৰটোৰ পৰা বগা চাঁদৰ খন আতৰাই লৰা-ছোৱালী জাকে ৰুলে ভগবানৰদেহত খুঁচি খুঁচি এজোপী গোঁলাপ। সাৰ পাই উঠো উঠো ভগবান। গৰ্ভ ৰুগ্ন মাটিৰ অসুখ ধূলিসাৎ কৰাৰ হেঁপাহ সিহতৰ হাঁহিত। সিহতবোৰে সৰুতেই বুজিছে-
পৃথিবীত থকা কেইদিন পৃথবীৰ পৰা লুকাব নোৱাৰি। জীয়াই থকা কেইদিন কেৱল জীয়াই থকাৰ যুঁজ দি থাকিলে জীয়াই থকাৰ সংজ্ঞাত ঘূণে ধৰিব। পাৰ চৰাইৰ আঞ্জাৰ আমেজ নুবুজা মূৰ্খ শিশুৰ দল।

লুকুৱাই ৰাখিব লাগে নিজক। পোঁহৰ পৰিব দিব নালাগে মনৰ কোঠালীত। অস্পষ্ট মৎসকন্যাৰ নাঙঠ অবয়বৰ মায়াত সাগৰ তলিত মুকুটাৰ চিকমিকনি। বৰষুণ, বৰষুণ সপোণ। দুৱাৰখন ভালকৈ লগাবা ন'হলে বৰষুণত নামি অহা অভিমানে বাঁহ ল'বহি তোমাৰ ৰাতিৰ নীলা চাঁদৰত। লুকুৱাই ৰাখিবা নিজক, এন্ধাৰত নাৰ্চিচাচে প্রতিবিম্ব নেদেখে। প্রেম আত্মঘাটি নহয়।

মোক তোমাক লাগে, তোমাক মোক লাগে। ভোকতুৰক ভাত লাগে। আবেগ, প্রয়োজন ইত্যাদি ইত্যাদি। জীয়াই থাকিবলৈ লাগে কাৰোবাক মন ভৰাই, কাৰোবাক পেট ভৰাই সুখ । আকাশৰ প্রেম, মঙহৰ প্রেম, ডাষ্টবিনৰ প‍্রেম ?? 'ভালপোৱা তেঁজ' শৰীৰৰ ভিতৰত বয়। ওলাই অহা তেঁজত দুখ বিৰিঙে।

খেলি থাকিবা, ভাগৰত পৰি নোযোৱালৈকে। গায় যাবা গান মনত তেজ নিবিৰিঙালৈকে। লিখি যাবা
কবিতা শব্দৰ অন্তলৈ। আঁকি যাবা সপোন মৃত্যুৰ চোতাললৈ। মুক্তিৰ আবেলিত হাঁহি বিৰিঙিব। ভগবানক গৈ কবা মই মানুহ। গাজা ষ্ট্রিপ, আমেৰিকা, আফগানিস্তানৰ বা আফ্রিকাৰ নহয়, পৃথিবীৰ "মানুহ"। মাডাৰ টেৰেজা, গান্ধী, মেণ্ডেলাক ভালপোৱা "মানুহ"।

লৰা-ছোৱালী জাকৰ ফুল ভগবানৰ দেহত ফুলিছে। যীশুঁ সাৰ পালে। সুধিলে- "মোক কোনে জগালে? মোৰ তেজ কিয় শুকোৱা নাই?" সিহতে ক'লে "এয়া আমাৰ আই- পিতাইৰ তেজ, সোনকালে শুকাব।"





-ৰক্তিম-
৩০জুন/১২
বেংগালুৰু

Saturday, June 23, 2012

‎'নতুন' ফুলিব সপোন হৈ আকৌ এবাৰ..

অপেৰা গায়িকাজনীৰ মাতটো এটা শিহুৰ দ'ৰে মোৰ তেজত ডুব মাৰি
নোহোৱা হ'ল। সুমেৰুৰ পৰা নামি আহিছে বৰফবোৰ এটা কেতিয়াও
নুশুনা শব্দ কৰি মনে, মনে। বাকী মানুহবোৰ পৃথিবীৰ পানীত নামি
হেৰাই গ'ল পৃথিবীৰ তলিত। মা-পিতাইৰ বিচনা খন খালী। ভাইটিৰ
চোতালত পৰি থকা চোলাটোৰ লগত খেলি আছে মেকুৰীটোৱে। সি
একো নাজানে। বিচাৰিলে অপেৰা গায়িকাজনী তাৰ তেজতো ওলাব চাগৈ.. 

চকুত চকু থ'লে প্রেম ন'হয়। কাৰোবাক দেখি মনটো কপি উঠিলে প্রেম
হোৱা বুলি ভবা বোৰ তৰাবোৰৰ লগত লুকা-ভাকু খেলিবলৈ গ'ল। আকাশ
খন নামি আহিল। সিঁহতবৰ নাহিল। মৰিব ময়ো পাৰিম, প্রেমত জীয়াই থাকি
দেখুওৱা মোক ৰমিঅ'। ৰবীন্দ্র সংগীত শুনিবা নিশা দুপৰত অকলশৰে, মই
কি কৈছো বুজিবা। মৃত্যুশীতলতাৰ আবেগ বচা চাঁদৰ খনে যেতিয়া টোপনীৰ
ৰূপ লয় সাৰ নাপাবা কাহানি। নিবাচাৰিবা কাহানিও জানিব প্রেমৰ সংজ্ঞা। প্রেমৰ
জগৰত যে গ্রহণ লাগে পৃথিবীৰ..

পিতাইৰ কোলাত থাকোতে দেখা জুইৰ লানি নিচিগা সোঁতবোৰ কাৰোবাৰ
বুকুৰ আজিও উদাত্ত ৰঙা অঙঠা। জুই জুই হৈয়ে থাকক। ভুলকৈ জ্বলা জুইৰ
ভমক বেছি। চাৰিওফালে ভালকৈ চালে ধোঁৱাবোৰ দেখি। কিছু নতুন, কিছু
পুৰণি আৰু কিছু কেচা তেজ মিহলি ধোঁৱা..চিনাকী...

বুকুৰ ভিতৰত ডুবি থকা 'টাইটনিক'খন বিচাৰি উলিয়ালে মৰাঁশবোৰ পাম।
লুণীয়া পানীৰ মাছ মই। বেলিৰ পোহৰে চুব নোৱাৰা সাগৰৰ গভীৰতাত মোৰ
সপোনৰ ঘৰ। মকৰাৰ কংকালেদি সজোৱা মোৰ প্রেমৰ কোঠালী। আহিবা, 
কিন্তু হাতত লৈ আহিবলৈ নাপাহৰিবা মোৰ প্রিয় তেজাল বুঢ়াটোক ৰঙা বটলৰ
মাজত। এদিনৰ বাবে আমি আদিম হ'ম। আডাম আৰু ইভ হ'ম। পৃথিবীক প্রথম
'মা' বুলিম। আকৌ কামোৰিম অভিশপ্ত আপেল। আমি 'পৃথিবী' হ'ম পুণৰবাৰ...

'নতুন' ফুলিব সপোন হৈ আকৌ এবাৰ..

-ৰক্তিম-
২৩জুন-১২
বাংগালুৰু

Wednesday, June 20, 2012

একোডাল সাপে মেৰিয়াই আছে আমাক...

....সাপৰ মোটটোৰ কথায়ে আহিছিল প্রথম মনলৈ, যেতিয়া "সাংস্কৃতিকৰণ" বিষয়টো পঢ়িব আৰাম্ভ কৰিছিলো স্নাতোকোত্তৰ শ্রেণীত । খুব ভাল পাইছিলো বিষয়টো । প্রথম পৃষ্ঠাৰ প্রথম কথা কেইটা আছিল-

"পৰিবৰ্ত্তনৰ বাহিৰে পৃথিবীত সকলো পৰিবৰ্ত্তনৰ হয়। একমাত্র পৰিবৰ্ত্তনেই স্থিৰ ।"

......পৰিবৰ্ত্তন হয় সকলো- স্বভাব, চৰিত্র, মন, দৃষ্টিকোণ, মত, সম্বন্ধ সকলো । সময়ৰ জোৰ সকলোৰে উৰ্ধ্ধত।ভালৰ পৰা বেয়া, বেয়াৰ পৰা ভাল, ভালৰ পৰা বেছি ভাল অথবা বেয়াৰ পৰা অতি বেয়া। শব্দবোৰ আপেক্ষিক। ঠিক যেন এটা মেচিন মনৰ ভিতৰত দূৰ্দান্ত গতিত চলি আছে। গৈ আছে বস্তুবোৰ। আমিবোৰ আগুৱাই গৈ আছো। সময়ৰ ক'লা ধুমুহাই দি গৈছে নিজৰ শক্তিশালী প্রত্যাহ্বান মুহূৰ্ত্তে মুহূৰ্ত্তে । কোনো জিকি সলনি হয়, কোনো হাৰি সলনি হয়, কোনো স্থিৰ হৈ সলনি হয়। পৰিবৰ্ত্তনৰ এই আজন্ম প্রক্রিয়াত 'কাম্য আৰু অবাঞ্চিত পৰিবৰ্ত্তন'ৰ
হাতেহাত ধৰি ওলমি থকা আমাৰ বৰ্ত্তমান।

'সি সলনি হ'ল।',
'মানুহজন আগৰ নিচিন। হৈ থকা নাই।'
'তাই আজিকালি মন খূলি কথা পাতে।'
'মানুহঘৰত গৈ আগৰবাৰৰ দৰে ভাল নালাগিল।',
'কিয় জানো আজি মনটো ভাল লাগি থকা নাই দেখোন।'
'তাই আগতে লাজকুৰীয়া আছিল আজি কালি স্মাৰ্ট হ'ল।'....

- সদায় শুনি অহা বা ব্যবহাৰ কৰি অহা মন্তব্য এইবোৰ। সহজাত ভাবে সহজতেই কৰা মন্তব্য। প্রত্যোকেই প্রত্যোকক বিষয়ে কোৱা কিছুমান কথা। জীবনত 'পৰিবৰ্ত্তন'ক বিচাৰি চোৱাৰ এক সহজ উপায় এই মন্তব্যবোৰ। অতি সহজতে মন্তব্য দিব পৰা এই পৰিবৰ্ত্তন বোৰ অতি কঠিন মানসিক প্রক্রিয়াৰ মাজেৰে আহে। । কিছুমানে হাৰ মানে পৰিবৰ্ত্তনৰ এই প্রত্যাহ্বানৰ আগত। নতুনত্বৰ প্রসব বেদনাত অস্তিত্ব বিলীন হয় সিহতবোৰৰ। পৰিবৰ্ত্তনৰ অন্তত জিকাবোৰে এক নতুন 'মই' হৈ নিজৰ আগত দেখা দিয়ে। একোটা উজ্বল সুৰুজ মুখত লৈ ঘুৰে, যেতিয়ালৈ নতুনত্বৰ টোকৰ পুণৰবাৰ নপৰে।

আজীবন চলে এই পৰিবৰ্ত্তনৰ প্রক্রিয়া আৰু মৃত্যুয়ে পুণৰ পৰিবৰ্ত্তনৰ কৰি যায় আন দহোতা জীৱন...

শৰীৰত অহৰহ ওলমি থাকে পৰিবৰ্ত্তনৰ এডাল সাপ,

মৃত্যুৰ মোট সলোৱা প
য্যৰ্ন্ত.....


-ৰক্তিম-
জুন ২০/১২
বাংগালুৰু

Tuesday, June 19, 2012

ভগৱান, মানুহৰ খেলি-মেলিবোৰ..

বতাহ জাক বৰ ধুনিয়াকৈ বৈ আছে কালিৰ পৰা। প্রত্যোক জাকেই লৈ আহিছে তলসৰা শেৱালীৰ সুঁৱাস। দেহৰ কোঁহে কোঁহে সজীৱতা অনুভব কৰিছো এনে ক্ষণবোৰতত ভাবুক হোৱাটো তেনেই স্বাভাবিক।

'যি হয় বা যিহোৱা উচিত' তাৰ মাজৰ আখৰাত মগজু বেছি ক্ষয় কৰি লাভ নাই যেন লাগে মাজে, মাজে। মাজে, মাজে ভাব হয়সকলো ভগৱানে (?) পূৰ্বে পৰিকল্পনা কৰি থয়। সেইমতেই সকলো হয়। যদি সেয়ে হয় তেনেহ'লে ধ্বংসৰ মাজত সৃষ্টিশীল ভগবানৰ সংজ্ঞা বিচাৰোতে অসুবিধা হয়। গণহত্যা, ধৰ্ষণ (বিশেষকৈ শিশু) আন আন মানবীয় বৰ্বৰতাবোৰো যদি ভগৱানৰ পূৰ্বপৰিকল্পনা বুলি ধৰি লঁও তেনেহ'লে ভগৱানক ভগৱান বুলি মানিব নোৱাৰিম। হয়তো 'এথিষ্ট' সকলে
তেনেকৈয়ে ভাবে। নে ভগবানে মানুহক মগজু দি দৈবিক ক্ষমতাৰ বিকেন্দ্রিকৰণ কৰিছিল? যাৰ অপপ্রয়োগৰ পৰিণতি- মানুহেই মানুহৰ কাল, মানুহেই সৃষ্টিৰ বিনাশক অথবা মানুহেই ভগৱানৰেই অস্তিত্বৰ প্রশ্ন কৰাৰ উপক্রম হ'ল।

মানুহৰ অনুভবখিনি সফলতাৰে বৰ্হি প্রকাশ কৰাতোতে মগজু আৰু আবেগৰ সংযোগৰ সফলতা, মানুহৰ সফলতা। মানুহৰ ক্ষেত্রত এই সফলতা নঞৰ্থক দিশে উৰ্ধগামী। ভাব-প্রকাশ আৰু প্রকৃত অনুভৱৰ মাজত এডাল পাতল প্রশ্নবোধক চিন যেন সদায় থাকি যায়। 'প্রশ্নবোধক চিন'- সহজ ভাষাত মানুহৰ প্রতি মানুহৰ বিশ্বাসৰ প্রশ্ন। নিজৰ জীবনটোৰ বা পৃথিবীৰ বুৰঞ্জীত চকু ফুৰালেই কথাবোৰ মূৰ্হুততে স্পষ্ট হ'ব। ভালবোৰ সদায় বেয়াৰ বুকু ভেদি ওলাব লাগে। নীল কাদম্বীনিৰ পৰা
সৰা সজীৱ টোপালবোৰৰ দৰে ভালবোৰ মানুহৰ মনৰ পৰা স্বতঃস্ফূৰ্ত ভাবে নসৰাৰ আঁৰত সৃষ্টিৰ কি ৰহস্য থাকিব পাৰে? 'সৃষ্টি হ'লে বিনাশো হ'ব'- এই সংজ্ঞাৰ বাস্তবিকৰণৰ ভগৱান প্রদত্ব মানব জাতি বিনাশৰ মানসিক সজুলি নেকি- ইয়াৰ উত্তৰ?

'আজি' নষ্ট কৰি 'কালি'ৰ সপোন দেখা, সময় নষ্টৰ নামত নিজেক নষ্ট কৰা, নিজক নিজেই চিনাৰ আগতে আনৰ পৰিচয় দিবলৈ উদ্বাওল হোৱা, প্রেমক পিঠি দি হিংসাৰ ফালে ঢাল খোৱা- সকলো জানিও ধাৰাবাহিক ভাবে ভুলবোৰ কৰি যোৱাৰ এই মানবীয় প্রবণতাবোৰে মায়াৰ কি বান্ধ সাজি কি উদ্দেশ্যে মানবজাতিক বশীভূত কৰে ইয়াৰ উত্তৰ হয়তো কোনোদিনে নোলাব।

নে ইয়াৰ উত্তৰ ভগৱানে মানুহক দিয়াৰ মগজু শক্তিৰ আঁৰতে লুকাই আছে?

বতাহ জাকে কথাবোৰ খেলি-মেলি লগালে....

-ৰক্তিম-
১৯জুন/১২
বাংগালুৰু

Sunday, June 17, 2012

শীৰ্ষ গীত-অসমীয়াত কথা বতৰা-এটি সৰু প্রয়াস

বন্ধুত্ব, ভালপোৱা, একতা,স্ৱদেশ, স্ৱজাতি আদি শব্দই নোকোৱাকৈ বহু কথা কৈ যায় আৰু সংগীতে হয়তো সোণত সোৱগা চৰায়। এজাক ভিন্ন চিন্তাৰ অচিনাকি মনক অকবই যি দৰে বান্ধি ৰাখিছে সেই সফলতাক সন্মান আৰু ধন্যবাদ জনায় আমাৰ এটা সৰু প্রয়াস আপোনালোক সকলোলৈ আগবঢ়াই দিব খুজিছো। 'আমি' শব্দটোৰ মাজত সোমাই আছো ৰক্তিম,হৃদয়,উজ্জ্বল,ৰাজীৱ আৰু বাসৱ (Brothers In Bangalore-BIB). আগন্তক দিনত আমাৰ আৰু বহুত নতুন পৰিকল্পনা আছে। আমি আশাবাদী আপোনালোকে ভুল ক্রুতি আঙুলীয়াই আমাক আগুৱাই যোৱাত সহায় কৰিব।

শীৰ্ষ গীত- 'অসমীয়াত কথা বতৰা'
সুৰ- ৰক্তিম
কথা- ৰক্তিম,ৰাজীব ৰঞ্জন 
শব্দযণ্ত্রী,সংগীত ব্যবস্থাপনা - হৃদয় 
পৰিকল্পনা- ৰক্তিম, উজ্বল, বাসব আৰু ৰাজীব
গীটাৰ- ৰক্তিম 


-ৰক্তিম -
১৭জুন/১২

Saturday, June 16, 2012

মেকুৰী, বৰ্ত্তমান, প্রেম আৰু মানুহ

মুখত পোৱালী কেইটালৈ ঘৰ বিচাৰি ঘূৰি ফুৰা মেকুৰী জনীৰ লেখীয়াকৈ জীবনটো চলাই নিম বুলি ভবা মানুহ বহু আছে। কোনো 'প্রত্যুৎপন্নমতী' কোনো 'যত্ভবিষ্য' কোনো 'অনাগতবিধাতা'। সকলোৰে নিজস্ব গতি আছে। শেষ আছে। আমি সকলো উপঙি আছো, গৈ আছো সময় সাগৰত। ক'লৈ? ক'ব পৰা জন ভগবান (?)।

জীবনৰ সংজ্ঞা ব্যক্তিবিশেষে সদায় বেলেগ। পৰীক্ষাৰ কাৰণে মুখস্ত কৰাৰ দৰে জন্ম-মৃত্যুৰ মাজৰ সময়ছোৱা আনৰ জীৱন চাই মুখস্ত কৰিব নোৱাৰি। 'বৰ্ত্তমান'- অতীত পাৰ কৰি ভবিষ্যতলৈ যাব বিচৰা এক দূৰন্ত যৌবন। বৰ্ত্তমান- এডাল সৰল ৰেখা। তিনিটা ষ্টপেজৰ এক সৰল ৰেখা- কালি,আজি আৰু কালি। বৰ্ত্তমান- জীৱন।

পৃথিবীখন এটি ধুলিকণাৰ দহ হাজাৰ অৰ্বুদ ভাগৰ এক বুলি ক'লে নিশ্চয় বিশাল বুলি কোৱা হব, যদি আমি মহাকাশৰ সংজ্ঞা বিচাৰো। সেই পৃথিবীৰ মাজত 'আমি'। আমাৰ মাজত 'মই'। মোৰ মাজত 'অহংকাৰ'। অহংকাৰৰ মাজত 'পতন'। কিমান সুস্পষ্ট নিয়ম। কিমান বিধিসন্মতভাবে আমি শেষ কৰো আমাক। নিশ্চিত 'অন্ত'ৰ জ্ঞান থকাৰ পাছতো 'জীৱন-বিজ্ঞান'ৰ 'পতনৰ নিয়ম' মানি চলা যেন এক আদিম নিচা। 'জীৱন' নিচাৰ লগত প্রায় হাৰে জীৱনৰ নিচা বুজি নোপোৱাজনৰ হাতত। বেয়াৰ পোহৰত ভালটো সেয়ে হয়তো আটাইতকৈ বেছি জিলিকে।

'প্রেম'- মোৰ জীৱন তোমাৰ হাতত, তোমাৰ জীৱন মোৰ হাতত। 'থিঅ'ৰি অফ পেৰেডক্চ অফ লাইফ'। জীৱনৰ চফ্টৱেৰটো খেলিমেলি কৰি দিয়া এটা স্ববিৰোধী বাগ (?)। ব্যক্তি আৰু ঘটনাবিশেষে স্বাদ তিতা বা মিঠা। মানুহক জ্ঞানী কৰে বা সাজে জধামূৰ্খ। অভিজ্ঞতাৰ নিচাহীন সুৰাত এচুমুক নিশ্চিত সকলোৰে। আমি ডাঙৰ হও তেনেকৈয়ে।

এখন পৃথিবী। সকলো এক হ'ম। কথা পাতিম, গান গাম। যাত্রা কৰিম পৃথিবীৰ শেষলৈ একেলগে। প্রেমকো দেখুৱাই দিম প্রেমৰ তলি উদং হোৱাকৈ ইজনে সিজনক ভালপোৱাৰ হেঁপাহ আমাৰো আছে। মানুহৰ প্রতি মানুহৰ হেঁপাহ। মানুহৰ প্রতি মানুহৰ মৰম।

মেকুৰীৰ হেনো ৯টা জীৱন।

আমি মানুহ...

এটা জীৱনত ৯ টা জীৱন জীয়াব লাগিব...মানুহ হৈ।

-ৰক্তিম-
১৬ জুন-১২
বাংগালুৰু







https://www.facebook.com/groups/axomiyakothabotora/permalink/400460740006428/?notif_t=like

Monday, June 11, 2012

-বেশ্যা- (কথা কবিতা)

মোৰ প্রেমত তুমি পাগল।

বুজি পোৱা হোৱাৰ পৰাই মোৰ কাৰণে বলিয়া তুমি।
লোকৰ হাতত মোক দেখিলে জ্বলা।
মোক পাবলৈ তুমি মাৰিবও পাৰা, মৰিবও পাৰা।
মানুহৰ পৰা পশু হবলৈ লাগে এপলক।
মোৰ খাতিৰত তুমি এৰিব পাৰা মা-পিতাই, ভাই-ভনী সংসাৰৰ সকলো।
মোৰ বৰ ভাল লাগে এই বলীয়ালি।
যদিও মোৰ হাজাৰ প্রেমিক তথাপি মোক সাৱতি তুমি কৰিব বিচাৰা দিন-ৰাতি বিলীন।

মোৰ যে তুমি পাগল প্রেমী।

কিন্তু এটা কথা ভালকৈ জানি থবা মোৰ ৰ'মিঅ,
তোমাৰ জুলিয়েট যে "বেশ্যা"

মই যে "বেশ্যা"

এনেদৰে ভালপোৱাৰ আগতে ভালকৈ জানি লবা মোৰ চৰিত্র। পিছত মোক নোদোষিবা।
সকলোৰে হাতৰ উঁম পিটপিটাই ফুৰে মোৰ দেহাত। 

মই চিৰযৌবনা। মানুহৰ চৰিত্র নষ্ট কৰি ভাল পাঁও মই।

তোমাকো নষ্ট কৰিম।

বেশ্যাৰ প্রেমত কিন্তু এনেকৈ মতলীয়া ন'হবা।
শুকাব ধৰা দেহা জীণ গ'লে একো নাপাবা।

টকলা প্রেমিকটো এতিয়াও লিপিট খাই আছে দেহাত, এৰাব নোৱাৰা মায়া....

পৃথিবী মোৰ নিশাৰ আলহী

মই যে "বেশ্যা"...



-ৰক্তিম-
জুন ১১/ ১২
বাংগালুৰু



Prostitute

You are madly in love with me.
Since the first day you came to know me, you love me..
You burn with jealousy when you see me with others
You can kill many and you can die to get me
You can be an animal for me
You can leave the world behind just to be with me

I like your madness
Even though I have got thousands of admirers,
Still you want to embrace me and forget everything else

You are a mad lover

But know one thing very well my Romeo
That your Juliet is a prostitute

I am a prostitute

Before you love me so deeply, know my character
Please don’t blame me afterwards

Everyone keeps fondling my slender body
But I am forever young
I like destroying characters of people
I will destroy yours too my lover

Don’t be so mad in loving a prostitute
You won’t get anything when this thin body of mine dries up

The bald lover is still holding my body tight
The world is my guest of the night


_____________________________________________________________________________________________


(English version is translated by Rajib Ranjan Nath)
https://www.facebook.com/rajib.ranjan)




https://www.facebook.com/groups/axomiyakothabotora/permalink/398195770232925/?notif_t=like
চিত্র উৎস:http://www.oknation.net/blog/narisza/gallery/32239